সঁচাই ছিংগাপুৰত গ্ৰেপ্তাৰ হ'ল নেকি শ্যামকানু? মঙলবাৰে ৰাওনা হ'ব চি আই ডি দল...

অৱশ্যে এতিয়ালৈকে এই খবৰ কিমান সঠিক সেই বিষয়ে জানিব পৰা হোৱা নাই। অসম আৰক্ষী, মুখ্যমন্ত্ৰী অথবা আন কোনো কৰ্তৃত্বশীল পক্ষই এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।

author-image
Asomiya Pratidin
New Update
web ap kanu

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ দিনটোতে আহিছে এটা ডাঙৰ খবৰ। ছিংগাপুৰত আটক হৈছে শ্যামকানু মহন্ত!নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ দাবীৰে ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আজি হঠাৎ আহিছে এই খবৰ। 

অৱশ্যে এতিয়ালৈকে এই খবৰ কিমান সঠিক সেই বিষয়ে জানিব পৰা হোৱা নাই। অসম আৰক্ষী, মুখ্যমন্ত্ৰী অথবা আন কোনো কৰ্তৃত্বশীল পক্ষই এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।

তাৰ পাছতো একাধিক সংবাদ মাধ্যম আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিয়ে এই খবৰ প্ৰকাশ কৰিছে। অৱশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰৰ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। তেওঁ উল্লেখ কৰিছে আগন্তুক দুই, তিনিটা দিন অতি গুৰুত্বপূৰ্ণ হ'ব। অভিযুক্ত সিদ্ধাৰ্থ, শ্যামকানুৱে আত্মসমৰ্পণ নকৰিলে তেওঁলোকক ধৰি আনিবই লাগিব।

ইফালে শ্যামকানুক গ্ৰেপ্তাৰৰ বাবে মঙলবাৰে ছিংগাপুৰলৈ যোৱাৰ কথা আছে অসম আৰক্ষীৰ চি আই ডিৰ এটা দল। আনহাতে সিদ্ধাৰ্থ শৰ্মাই দিল্লী এৰি অন্য এখন ৰাজ্যত আশ্ৰয় গ্ৰহণ কৰাৰ নিশ্চিত তথ্য লাভ কৰিছে এছ আই টিয়ে। 

ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শ্যামাকনু মহন্তক গ্ৰেপ্তাৰৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ফেচবুক পোষ্ট দিছে। এই পোষ্টত তেওঁ লিখিছে- ‘আমাৰ মৰমৰ জুবিনৰ দুৰ্ভাগ্যজনক বিয়োগৰ পৰিপ্ৰেক্ষিতত ছিংগাপুৰৰ সৈতে পাৰস্পৰিক আইনী সহায়তা চুক্তি (এম এল এ টি)ৰ আহ্বান কৰিবলৈ ইতিমধ্যে অসম চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ক আনুষ্ঠানিকভাৱে আবেদন জনাইছে। এবাৰ আহ্বানৰ পাছত ই আমাক সম্পূৰ্ণ গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত সবিশেষ তথ্য প্ৰদানৰ লগতে অভিযুক্তক ওভতাই অনা আৰু ন্যায় প্ৰদান নিশ্চিত কৰাৰ বাবে ছিংগাপুৰৰ কৰ্তৃপক্ষৰ পৰা সম্পূৰ্ণ সহযোগিতা সুনিশ্চিত কৰিব৷’

মুখ্যমন্ত্ৰীৰ এই ফেচবুক পোষ্ট আৰু মঙলবাৰে ছিংগাপুৰলৈ অসম আৰক্ষীৰ চি আই ডিৰ দল যাবলৈ সাজু হোৱাৰ এই গোটেই প্ৰক্ৰিয়াই অৱশ্যে শ্যামকানু মহন্ত যে ইতিমধ্যে চি আই ডিৰ জাললৈ আহিছে সেয়া প্ৰায় স্পষ্ট হৈছে। অৱশ্যে তেওঁক ছিংগাপুৰ আৰক্ষীয়ে এই মুহূৰ্তত আটক অথবা গ্ৰেপ্তাৰ কৰিছে নে নাই সেয়া সংশ্লিষ্ট কৰ্তৃত্বশীল পক্ষই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলেহে স্পষ্ট হ’ব। 

শ্যামকানু মহন্ত