/asomiyapratidin/media/media_files/2025/10/02/new-ap-web-2-20-2025-10-02-09-36-35.jpg)
ডিজিটেল ডেস্কঃ ১৪ দিনৰ ন্যায়িক জিম্মাত থকা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই এটা নিশা পাৰ কৰিলে চি আই ডিৰ লকআপত। দিল্লীত শ্যামকানুক আৰু গুৰগাঁৱত সিদ্ধাৰ্থ শৰ্মাক আটক কৰি ১ অক্টোবৰৰ পুৱাই গুৱাহাটীত উপস্থিত হোৱাৰ পাছত চি আই ডিয়ে দুয়োকে ১৪ দিনৰ বাবে নিজৰ জিম্মাত লয়।
ৰাজ্যৰ বহু শীৰ্ষ আমোলা, বিষয়া, মন্ত্ৰী, বিধায়কৰ উপৰিও মুখ্যমন্ত্ৰীৰো অতি ঘনিষ্ঠ শ্যামকানুৱে সাধাৰণ অপৰাধীৰ দৰেই লকআপত নিশা পাৰ কৰে। শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্তই হাতত কেইবাটাও টোপোলা লৈ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈছিল যদিও তেওঁ কোনো মন্তব্য কৰা নাছিল।
জানিব পৰা মতে দুয়োকে ঘৰুৱা খাদ্যও খাবলৈ দিয়া হোৱা নাই। আৰক্ষীৰ ফালৰ পৰা যি খাদ্য যোগান ধৰা হৈছে তাকেই খাবলৈ দিয়া হৈছে।
ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজন কৰি ইয়াৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে জুবিনৰ নাম ঘোষণা কৰিও শ্যামকানুৱে জুবিনৰ মৃত্যুৰ পাছতেই নিজকে ৰক্ষা কৰিবলৈ ধাৰাবাহিকভাৱে কেইবাটাও অসত্যৰ আশ্ৰয় লৈছে। জুবিনে স্পষ্টকৈ বন্ধুৰ আগত ছিংগাপুৰলৈ যাবলৈ মন নাই বুলি কোৱাৰ পাছতো একমাত্ৰ শ্যামকানুৰ বাবেই ছিংগাপুৰলৈ যাবলৈ বাধ্য হৈছিল।
তাৰোপৰি শ্যামকানুৱে জুবিনে অনুষ্ঠান পৰিবেশন কৰিব বুলি পূৰ্বেই ৰাজহুৱাকৈ মন্তব্য কৰিছিল। কিন্তু ১৯ ছেপ্তেম্বৰত জুবিনৰ মৃত্যুৰ পাছতে শ্যামকানুৱে জুবিনে ছিংগাপুৰলৈ জিৰণি ল’বলৈ গৈছিল আৰু তেওঁ কেৱল হোটেলহে বুকিং কৰি দিছিল বুলি মন্তব্য কৰি নিজকে ৰক্ষণা বেক্ষণ দিবলৈ অপচেষ্টা কৰিছিল।
এইগৰাকী শ্যামকানুক জুবিনক ছিংগাপুৰলৈ লৈ যোৱাৰ সন্দৰ্ভত চি আই ডিয়ে জেৰা চলাইছে। তাৰোপৰি জুবিনৰ মৃত্যুৰ পাছতে পোহৰলৈ অহা অৰ্থনৈতিক অনিয়মৰ বিষয়বোৰো তদন্তৰ আওঁতালৈ আহিছে। এই বিষয়বোৰৰ সন্দৰ্ভতো চি আই ডিয়ে তেওঁক জেৰা কৰিছে।
ইফালে চি আই ডিৰ লকআপত থকা সিদ্ধাৰ্থকো নিশা জেৰা কৰিছে এছ আই টিয়ে। জুবিনৰ মৃত্যুৰ সময়ত সেই স্থানত উপস্থিত আছিল সিদ্ধাৰ্থ।
১৮ ছেপ্তেম্বৰৰ নিশা সুৰাৰ পাৰ্টি কৰাৰ পাছত ১৯ ছেপ্তেম্বৰত তেওঁক কিয় সাগৰৰ মাজলৈ লৈ যোৱা হৈছিল, ছিজাৰত আক্ৰান্ত জুবিনক কিয় সাগৰত নামিবলৈ দিয়া হৈছিল, সময়মতে ঔষধ দিয়া হৈছিল নে নাই এইবোৰ বিষয়ৰ সন্দৰ্ভত সোধপোছৰ উপৰিও অৰ্থনৈতিক দিশসমূহো আছে। শ্যামকানু আৰু সিদ্ধাৰ্থ এই দুয়োজনকে পৃথকে পৃথকে জেৰা চলোৱা হৈছে।