/asomiyapratidin/media/media_files/2025/09/25/shyamkanu-2025-09-25-09-38-23.jpeg)
ডিজিটেল ডেস্কঃ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বাসগৃহৰ সন্মুখত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে প্ৰশাসনে। পুৱাৰে পৰা মহানগৰীৰ গীতানগৰৰ কাৰ্বি পথৰে যোৱা শ্যামকানু মহন্তৰ বাসগৃহৰ বাহিৰত, কাৰ্বি পথত বৃহৎ পৰিমাণৰ চি আৰ পি এফৰ দল মোতায়েন কৰিছে।
তেওঁৰ বাসগৃহৰ সন্মুখত হ'ব পৰা সাম্ভাব্য অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবেই এই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰক্ষী, চি আৰ পি এফে। ইতিমধ্যে বুধবাৰে দেখা গৈছিল সঞ্জীৱ নাৰায়নৰ সংবাদ মেলৰ সময়ত তেওঁৰ প্ৰতিষ্ঠানৰ বাহিৰত বীৰ লাচিত সেনা, এ জে ৱাই চি পিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
উল্লেখ্য যে, যিকোনো মুহূৰ্তত শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বুধবাৰে নিশাৰে পৰা শ্যামকানু মহন্তৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নানা খবৰ বিয়পি পৰিছে। ইতিমধ্যে শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰুজু হৈ থকা আটাইবোৰ গোচৰ চি আই ডিলৈ হস্তান্তৰ কৰা হৈছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীৰ সুদক্ষ বিষয়াৰ নেতৃত্ব এক বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰিছে। এই এছ আই টিয়েই গোটেই ঘটনাৰ তদন্ত কৰিব।
জানিব পৰা মতে শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ পাছতে জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সোধপোছ কৰিব। ইতিমধ্যে শ্যামকানু মহন্ত আৰু তেওঁ জড়িত হৈ থকা প্ৰতিষ্ঠানক অসমত নিষিদ্ধ কৰাৰ লগতে কোনো ধৰণৰ প্ৰত্যক্ষ, পৰোক্ষ আৰ্থিক অনুদান, বিজ্ঞাপন আদি দিয়াৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে অসম চৰকাৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে এই কথা উল্লেখ কৰিছে। ইয়াৰ লগে লগে এই কথা স্পষ্ট হৈ পৰে যে, ৰাইজে অভিযোগ কৰাৰ দৰেই চৰকাৰো পতিয়ন গৈছে জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত শ্যামকানু মহন্তৰ দায়িত্বহীনতাও যে এক অন্যতম কাৰন।