/asomiyapratidin/media/media_files/2025/09/30/new-ap-web-3-1-2025-09-30-14-57-08.jpg)
ডিজিটেল ডেস্কঃ ছিংগাপুৰৰ পৰা শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাত থকা জটিলতা দূৰ হৈছে। ছিংগাপুৰে জুবিন গাৰ্গৰ মৃত্যুক লৈ আইনী প্ৰক্ৰিয়াৰ প্ৰতি সঁহাৰি জনাইছে। অসম চৰকাৰৰ অনুৰোধ মৰ্মে ছিংগাপুৰৰ এটৰ্ণী জেনেৰললৈ পত্ৰ প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে।
আজি এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ফেচবুকত উল্লেখ কৰা মতে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰণালয়ে আনুষ্ঠানিকভাৱে পাৰস্পৰিক আইনী সহায়তা চুুক্তি চমুকৈ এম এল এ টি আহ্বান কৰিছে।
ফেচবুকত কি লিখিছে হিমন্ত বিশ্ব শৰ্মাই?
''আমাৰ মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীয়ে দাখিল কৰা এফ আই আৰৰ সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে এতিয়া আনুষ্ঠানিকভাৱে পাৰস্পৰিক আইনী সহায়তা চুক্তি (এম এল এ টি) আহ্বান কৰিছে।''
The Ministry of Home Affairs has now formally invoked the Mutual Legal Assistance Treaty (MLAT) in connection with the FIR lodged by Assam Police regarding the unfortunate demise of our beloved Zubeen.
ফেচবুকৰ একাউণ্ট ডিএক্টিভ শ্যামকানুৰ
আজি হঠাৎ নিজৰ ফেচবুক একাউণ্ট ডিএক্টিভ কৰিলে শ্যামকানু মহন্তই। এই ফেচবুক একাউণ্টৰ পৰাই প্ৰথমে এখন ৰচনা লিখি নিজকে ধোঁৱা-তুলসীৰ পাত সজাইছিল শ্যামকানুৱে। তাৰ পাছত এটা ভিডিঅ' আপলোড কৰি জুবিনৰ মৃত্যুৰ সন্দৰ্ভত আত্মপক্ষক সমৰ্থন কৰি এই ঘটনাৰে তেওঁ জড়িত নহয় বুলি উল্লেখ কৰিছিল।
২৯ ছেপ্টেম্বৰত তেওঁ এই একাউণ্টৰ পৰাই সোনকালেই অসমলৈ আহি এছ আই টিক তদন্ত প্ৰক্ৰিয়াত সহায় কৰিব বুলি জনাইছিল। কিন্তু তাৰ এদিন পাছতেই আদি হঠাৎ শ্যামাকানু মহন্তৰ ফেচবুক একাউণ্ট ডিএক্টিভ হোৱা বিষয়টো যথেষ্ট লক্ষ্যণীয়।
শ্যামকানু মহন্তৰ ২৯ ছেপ্তেম্বৰৰ ফেচবুক পোষ্ট
'শ্ৰদ্ধাৰ ৰাইজ। মই আহি আছো সোনকালে, ইতিমধ্যে পুলিচক জনাইছো। চৰকাৰ প্ৰশাসনক সম্পুৰ্ণ ৰূপে সহযোগিতা কৰিম। মোৰ লুকুৱাবলৈ একো নাই। এছ আইটি এ সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম। অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক, তন্ন তন্ন কৈ সকলো দিশ, সকলো কথা অনুসন্ধান হওক, ৰাইজৰ হিয়াৰ আমঠু, মোৰ অতি মৰমৰ জুবিনৰ মৃত্যুৰ লগত জড়িত সকলোখিনি কথা ভালদৰে ওলাই পৰক তাকে কামনা কৰিম।'
শ্যামকানু মহন্তই ৰাজ্যৰ মুখ্যমন্ত্ৰী, তেওঁৰ পৰিয়াল, মন্ত্ৰী, বিধায়ক, শীৰ্ষ আমোলা, সম্পাদক, সাংবাদিক, বুদ্ধিজীৱি, গায়ক, গায়িকাকে ধৰি বহু গণ্যমান্য ব্যক্তিৰ সৈতে বিভিন্ন সময়ত উঠা ফটো এই একাউণ্টৰ জৰিয়তে নিজকে কিমান প্ৰভাৱশালী সেয়া প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আহিছিল। জুবিনৰ মৃত্যুৰ পাছতে তেওঁৰ এই একাউণ্টৰ পৰাই বহুতে সেই ফটোসমূহ সংগ্ৰহ কৰি সামাজিক মাধ্যমত প্ৰচাৰত লিপ্ত হৈ পৰিছে। এনে পৰিস্থিতিৰ মাজতে শ্যামকানুৰ ফেচবুক একাউণ্ট ডিএক্টিভ হোৱা বিষয়টো যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।