/asomiyapratidin/media/media_files/2025/09/29/web-ap-kanu-1-2025-09-29-18-32-01.jpg)
ডিজিটেল ডেস্কঃ ছিংগাপুৰত শ্যামকানু মহন্তক আটক কৰাৰ খবৰ প্ৰকাশ পোৱাৰ সময়তে ফেচবুকত শ্যামকানু মহন্তৰ বিশেষ ফেচবুক পোষ্ট। এই ফেচবুক পোষ্টৰ জৰিয়তে তেওঁ জনাইছে যে অতি সোনকালেই তেওঁ অসমলৈ আহি আছে। তেওঁ এই কথা আৰক্ষীকো জনাইছে।
তদন্ত প্ৰক্ৰিয়াত চৰকাৰ আৰু প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগিতা কৰিব বুলিও এই ফেচবুক পোষ্টত উল্লেখ কৰিছে শ্যামকানুৱে। তেওঁ আৰু লিখিছে- 'এছ আই টিয়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম।'
উল্লেখ্য যে, কিছু সময়ৰ পূৰ্বে শ্যামকানু মহন্তক ছিংগাপুৰত আটক কৰা বুলি এক খবৰ প্ৰকাশ পাইছিল আৰু মঙলবাৰে অসম আৰক্ষীৰ চি আই ডিৰ এটা দলো ছিংগাপুৰলৈ যোৱাৰ কথা আছিল। তাৰোপৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আগন্তুক দুই, তিনিটা দিন অতি গুৰুত্বপূৰ্ণ হ’ব বুলি উল্লেখ কৰি কৈছিল-যদিহে শ্যামকানু, সিদ্ধাৰ্থই আত্মসমৰ্পণ নকৰে তেন্তে তেওঁলোকক ধৰি অনা হ’ব।
তেওঁলোকক আত্মসমৰ্পণৰ বাবে ইতিমধ্যে ৬ অক্টোবৰৰ সময়ো নিৰ্ধাৰণ কৰি দিছিল। তাৰ মাজতেই আজি শ্যামকানু মহন্তই এইদৰে আত্মসমৰ্পণৰ কথা উল্লেখ কৰা বিষয়টো অতি গুৰুত্বপূৰ্ণ। অৱশ্যে এতিয়ালৈকে কোনো খবৰ নাই সিদ্ধাৰ্থ শৰ্মাৰ।
শ্যামকানু মহন্তৰ ফেচবুক পোষ্ট
'শ্ৰদ্ধাৰ ৰাইজ। মই আহি আছো সোনকালে, ইতিমধ্যে পুলিচক জনাইছো। চৰকাৰ প্ৰশাসনক সম্পুৰ্ণ ৰূপে সহযোগিতা কৰিম। মোৰ লুকুৱাবলৈ একো নাই। এছ আইটি এ সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম। অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক, তন্ন তন্ন কৈ সকলো দিশ, সকলো কথা অনুসন্ধান হওক, ৰাইজৰ হিয়াৰ আমঠু, মোৰ অতি মৰমৰ জুবিনৰ মৃত্যুৰ লগত জড়িত সকলোখিনি কথা ভালদৰে ওলাই পৰক তাকে কামনা কৰিম।'