চি আই ডিৰ জিম্মাতে শ্যামকানু মহন্তক ইডিৰ জেৰা...

শ্যামকানু মহন্তক জেৰা ইডিৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে পোহৰলৈ অহা শ্যামকানু মহন্তই সংঘটিত কৰা বিত্তীয় অনিয়ম, কেলেংকাৰী, দুৰ্নীতি আৰু প্ৰৱঞ্চনাৰ দিশসমূহ পোহৰলৈ আহিছিল।

author-image
Tushar Pratim
New Update
ed 07

ডিজিটেল ডেস্কঃ চি আই ডিৰ জিম্মাত থকা শ্যামকানু মহন্তক জেৰা প্ৰৱৰ্তন সঞ্চালকালয় (Enforcement Directorate) চমুকৈ ইডিৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে পোহৰলৈ অহা শ্যামকানু মহন্তই সংঘটিত কৰা বিত্তীয় অনিয়ম, কেলেংকাৰী, দুৰ্নীতি আৰু প্ৰৱঞ্চনাৰ দিশসমূহ পোহৰলৈ আহিছিল। 

শ্যামকানু মহন্তৰ বাসগৃহত অভিযান চলাই চি আই ডিৰ দলে জব্দ কৰিছিল বহু আপত্তিজনক নথি-পত্ৰ আৰু সামগ্ৰী। তাৰ পাছতেই তেওঁ সংঘটিত কৰা অৰ্থনৈতিক কেলেংকাৰীসমূহ এটা এটাকৈ পোহৰলৈ আহিছিল। 

সেই কেলংকাৰীৰ সন্দৰ্ভতে আজি চি আই ডিৰ কাৰ্যালয়ত শ্যামকানু মহন্তক ইডিৰ এটা দলে জেৰা চলাইছে। উল্লেখ্য যে, শ্যামকানু মহন্তক ইডিয়ে জেৰা কৰাৰ সম্ভাৱনা সন্দৰ্ভত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়েও। তাৰোপৰি আয়কৰ বিভাগেও তদন্ত চলোৱাৰ সম্ভাৱনা সন্দৰ্ভত প্ৰকাশ পাইছিল।  

ইতিমধ্যে পোহৰলৈ আহিছে শ্যামকানু মহন্তৰ পূর্বে নন-বেংকিং ফাইনেন্সিয়েল কোম্পানী (এন বি এফ চি)ত চাকৰিৰ সময়ত সংঘটিত কৰা ২০ বছৰতকৈও অধিক পুৰণি আর্থিক অনিয়ম। মহন্তৰ বিৰুদ্ধে আৰ্থিক অপৰাধ আৰু ধন সৰবৰাহৰ জৰিয়তে বিপুল পৰিমাণৰ বেনামী সম্পত্তি আহৰণৰো সুকীয়া তদন্ত আৰম্ভ হৈছে।

উল্লেখ্য যে, যোৱা ২৫ আৰু ২৬ ছেপ্টেম্বৰত চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্তৰ ঘৰত অভিযা চলাই আপত্তিজনক নথি-পত্ৰ আৰু সামগ্ৰী জব্দ কৰিছিল। যাৰ ভিতৰত আছিল একেটা ফাৰ্মৰ নামত একাধিক পেন কাৰ্ড, বিভিন্ন কোম্পানী আৰু চৰকাৰী বিষয়াৰ প্ৰায় ৩০টা ষ্টাম্প-ছীলৰ লগতে কেইবাটাও বেনামী সম্পত্তিৰ সৈতে জড়িত নথি-পত্ৰ।

নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড চমুকৈ নেডফিৰ সহকাৰী মহাপ্ৰবন্ধক হিচাপে কাম কৰি থকাৰ সময়ত শ্যামকানু মহন্তই প্ৰায় ১৪ কোটিৰ বিত্তীয় অনিয়ম সংঘটিত কৰাৰ তথ্যও পোহৰলৈ আহিছে। 

নেডফিৰ সেই বিত্তীয় অনিয়মৰ বিৰুদ্ধে আভ্যন্তৰীণ তদন্ত চলি থকাৰ সময়তে তেওঁ ২০০৪ চনত পদত্যাগ কৰিবলৈ বাধ্য হয় আৰু পাছত ইনফ্ৰাষ্ট্ৰাকচাৰ লিজিং এণ্ড ফাইনেন্সিয়েল চাৰ্ভিচেছ (আইএল এণ্ড এফএছ)ৰ ভাইচ-প্ৰেছিডেন্ট হিচাপে যোগদান কৰিছিল। পিছলৈ তেওঁ সেই চাকৰিও এৰি নিজাকৈ ইভেণ্ট মেনেজমেণ্ট ফাৰ্ম ট্ৰেণ্ড এমএমএছ আৰম্ভ কৰে।

এই ফাৰ্মৰ জৰিয়তে সাংস্কৃতিক দালালি আৰম্ভ কৰি ৰাজ্যৰ প্ৰায় কেইটা চৰকাৰী বিভাগৰ পৰাই বহু ধন সংগ্ৰহ কৰে। অসমৰ সংস্কৃতি, পৰ্যটন উদ্যোগক প্ৰসাৰ কৰাৰ লগতে উদ্যমী ক্ষেত্ৰৰ বিকাশৰ নামত তেওঁ এই ফাৰ্মৰ জৰিয়তেই ফেষ্টিভেল পাতি লুণ্ঠন কৰি আহিছিল। এই গোটেইবোৰ বিষয়েই এতিয়া ইডিৰ তদন্তৰ আওঁতালৈ অহাৰ সম্ভাৱনা প্ৰৱল। 

চি আই ডি ইডি শ্যামকানু মহন্ত