/asomiyapratidin/media/media_files/2025/09/20/whatsapp-image-2025-09-20-11-10-06.jpeg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিব ৰাজ্য চৰকাৰে। অৱশেষত সৰুসজাই ষ্টেডিয়ামত এই কথা জনালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই তদন্তৰ আওতালৈ অনা হ’ব শ্যামকানু মহন্তক। লগতে তদন্তৰ আওতালৈ অনা হ’ব মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকো।
উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পাছতে সামাজিক মাধ্যমত শ্যামকানু মহন্তক লৈ হৈছিল ব্যাপক চৰ্চা। আনকি ৰাজ্যৰ কেইবাটাও প্ৰান্তত তেওঁৰ বিৰুদ্ধে দাখিল হৈছিল এজাহাৰ। লগতে সাঙোৰ খাইছিল জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নাম। জুবিনে পানীত সাঁতোৰাৰ সময়ত জুবিনৰ সৈতে আছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। দুৰ্ঘটনাৰ সময়ত জুবিনৰ সৈতে থকা লোকসকলো আহিব তদন্তৰ আওতালৈ।
ইফালে, সৰুসজাইত উপস্থিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক্স হেণ্ডেলৰ জৰিয়তে জনাইছে ছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। তাৰোপৰি ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত সংগী দল শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ হাতত নশ্বৰ দেহ অৰ্পণ কৰা হৈছে।