/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/EC9jTokUwAA2qDu.png)
ডিজিটেল ডেস্কঃ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপৰ মহিলা শাখাত স্বৰ্ণ পদক অৰ্জন কৰি দেশবাসীক গৌৰাৱান্বিত কৰা পি ভি সিন্ধুৱে মঙলবাৰে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সোণৰ পদক লাভ কৰা এইগৰাকী খেলুৱৈক শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰীৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰি কিৰেণ ৰিজিজু।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EC9jTolU4AASNK0.png)
উল্লেখ্য যে, ছুইজাৰলেণ্ডৰ বাছেলত অনুষ্ঠিত এই চেম্পিয়নশ্বীপৰ ফাইনেলত সিন্ধুৱে জাপানৰ নজোমী অকহাৰাক পৰাস্ত কৰে। ফাইনেল খেলখনত ২১-৭, ২১-৭ৰ ব্যৱধানত জাপানৰ খেলুৱৈগৰাকীক পৰাস্ত কৰি সিন্ধুৱে আজুৰি আনে সোণ। উল্লেখ্য যে, ২০১৭ আৰু ২০১৮চনত বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপত পি ভি সিন্ধুৱে লাভ কৰিছিল ৰূপৰ পদক।
#WATCH: Shuttler PV Sindhu meets PM Narendra Modi in Delhi; Sindhu won a gold medal at the BWF World Championships on August 25. pic.twitter.com/RYR1hAWswL
— ANI (@ANI) August 27, 2019
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সিন্ধুসহ তোলা ফটো টুইটাৰত মঙলবাৰে শ্বেয়াৰ কৰে। ফটো কেইখনৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে- 'ভাৰতৰ গৌৰৱ। এইগৰাকী চেম্পিয়নে দেশৰ বাবে সোণৰ পদক আজুৰি আনিলে। তেওঁ ভৱিষ্যতে আৰু অধিক সফল হওঁক। তেওঁক লগ পাই মই সুখী হ'লো।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EC9jTolUYAIqnZP.png)