/asomiyapratidin/media/media_files/2025/10/27/1-2025-10-27-19-41-43.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ: বীৰ লাচিত সেনাৰ মুখ্য সচিৱ ৰন্টু পানীফুকনক গুৱাহাটীত সংবাদমেল সম্বোধন কৰি থকা অৱস্থাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে শিৱসাগৰৰ নিজ বাসগৃহৰ পৰা শৃংখল চলিহাই এখন সংবাদমেল সম্বোধন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/27/whatsapp-ima-2025-10-27-19-43-25.jpeg)
শৃংখল চলিহাই ৰন্টু পানীফুকনৰ গ্ৰেপ্তাৰ কৰাক লৈ সৰৱ হৈ পৰে। পানীফুকনৰ লগতে উৎপল অসম আৰু তন্ময় ফুকনক কিয় গ্ৰেপ্তাৰ কৰা হ'ল সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে শৃংখল চলিহাই।
চৰকাৰে অনতিপলমে এই সকলক মুকলি কৰি নিদিলে কাইলৈৰ পৰা জংগী আন্দোলন কৰাৰ ভাবুকি দিয়ে শৃংখল চলিহাই। লগতে বিকাশ অসমৰ বিৰুদ্ধে অহা অভিযোগলৈ লক্ষ্য ৰাখি বিকাশ অসমক তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ সকলো বিষয়বাব আৰু প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি দিয়া হৈছে বুলি চলিহাই ঘোষণা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/27/whatsapp-image-20-2025-10-27-19-43-45.jpeg)
বীৰ লাচিত সেনাৰ একাংশ সদস্যক ডকাইতিৰ গোচৰত জড়িত কৰি গ্ৰেপ্তাৰ কৰাকলৈ কেইটামান প্ৰশ্ন উত্থাপন কৰে শৃংখল চলিহাই। তেওঁ কয় অপৰাধৰ লগত জড়িত কেইজন বীৰ লাচিত সেনাৰ সদস্য হয় নে নহয়, সেইটো প্ৰমাণ কৰক। যদি কোনোবা বীৰ লাচিত সেনাৰ সদস্য হয় ব্যৱস্থা লওঁক কব লগা নাই।
আনহাতে বীৰ লাচিত সেনাৰ সত্বাক উৎখাত কৰিবলৈ যদি চৰকাৰে এইদৰে উঠি-পৰি লাগে তেন্তে এতিয়া মিঞা আৰু অনাঅসমীয়াই চল পাব। কিয়নো এনে অনাঅসমীয়াই উভতগোৰে নাচিবলৈ ভয় কৰে কেৱল বীৰ লাচিত সেনাৰ বাবে।
সেইদৰে আজি একাংশ সংবাদ মাধ্যমৰ প্ৰতিও ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয় যে একাংশ সংবাদ মাধ্যমে আমাক বিচাৰৰ অবিহনে দোষী বুলি ঘোষণা কৰে। কিন্তু যেতিয়া আমি দোষমুক্ত হওঁ তেতিয়া তেওঁলোক মৌন হৈ থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/27/whatsapp-image-2-2025-10-27-19-43-59.jpeg)
বীৰ লাচিত সেনাক আক্ৰমণৰ লক্ষ্য কৰি লোৱাতো সম্পূৰ্ণ ৰাজনৈতিক।শাসকীয়-বিৰোধী সকলো দলে আমাক লৈ ভয় কৰে বাবেই আমাক উৎখাত কৰাৰ চেষ্টা কৰিছে। কিয়নো কোনো কোনো ৰাজনৈতিক দল যেনেকৈ বঙালীৰ বাবে দায়বদ্ধ ঠিক তেনেকৈ কোনো দল মিঞাক লৈ দায়বদ্ধ আৰু কোনো বণিয়াক লৈ দায়বদ্ধ।কিন্তু বীৰ লাচিত সেনা কেৱল অসম আৰু অসমীয়াক লৈ দায়বদ্ধ।যাৰ বাবে চৰকাৰৰ আমাৰ প্ৰতি ভয়ত আছে।
শৃংখল চলিহাই আজি ৰাজনৈতিক চক্ৰান্তৰ বলি হৈছে বুলি দোহাৰি কয় অসমত এতিয়া এখন মহাভাৰতৰ যোদ্ধৰ সূচনা হৈছে ৷ কিন্তু শকুণি কোন তাকে চিনি পোৱা নাই।দুদিনমান আগত মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত সেনাৰ সকলো সৈনিকৰ গাত লাচিতৰ তেজ বৈ আছে কৈছিল ৷ সেই মুখ্যমন্ত্ৰীয়ে আজি বীৰ লাচিত সেনাক নিষিদ্ধ কৰিবলৈ গৈ আছে।এতিয়া এই বিপৰীত স্থিতিৰ বাবে দায়বদ্ধ মুখ্যমন্ত্ৰী,তেওঁ উত্তৰ দিয়ক বুলি সংবাদ মেলত উল্লেখ কৰে।
যদি আজি গ্ৰেপ্তাৰ কৰা নেতৃত্বক কাইলৈ ভিতৰত মুকলি কৰি নিদিয়ে তেন্তে ৰাজপথ উত্তাল কৰিব বীৰ লাচিত সেনাই।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us