/asomiyapratidin/media/media_files/2025/10/20/fgsdfdsfsd-2025-10-20-17-39-39.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ সীমান্তত অবৈধঅনুপ্ৰবেশকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। দুদিন পূৰ্বে কাছাৰ জিলাৰ কাটিগৰাত আটক হোৱা ১৮ গৰাকী বাংলাদেশী ৰোহিংগাক আজি বাংলাদেশলৈ উভতাই পঠিয়াই দিয়া হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/20/whatsapp-image-202-2025-10-20-17-37-21.jpeg)
ৰোহিংগীয়া কেইজনক শ্ৰীভূমি জিলাৰে সীমান্ত পাৰ কৰি বাংলাদেশলৈ উভতাই পঠিওৱা হয়। ৰোহিংগা কেইজনৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই কয় যে দীপাৱলীৰ সময়তো অসম আৰক্ষীৰ সতৰ্কতা আৰু সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগিতাত অনুপ্ৰৱেশ ৰোধৰ যাত্ৰা অব্যাহত আছে ৷ ইয়াৰ ফলশ্ৰুতিত আজি ১৮ ৰহিংগাক আটক কৰি শ্ৰীভূমি জিলাৰ পৰা সীমান্তৰ সিপাৰলৈ ওভতাই পঠোৱা হয়৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us