তেওঁৰ সৈতে কাম কৰাৰ সৌভাগ্য মোৰ জীৱনৰ এক মহান অভিজ্ঞতা হৈ থাকিব- শ্ৰেয়া ঘোষাল

বলিউডৰ প্ৰখ্যাত সংগীত শিল্পী শ্ৰেয়া ঘোষালে তেওঁৰ ইনষ্টাগ্ৰামৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰি এই খবৰে তেওঁৰ হৃদয় ভাঙি পেলাইছে বুলি উল্লেখ কৰিছে। 

author-image
Tushar Pratim
New Update
SHREYA GHOSAL 20

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰিছে বলিউডকো। বলিউডৰ প্ৰখ্যাত সংগীত শিল্পী শ্ৰেয়া ঘোষালে তেওঁৰ ইনষ্টাগ্ৰামৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰি এই খবৰে তেওঁৰ হৃদয় ভাঙি পেলাইছে বুলি উল্লেখ কৰিছে। 

জুবিন গাৰ্গক দেশৰ আইকন আখ্যা দি তেওঁক মেগাষ্টাৰ আৰু এজন সুন্দৰ মানুহ আছিল বুলিও উল্লেখ কৰিছে। জুবিনৰ শিল্প শৈলী, তেওঁৰ কণ্ঠৰ প্ৰতি সদায় অনুৰাগী আছিলো বুলি উল্লেখ কৰি শ্ৰেয়া ঘোষালে আৰু কয় কিছু অসমীয়া আইকনিক গানৰ সৈতে তেওঁৰ সৈতে কাম কৰাৰ সৌভাগ্য মোৰ জীৱনৰ এক মহান অভিজ্ঞতা হৈ থাকিব। 

জুবিন গাৰ্গ জুবিন