/asomiyapratidin/media/media_files/2025/08/24/cfdfdfdf-2025-08-24-10-55-18.jpg)
ডিজিটেল সংবাদ, শ্ৰীভূমিঃ শ্ৰীভূমিত অব্যাহত আছে নিচাযুক্ত সামগ্ৰীৰ অবাধ বেহা। শনিবাৰে নিশা বদৰপুৰ আৰক্ষী থানাৰ অ’ চি উত্তম অধিকাৰীৰ নেতৃত্বত চলা এক অভিযানত বদৰপুৰৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গৰকাপান অঞ্চলত এখন পৰিত্যক্ত ট্ৰেভেলাৰৰ পৰা য়াবা টেবলেট জব্দ কৰে। আৰক্ষীয়ে লগতে হাতে-লোটে আটক কৰে গাড়ীৰ মালিক শ্বামীম আহমেদক। জব্দকৃত বাহনখনৰ নম্বৰ এ এছ ১১বি চি ১২৯৬।
ইফালে জব্দ কৰা য়াবা টেবলেট খিনিৰ ওজন প্ৰায় ডেৰ কিলোগ্ৰাম, যাৰ বজাৰ মূল্য ২ কোটি টকা বুলি ধাৰণা কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰু অধিক তথ্যৰ বাবে বদৰপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আনহাতে ধৃত ট্ৰেভেলাৰৰৰ মালিক ছামিম আহমেদ ওৰফে সাজুক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/24/whatsapp-image-2025-08-24-10-55-48.jpeg)
উল্লেখযোগ্য যে, বদৰপুৰ থানা এলেকাৰ গড়খাপান গাঁৱত ধৃত ছামিম আহমেদৰ ঘৰ। ইফালে, ঘটনাৰ লগত জড়িত তিনিজন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও তদন্তৰ স্বাৰ্থত কোনোধৰণৰ তথ্য সদৰি কৰা নাই বদৰপুৰ আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us