ৰে’ল যাত্ৰী সাৱধান! এতিয়াৰে পৰা মোবাইলত দেখালে নহ’ব টিকট...

বিশেষকৈ উত্তৰ-পশ্চিম ৰে’লৱেৰ জয়পুৰ সংমণ্ডলত এনে বৃহৎ জালিয়াতি ধৰা পৰাৰ পাছতে ৰে’ল বিভাগে এই ব্যৱস্থাটো বন্ধ কৰাৰ সিদ্ধান্ত লয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ   ভাৰতীয় ৰে’লৱেই ডিজিটেল প্ৰৱঞ্চনা আৰু প্ৰযুক্তিৰ অপব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন নিয়ম অনুসৰি, এতিয়াৰে পৰা অসংৰক্ষিত শ্ৰেণীৰ টিকটৰ ক্ষেত্ৰত মোবাইল ফোনত দেখুওৱা ডিজিটেল কপি গ্ৰহণ কৰা নহ’ব।

যাত্ৰীসকলে নিজৰ লগত টিকটৰ প্ৰিন্ট আউট ৰখাটো বাধ্যতামূলক কৰা হৈছে। ৰে’লৱে কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, একাংশ অসাধু যাত্ৰীয়ে মোবাইল এপ আৰু এডিটিং ছফটৱেৰ ব্যৱহাৰ কৰি ভুৱা অসংৰক্ষিত টিকট প্ৰস্তুত কৰি আহিছে। এআই প্ৰযুক্তিৰ সহায়ত নিখুঁতভাৱে প্ৰস্তুত কৰা এনে টিকটবোৰ টিটিই সকলে ধৰা পেলোৱাটো অসম্ভৱ হৈ পৰিছিল।

বিশেষকৈ উত্তৰ-পশ্চিম ৰে’লৱেৰ জয়পুৰ সংমণ্ডলত এনে বৃহৎ জালিয়াতি ধৰা পৰাৰ পাছতে ৰে’ল বিভাগে এই ব্যৱস্থাটো বন্ধ কৰাৰ সিদ্ধান্ত লয়। এই নিয়মটো বিশেষকৈ সেইসকল যাত্ৰীৰ বাবে যিসকলে ইউটিএছ এপ বা কাউণ্টাৰৰ পৰা অসংৰক্ষিত টিকট সংগ্ৰহ কৰে।

 যদি কোনো যাত্ৰীয়ে মোবাইলত টিকটৰ ফটো বা স্ক্ৰীণশ্বট দেখুৱাই, তেন্তে তাক বৈধ বুলি গণ্য কৰা নহ’ব। অৱশ্যে, আইআৰসিটিচি ৰ জৰিয়তে বুক কৰা অনলাইন ই-টিকট আৰু ইয়াৰ সৈতে চৰকাৰী পৰিচয় পত্ৰ থাকিলে পূৰ্বৰ দৰেই যাত্ৰা কৰিব পৰা যাব।

ভাৰতীয় ৰেলৱে