উদাসীন আবেলি

উদাসীন আবেলি

author-image
asomiyapratidin
New Update
আকৌ নতুন প্ৰভাত হ’ব


Advertisment

♦ হোমেন বৰা

কোঠাটোত বহি ৰাহুলৰ সময়বোৰ নাযায় নুপুৱাই যেন লাগে। কিমাননো বহি থাকিব। ফেক্টৰীটোৰ মাল লোডিং-আনলোডিঙৰ হিচাপ কৰিব লাগে সি। পিছে দিনটোৰ বেছিভাগ সময় এনেয়ে কটাব লাগে ফেচবুক-হোৱাটছআপ কৰি । সেইবোৰো আজি-কালি ভাল নলগা হৈছে। তথ্যবোৰ ঠিকেই যোগান ধৰে ইন্টাৰনেটে। কিন্তু তাৰ ভিতৰতো থাকে আন এক পৃথিৱী। ইয়াক বেছিভাগেই ব্যৱহাৰ কৰে সময় কটোৱাৰ আহিলা হিচাপে। কিছুমানে ইয়াৰ সুযোগ লৈ কৰি যাই বহুতো অনৈতিক ক্ৰিয়া কলাপ। তথাপিও সি জানে এই মাধ্যমবোৰ এক বৃহৎ শক্তি। যিয়ে পৃথিৱীৰ ভাৱধাৰা সলনি কৰি দিব পাৰে।

ৰাহুলে এটা বেচৰকাৰী কোম্পানীত কাম কৰে। কোম্পানীটোৱে প্লাষ্টিকৰ পাইপ তৈয়াৰ কৰে। এখন টেবুল, এখন ৰেজিষ্টাৰ বহি আৰু খিৰিকীখন তাৰ এতিয়া সংগী হৈ পৰিছে। সি মাজে মাজে খিৰিকীৰ ফাকেৰে আকাশখন চাব খোজে। বিছাৰি ফুৰে গাৱঁৰ সেউজীয়া পথাৰখন। মৌপিয়া চৰাইজাক, গাভৰু নদীখন আৰু মনত পৰে আপোন ঘৰখনলৈ, মৰমৰ ভন্টীজনীলৈ, মাকৰ অসহায় চকুকেইটালৈ,কাম কৰি কৰি হাৰ নমনা দেহাটোলৈ,সকলোবোৰ মনত পৰে। কিন্তু দেউতাকলৈ সিমান মনত নপৰে। কেনেকুৱা আছিল দেউতাক ? মাথো তাৰ মনত পৰে ঘন দাড়িকোছাত হাত বুলাইছিল সি আৰু সেই বহল চকু জুৰি…

বি.এ পাছ কৰি সি ঘৰতে বহুদিন এনেয়ে আছিল। দুই এটা টিউচন গোটাই লৈছিল। ঘৰখন সিয়েই চলাব লাগে। মাকৰ বয়স হৈ আহিছে। ভনিয়েকো ডাঙৰ হৈ আহিছে। তাৰ সকলো আশা ভৰষা মাথো মাক আৰু ভনীয়েক জনী। চাকৰিও বিচাৰিছে, কিন্তু টকা দিব নোৱাৰিলে ক'তো চাকৰি নাপাই আজিকালি। অসমত তেনেকুৱা সংস্থাপনৰো ব্যৱস্থা নাই। সেয়েহে কিবা কাম বিচাৰি সি লগৰ পৰাগৰ সৈতে হাইদৰাবাদ গুচি আহিল। মাকে বাধা দিছিল ইমান দূৰ যাব নালাগে। সি কৈছিল-

: একো নহয় মা। চিন্তা নকৰিবি। কিবা অসুবিধা হ'লে বৰদেউতা আছেইচোন।

ঘৰৰ ওচৰতে বৰদেউতাক থকা বাবেহে সি ইমান সাহস কৰিছে। সিহত থাকিব লগা হৈছিল এক অস্বাস্থ্যকৰ পৰিবেশত। এটা সৰু কোঠাতে থাকিব লগা হৈছিল ৭-৮ জন মানুহ। লেট্ৰিন-বাথৰুমত মাথো দুটা, ৪০ জন মানুহৰ বাবে। কোমম্পানীটোৱে কৰ্মচাৰী সকল থাকিবৰ বাবে ব্যৱস্থাপনাৰ কোনো গুৰুত্ব দিয়া নাই। মাকে ঘৰৰ পৰা ফোন কৰি যেতিয়া সোধে-

:কেনে আছ সোন?

তাৰ বুকুখন বিষাই যাই। মাথো কৈ উঠে-

:একো চিন্তা নকৰিবি মা ঠিকেই আছো মই।

কেইদিনমান তেনেদৰেই থাকি সি আৰু পৰাগ বেলেগ এটা কোম্পানীলৈ গুচি আহিল। নিজাকৈ ৰুম এটা ভাৰাত লৈ থাকিব ল'লে।এইটো কোম্পানীত প্ৰায় এবছৰ হ'ল। চিকিউৰিটিৰ পোছাকযোৰ পুৰণি হৈছে লাহে লাহে । ভবা নাছিল সি এদিন এনেদৰেই…। কিন্তু সময়ৰ সোঁতত, কৰ্তব্যৰ তাড়নাত জীয়াই থকাৰ স্বাৰ্থত মাতৃভূমিৰ পৰা বহু আঁতৰত আহি সংগ্ৰাম কৰিব লগা হৈছে।

মাজে মাজে ফেচবুকট কিছু পুৰণি ফটো দেখিলে সি নষ্টালজিক হৈ পৰে। চকুহাল সেমেকি উঠে। কিমান যে ধুনীয়া আছিল সময়বোৰ ।উতনুৱা মনটো উৰি গৈ ভুমুকিয়াই কলেজখনত। চকুৰ আগত ভাহি উঠে কলেজখন, কেণ্টিন, ক্লাছৰুম, মৃনাল, অভিজিৎ হতক- দত্ত ছাৰৰ কৌতুহলী কথাবোৰ, অৰ্চনা মেমৰ তত্ত্ব গধুৰ বাখ্যাবোৰ আৰু সেই আকুলতাৰ চকুজুৰি। যাক সি এতিয়াও বিছাৰি ফুৰে। কিনো এনে আছিল সেই চকুজুৰিত। কিন্তু ৰাহুলে বিচাৰি পাইছিল এসাগৰ নীলা। হয়তো মৃদু লাস্যময়ী আছিল তাই। দীঘলীয়া ছুলিটাৰি, এটা চঞ্চলা হাঁহিটোৱে বাৰুকৈয়ে থিতাপি লৈছিল তাৰ হৃদয়ত। কি নাম আছিল তাইৰ। "পাহি"। তাই জুনিয়ৰ আছিল। কলেজ হোষ্টেলত থাকি পঢ়ে। সি তাইৰ কথা লগৰকেইটাৰ আগত ব্যক্ত কৰিছিল। সিহঁতেই এদিন লগ কৰাই দিছিল তাইৰ সৈতে।

এদিন আবেলি ক্লাছৰ শেষত দুয়ো ইউকেলিপ'টাছ জোপাৰ তলত থকা পকী বেঞ্চখনত বহিছিল নীৰবে। সেউজীয়া বননিৰ ওপৰত দুয়ো খালী ভৰি থৈছিল। বহুপৰ দুয়ো মৌন হৈ থকা দেখি ৰাহুলেই মাত লগাইছিল প্ৰথমে-

কেতিয়াবা আবেলিটোকো ভাল লাগে মোক পুৱাৰ দৰে। কিয় জানা?

তাই বননি দৰালৈ চকু থৈ সুধিছিল- কিয়?

কিয়নো কাষত মোৰ সজীৱ হেঁপাহ আছে।

তাই মাথো হাঁহিছিল। সপোনবোৰ আৰু ডাঠ হৈছিল। এদিন হঠাতে পাহিয়ে তাক টানি লৈ আনিছিল কেন্টিনতখনৰ আচুটিয়া টেবুলখনলৈ। আৰু কৈছিল-

মোৰ বিয়া ঠিক হৈছে ৰাহুল। ইলেক্ট্ৰিচিটি অফিচত কাম কৰে তেওঁ। ঘৰৰ সকলোৱে ইতিমধ্যে ঠিক কৰিছেই। তুমি মোক পাহৰি যোৱা ৰাহুল। মই ঘৰৰ কথা পেলাব নোৱাৰো।

:এয়া তুমি কি কৈছা পাহি। মই তোমাক কেতিয়াও পাহৰিব নোৱাৰো। বʼলা আমি পলাই যাওঁ।

:মই নোৱাৰিম ৰাহুল। নোৱাৰিম।

তাই হুক হুকাই কান্দি উঠিল। সপোনৰ শুকুলা ঘোঁৰাটো যেন থমকি ৰৈছিল কিছুপৰ। এদিন ইউকেলিপটাছ জোপাৰ তলত সিহত শেষবাৰৰ বাবে বহিছিল। তাৰ কান্ধত মূৰটো গুজি বহিছিল পাহি বহুপৰ। লিহিৰি আঙুলি কেইটাই জোৰেৰে সাৱটি ধৰিছিল ৰাহুলৰ হাতখন। তাইৰ চুলিটাৰি বতাহত উৰি উৰি ৰাহুলৰ মুখমণ্ডলত পৰিছিল। দুয়ো হৃদয়ৰ স্পন্দন এক হৈ পৰিছিল।

হঠাৎ ফোনটো বাজি উঠিল। ভনীয়েকে ফোন কৰিছে তাক। সি ক'লে-

:অ' ভন্টি ক।