/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/b4af8dd4-b6bc-4ee9-9825-95ce66e8613e.jpg)
♦ নিভা গগৈ
"দুৱাৰখন বন্ধ কৰিব নেলাগে।"
আনদিনাৰ দৰেই বিতুৱে কৰৱীক কৈ উঠিল। কৰৱীয়ে লাহে লাহে নিজৰ বিছনাত শুলেগৈ৷ বিয়া পতাৰ তিনিমাহ পাৰ হোৱাৰ পাছতো কৰৱীক সি নিজৰ কৰি ল'ব পৰা নাই ৷ পত্নীৰ যি অধিকাৰ, মৰম, ভালপোৱা সি দিব পৰা নাই ৷ কথা পাতিলেও সি তাইৰ চকুলৈ নেচাই, বাহিৰলৈ নাইবা দেৱাললৈ চাই কথাখিনি কয়, যি খিনি প্ৰয়োজনীয় ৷ কৰৱীৰ দুচকুত আঁকি লোৱা ডাঠ কাজলত সি ডুবিব পৰা নাই । আন দহগৰাকী নাৰীৰ দৰে সুন্দৰী তাই ৷ কথা বতৰা, ব্যৱহাৰ আৰু আন্তৰিকতাৰেও বিতুক মুহিব পৰা নাই কৰৱীয়ে ৷ কৰৱী টোপনি যোৱা নাই, তাৰ দৰেই বহু নিশালৈ তাই সাৰে থাকে ৷ কেতিয়াবা সাৰ পাই সি শুনে কৰৱীৰ উচুপনি। সি উঠি গৈ কৰৱীৰ চকুলো মচিব পাৰে, দুচকুত আলফুলে দিব পাৰে মৰমৰ চুমা ৷ কিন্তু কিছুমান স্মৃতিয়ে তাক বাধা দি ৰাখে৷ কৰৱীৰ পৰা সেয়েহে আঁতৰি ফুৰে সি৷
পুৱা সি সাৰ পায় মানে কৰৱী গা ধুই উঠে; দুৱাৰৰ কাষৰ দেৱালত ওলমি থকা ৰাধা-কৃষ্ণৰ ফটোখনৰ কাষত জ্বলি থাকে এডাল ধূপ ৷ কোঠাটোত ধূপৰ গোন্ধ আৰু কৰৱীৰ গাৰ পৰা ভাহি আহে চেম্পু-কণ্ডিচনাৰৰ মিশ্ৰিত গোন্ধ ৷ সি আধা মেলা চকুৰে কৰৱীলৈ চায়, তিতি থকা চুলি খিনি তাই গামোচাৰে মচি থাকে ৷ তিতা চুলি লাগি ব্লাউজটো পিঠিত লেপেটি খাই থাকে ৷ হঠাৎ তাই বিতুলৈ চায়, বিতুৱে টোপনিৰ অভিনয় কৰে ৷ সি অনুমান কৰে, কৰৱী যেন লাহে লাহে, অতি সন্তপৰ্ণে তাৰ কাষলৈ আহিছে, তাইৰ তিতা চুলিৰ পানীৰ টোপাল বিতুৰ মুখত ছটিয়াই দিব ৷ কিন্তু তেনে একো নকৰে কৰৱীয়ে। লাহে লাহে কোঠাৰ পৰা ওলাই যায় তাই ৷ কিছু সময় পাছত সি শুনে, মাক আৰু কৰৱীৰ পাকঘৰৰ পৰা বৈ অহা হাঁহিৰ শব্দ ৷ হয়তো কৰৱী সহজ হৈ পৰিছে ধীৰে ধীৰে; প্ৰথমে বিতুৰ পৰা পোৱা আচৰণ আৰু ব্যৱহাৰত তাই মুক হৈ পৰিছিল, মৌন হৈ পৰিছিল তাইৰ হাঁহি থকা দুই ওঁঠ ৷
মাকৰ অভিমান আৰু শাসনৰ বলত সি কৰৱীক বিয়া পাতিবলৈ সন্মতি দিয়ে ৷ বুকুত একচত্ৰী হৈ বহি থকা নীলাঞ্জনাৰ স্মৃতি আৰু মৰমবোৰে জীপাল হৈ থকা মনেৰে কৰৱীক সি বুকুলৈ টানি ল'ব পৰা নাই, দিব পৰা নাই সি পত্নীৰ অধিকাৰ ৷ নীলাঞ্জনাক বুকুত সুমুৱাই সি কিমান যে সপোন ৰচিছিল, কিমান যে কল্পনা কৰিছিল ভৱিষ্যতৰ দিনলৈ ! সকলো যে কৰৱীয়ে শেষ কৰি দিলে নিমিষতে ৷ সেই ক্ৰোধতে সি কৰৱীক আঁকোৱালি ল'ব পৰা নাই, দেহে-মনে ৷
বেংকত চাকৰি কৰে বাবে সি এইকেইদিন ব্যস্ত থাকিব লগীয়া হৈছে, দিনটো টকা পইচাৰ হিচাপ-নিকাচত ব্যস্ত থাকে সি ৷ ব্যস্ততাৰ বাবে সি দিনটো কৰৱী আৰু নীলাঞ্জনাক পাহৰি পেলায়, পাহৰি যায় দুখ-সুখৰ হুমুনিয়াহ ৷ নিশা ১০-১১ বজাত বিতু ঘৰ সোমায় ৷ তেতিয়াও কৰৱী অপেক্ষাত থাকে, আগৰ দৰেই ৷
'কাইলৈ মই ঘৰলৈ যাম, মাৰ অসুখ '
সি চকুদুটা মুদি শুইছিল, তেনেতে কৰৱীয়ে মাত দিয়ে ৷ একো নক'লে সি ৷ প্ৰায় তিনি মাহ হ'ল বিয়া পতা, এদিনো শাহু-শহুৰৰ ঘৰলৈ যোৱা নাই সি, কৰৱীও যোৱা নাই ৷ তাইৰো মন যাব পাৰে, তাইও যে কাৰোবাৰ সন্তান, কাৰোবাৰ মৰমৰ জী ৷ নিজকে তাৰ কঠোৰ যেন অনুভৱ হ'ল, যন্ত্ৰ যেন হৈ পৰিছে সি ৷ উপলব্ধি কৰিছে, সি আচলতে কিমান স্বাৰ্থপৰ ৷ জীৱনত নোপোৱা বোৰকে হিচাপ কৰি কৰি সি যেন মানুহৰ পৰা শিললৈ ৰূপান্তৰিত হৈছে।
পুৱা সাৰ পাই দেখে ৰাধা-কৃষ্ণৰ ফটোখনৰ কাষত জ্বলি শেষ হ'ব ধৰা ধূপডাল ৷ কোঠাটোত বিচৰণ কৰি আছে কৰৱীৰ প্ৰসাধনৰ গোন্ধ৷ মাকৰ ঘৰলৈ যাবৰ বাবে কৰৱী সাজু হৈছে ৷ সঁচাই কৰৱী মাকৰ ঘৰলৈ যাবলৈ উদ্বাউল হৈ পৰিছে ৷
অফিচলৈ যোৱাৰ আগতে সি গাড়ীৰে কৰৱীক লৈ শাহুৱেকৰ ঘৰলৈ যায় ৷ মাকেও বাধা নিদিলে, মাক অকলশৰীয়া হোৱাৰ দুখত জীয়েকক আঁতৰাই ৰাখিব নোৱাৰে ৷ আঠ কিলোমিটাৰ পথটোত দুয়ো নিমাত, মাথো আগলৈ চাই গৈছে তাই ৷ দুয়ো নিজা নিজা ভাৱত ডুব গৈ আছে, বাজি আছে মাথো এটা গজল ৷ গজলৰ সুৰ যেন সিঁহতৰ কাণত পৰা নাই, বহু কথাই যেন জুম বান্ধিছেহি ৷ এসময়ত গৈ কৰৱীৰ ঘৰ পালেগৈ, এৰি অহা সময়ত নুবুজা আকৰ্ষণে টানি ধৰিছিল বিতুক ৷ কৰৱীৰ হাতত কিছু টকা দি সি উভতি আহিছিল। সি অনুমান কৰিছিল, কৰৱীৰ হাতখন যেন কঁপিছিল, কঁপিছিল তাইৰ দুই ওঁঠ ৷ হয়তো ক'ব বিচাৰিছিল কিছু কথা; স্থিৰ হৈ ৰৈ আছিল তাই আৰু তাইৰ চকুহাল৷
প্ৰায় ১১ বজাত সি ঘৰ সোমায় ৷ বন্ধুৰ সৈতে কৰা পাৰ্টিত সি আজি নিচা হোৱাকৈ পানীয় পান কৰিলে ৷ বাৰান্দালৈ আহি সি কলিং বেলত হাত থ'লে। মাক ওলাই আহি দুৱাৰ খুলি দিলে ৷ কৰৱী থাকিলে সি কলিং বেল বজাবৰ প্ৰয়োজন নহয় ৷ গাড়ীৰ শব্দ শুনিয়েই তাই উঠি আহি দুৱাৰ খুলি ৰৈ থাকে৷ কৰৱীৰ অনুপস্থিতিত তাৰ নিজকে বৰ অকলশৰীয়াৰ দৰে লাগিল ৷ গোটেই ঘৰখন যেন নিজান, নিস্তব্ধতাই গ্ৰাস কৰি পেলাইছে ৷ কোঠাৰ ভিতৰত সি অকলে, কৰৱীৰ বিছনালৈ চালে সি, তাই জাপি থোৱা ভাগেই আছে ৷
বিছনাত পৰি সি ভাবিলে, কৰৱীলৈ ফোন কৰিব নেকি এবাৰ ৷ কিন্তু কি বুলি কথা পাতিব ! দিনত আজি সি নীলাঞ্জনাক দেখিছিল বেংকত ৷ কাষত তাইৰ স্বামী ৷ ঘৰত মাক দেউতাকৰ দাবীত তাই বিয়াত বহিছিল, তাই সন্মতি দিছিল ৷ বয়সীয়াল ধনী ব্যৱসায়ীলৈ বিয়া হৈছিল নীলাঞ্জনা; সি ভাবিছিল তাৰ নীলাজনীয়ে তাৰ দৰেই আনক সহজে সাৱতি ল'ব নোৱাৰিব ৷ কিন্তু নীলাঞ্জনাক দেখি তাৰ ভুল ভংগ হ'ল, সি ভৱাৰ দৰে যেন নহয় ৷ নীলাঞ্জনাই আগৰ দৰেই হাঁহি আছে, অলপ শকত হৈছে আগতকৈ ৷ মানুহৰ জুম বোৰৰ বাবে সি বেছি পৰ নীলাঞ্জনাক তাৰ চকুৰে ধৰি ৰাখিব নোৱাৰিলে ৷ সি পুনৰ ব্যস্ত হৈ পৰিল ৷ সেই নীলাঞ্জনাৰ বাবেই সি কৰৱীক আঁতৰাই ৰাখিছে ইমান দিনে, কৰৱীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰাখিছে সি ৷ তাৰ সান্নিধ্যৰে কৰৱীক জীয়াই তুলিব, সি মনতে অংগীকাৰ কৰিলে ৷
কৰৱীৰ ফোন নম্বৰটো উলিয়াই সি বহু পৰ থৰ হৈ থাকিল, এটা সময়ত কৰৱীলৈ ফোন ডায়েল কৰিলে ৷ সিফালৰ পৰা কৰৱীৰ মাত— ঘৰ আহি পালেনে ?
ওম… মা কেনেকুৱা এতিয়া ?
ভাল, শুইছে ৷ ময়ো শোওঁ।
হ'ব, শুৱা তেন্তে ৷
ফোনটো সি কটা নাই, তাইও ৷ সি বুজিলে যে কৰৱী তাৰ ফোনলৈ অপেক্ষা কৰি আছিল ৷ ইমান বিশ্বাস আৰু ধৈৰ্য এই কৰৱীজনীৰ ৷ তাইৰ উশাহ বোৰ বাগৰি আহিছিল, শুনিছিল সি কৰৱীৰ দীঘল উশাহ বোৰ ৷ উশাহবোৰ যেন কঁপি উঠিছিল তাইৰ ৷ সি লাহেকৈ মাত দিলে, "কৰৱী " ৷ কৰৱীয়ে ফোনটো কাটি দিলে, হয়তো অভিমান ৷ এয়া যে তাইৰ অধিকাৰ ৷ তাৰ নিচা ধৰিছিল, শুই পৰিছিল সি ৷ তাৰ মুখেৰে বৈ পৰিছিল অস্পষ্টকৈ মাথোঁ, ক-ৰ-ৱী ৷
পুৱা সাৰ পালে সি, তেতিয়া বেলি উঠিছে মাত্ৰ ৷ সেই পুৱাত নাই ধূপৰ গোন্ধ, কৰৱীৰ গাৰ পৰা অহা চেম্পু-চাবোনৰ গোন্ধ ৷ ঘৰখন নিজান, বাহিৰত চৰাই চিৰিকতিৰ খিচিৰ মিচিৰ মাত ৷ সি হঠাৎ সিদ্ধান্ত ল'লে, কৰৱীক ঘৰলৈ লৈ অনাৰ ৷ এখন্তেকো যেন সি কৰৱীৰ অনুপস্থিতিত থাকিব পৰা নাই ৷ কৰৱী আহিব, চিৰজীৱনলৈ যোৱা নাই, কিন্তু কেতিয়া আহিব ! কৰৱীক তাৰ প্ৰয়োজন হৈছে, ঘৰখনত প্ৰয়োজন হৈছে ৷ সি উঠি গৈ মুখ ধুলে, কাপোৰ সাজ খুলি সি মাকক কৈ গ'ল এফালে যাওঁ বুলি ৷ মাক তেতিয়াও বিছনাতেই ৷
বিতু কৰৱীৰ ঘৰত উপস্থিত হ'ল ৷ সি যোৱাৰ লগে লগে ঘৰখন ব্যস্ত হৈ পৰিল ৷ তাৰ লাজো লাগিল, পুৱাই আহিবলৈ বাৰু কিহে পাইছিল তাক ! শাহুৱেকৰ লগত সি কথা পাতিলে, কৰৱীক তাৰ চকুৰে বিচাৰি ফুৰিলে৷ নাই তাই, কৰৱী এবাৰো ওলাই অহা নাই ৷
'চাহ খাওঁক৷'
হঠাৎ কৰৱীৰ মাতত সি ঘূৰি চালে ৷ হাতত চাহৰ কাপ প্লেট ৷ গাৰ পৰা ভাহি আহিল কৰৱীৰ পৰা অহা সেই চিনাকি গোন্ধ ৷ এই মাত্ৰ গা ধুই আহিছে তাই ৷ মুখত তাইৰ মৃদু হাঁহি, মৰম লগা হাঁহিটো কৰৱীৰ ৷ প্ৰথম দেখিছে সি কৰৱীৰ মুখত ফুটি উঠা হাঁহিটো৷ কপালত ৰঙা বেলি, সেয়াও একমাত্ৰ তাৰ নামতে ৷ ইমান মৰম লগা কৰৱীজনী ৷ তাইৰ হাঁহিত সি লাজ কৰিলে ৷ চাহ খাই সি তাইক ঘৰলৈ নিব অহাৰ কথা ব্যক্ত কৰিলে ৷ তাই নিমাত হৈ পৰিল, হাঁহি থকা ওঁঠ দুটা ম্লান পৰি ৰ'ল ৷
সি ভাবিছিল, তাৰ এষাৰ কথাতেই তাই ঘৰলৈ উভতিব, কিন্তু কৰৱী বিতুৰ লগত নগ'ল ৷ সি অকলেই ঘৰ পালেগৈ ৷ দিনটো অফিচত সি মন বহুৱাব নোৱাৰিলে ৷ কৰৱীক এবাৰ কাষত পাবলৈ সি ব্যাকুল হৈ পৰিল, কিমান যে কথা আছে তাৰ, ক্ষমা খুজিব লগা আছে৷ কৰৱীক সি মৰম দিব, ইমান দিনে কষ্ট দিয়াৰ সকলো মৰম সি কৰৱীক দিব ৷
নিশা ১০ বজাত সি ঘৰ সোমাল, বাৰান্দাত ৰৈ কলিং বেলত হাত থওঁতেই দুৱাৰ খোল খাই, পৰ্দা ঠেলি ওলাই আহে কৰৱী ৷ কৰৱীক দেখি সি সুখী হ'ল, তাৰ কথা তাই নেপেলালে৷ সি হঠাৎ তাইৰ হাতত ধৰিলে, 'কৰৱী তুমি আহিলা ৷' তাই আঁতৰি ভিতৰলৈ সোমায় যায়৷
সি ভাত খাই উঠি শুৱা কোঠাত ৷ কৰৱী এতিয়াও পাকঘৰত ৷ কৰৱীৰ আগমনত আগদিনাৰ দৰে ঘৰখন নিজান নহয় ৷ কৰবীৰ ভৰিৰ পায়েলৰ শব্দ, চাদৰৰ আঁচলৰ বা, হাতৰ খাৰুৰ শব্দবোৰে ঘৰখন জীপাল কৰি তুলিলে ৷ কৰৱী কোঠালৈ সোমাই আহিল আগৰ দৰেই, অলপো সলনি হোৱা নাই কৰৱীজনী ৷ কিন্তু তাইৰ অনুপস্থিতিয়ে এদিনতে বিতুক সলনি কৰিলে, বুজি উঠিল যে কৰৱীয়েই বিতুৰ জীৱনৰ সংগী, আন কোনো নহয় ৷
'দুৱাৰ খন বন্ধ কৰি দিয়া।'
তাৰ মাতত কৰৱী স্থিৰ হৈ পৰিল, বিতুলৈ তাই মৰম লগাকৈ চাই পঠালে ৷ বিতুৱে লাহে লাহে গৈ দুৱাৰ খন বন্ধ কৰি দিলে ৷ কৰৱীৰ হাতত হাত এখন দিলে, তাৰ পাছত সাৱতি ধৰিলে সি কৰৱীক ৷ কৰৱীৰ উশাহবোৰ তেতিয়া তাৰ দেহত লাগি ধৰিছিল, সি অনুমান কৰিলে কৰৱীৰ উশাহবোৰ কঁপি উঠিছে, আগনিশা ফোনত কঁপি উঠাৰ দৰেই৷