বৈষম্য

বৈষম্য

author-image
asomiyapratidin
New Update
মহাভাৰত


Advertisment

♦ নীৰুজা বৰা

চোতালত বায়েকৰ শটো। তাইৰ কোলাত বায়েকৰ কণমানি ছোৱালীজনী। খবৰটো শুনি দৌৰি অহা ককায়েকটোৱে ওচৰ-চুবুৰীয়াক বিচাৰি হাবাথুৰি খাইছে।

মৃতকৰ সত্কাৰ কৰিবলৈ কোনো এজন আগবাঢ়ি অহা নাই…। সকলোৱে আঁতৰৰ পৰাই চাইছে, কাৰণ মৃতক মহাজনৰ পৰিয়ালৰ আৰু তাতোকৈ ডাঙৰ কথা তেওঁলোক উচ্চবৰ্ণৰ। তেওঁলোকেনো কেনেকৈ আগবাঢ়ি আহে। শেষত যেনিবা, একো উপায় নথকাত ককায়েকে হাতযোৰ কৰি মান্তি কৰোৱাত নিম্নবৰ্ণৰ ওচৰ-চুবুৰীয়াই সত্কাৰ কৰিলে।

মহাজনৰ পৰিয়ালটো এটা সময়ৰ নামী আঢ্যৱন্ত, এক প্ৰকাৰ স্থিতিশীল পৰিয়াল। গাঁওখনৰ সকলো বৰ্ণৰ মানুহৰ সৰু-ডাঙৰ সিদ্ধান্ত সেই মহাজনেই লয়। ৰাজেন্দ্ৰ শৰ্মা নামেৰে মহাজন গাঁওখনতেই নহয়, ওচৰ চুবুৰীয়া সকলো গাঁৱৰে নমস্য ব্যক্তি। মহাজন খ্যাত ৰাজেন্দ্ৰ শৰ্মাৰ দুটি ল'ৰা সন্তান হ'ল।

সকলোৰে মুখত বাহ বাহ… কাৰণ বিশাল সম্পত্তিৰ উত্তৰাধিকাৰী দুজন আহিল। কালৰ গতিয়ে, ল'ৰা দুটি ডাঙৰ হ'বলৈ নৌপাওঁতেই, এবাৰ ভৰ বাৰিষা, বানে তাণ্ডৱ চলোৱাৰ দৰে, সুঠাম পুৰুষজনক মহামাৰীয়ে কাঢ়ি নিলে।

দুৰ্যোগবোৰে যেন কোবাল গতিহে ল'লে, মাকে ল'ৰা দুটিক ডাঙৰ কৰিলে হয়, ল'ৰা দুটি আনৰ দৰে সুস্থ সবল নহ'ল। নানান বেজ বেজালি কৰিলে তথাপি একোতে ফল নধৰিল। ইফালে বিয়াৰ উপযুক্ত বয়সো হৈ আহিল, কাম কাজ নকৰা আৰু ক্ষীণকাই শৰীৰটোৰ দৰে ল'ৰা দুটিলৈ, কোনোৱে ছোৱালী নিদিয়ে। তাৰ উপৰি উচ্চ বৰ্ণৰ ছোৱালী বিচাৰি চলাথ। তেনেকৈ দুদিনমান যাওঁতে, ডাঙৰ ল'ৰাটোৱে বাপেকৰ বাট ল'লে।

এনেকৈয়ে ৰথৰ চকৰী তললৈ ঘূৰাৰ দৰেকৈ মহাজনৰ পৰিয়ালটোৰ পূৰ্বৰ অৱস্থাৰ সকলো আভিজাত্য হেৰাই গ'ল। ঘৰখন যেন অথাই সাগৰত ডুবিল। বিবাহৰ উপযুক্ত সৰু ল'ৰাটোক লৈ মাকে কোনোমতে সান্ত্বনা ল'লে।

গাঁৱৰে ইজন-সিজনক কাবৌ-কাকুতি কৰিলে, 'সৰুটোৰ বাবে কলা-বোবা যিয়ে নহওঁক এজনী গোটাই দিবিহক অ', সিয়ে যেতিয়া উপযুক্ত নহয়, সিনো ক'ৰ পৰা সৰ্বগুণী পাব।'

মহাজনৰ ঘৈণীয়েকৰ কথাই এদিন কাম দিলে। সৰু ল'ৰাটোলৈ উচ্চ বৰ্ণৰে, এগৰাকী কাণেৰে নুশুনা ছোৱালীক বিয়া পাতি অনা হ'ল। মাকে সিহঁতক গাঁৱৰ পৰা অলপ আঁতৰাই, চহৰৰ মাটিখিনিত থকা ঘৰখনতে থকাৰ দিহা কৰি দিলে। সময়েও যেন বিধি পঠালি দিলে। পুতেকৰ বিয়াৰ কেইদিনমানৰ পাছতেই মাকেও সিপুৰী পালেগৈ।

ক্ষীণকায় ৰুগীয়া শৰীৰটোৰে মহাজনৰ পুতেক সেই কাণেৰে নুশুনা পত্নীৰ সৈতে প্ৰায় পাঁচবছৰ মান থকাৰ পাছত সিহঁতৰ মাজলৈ কণমানি এজনীৰ আগমন ঘটিল। কিন্তু ছোৱালীৰ মুখ দেখাৰ দুদিন পাছতেই মহাজনৰ সৰু পুতেকো নোহোৱা হ'ল।

খদমদম লগাই থকা মহাজনৰ সেই বিশাল সম্পত্তিৰ উত্তৰাধিকাৰী কেইজন নিমিষতে নোহোৱা হৈ পৰিল। থাকিল মাথোঁ সেই নিষ্পাপ মাক-জীয়েক হাল। অকলে থাকিব নোৱাৰিব বুলিয়ে, মহাজনৰ বোৱাৰীয়েকে, তেওঁৰ বিয়া নিদিয়া মুখেৰে মাতিব নোৱাৰা ভনীয়েকক আনি ল'লে।

হৰিণাৰ মাংসই বৈৰী। সেই অজলা কলা-বোবা বায়েক-ভনীয়েক হালৰ যৌৱনৰ বা লগা শৰীৰটোৰ লোভত গাঁৱৰ ভিন্নজনে দিহা-পৰামৰ্শ দিয়াৰ অচিলাৰে সিহঁতৰ ঘৰলৈ আহিবলৈ ধৰিলে।

কেঁচাআমৰ গোন্ধত মতলীয়া সেই কাপুৰুষ মানুহবোৰে যেতিয়া জানিব পাৰিলে, মহাজনৰ বোৱাৰীয়েক সকলোকে সর্বস্বান্ত কৰা ডাঙৰ ৰোগ বিধ বুকুতে লৈ আছে, লগে লগেই সেই ঘৰখনলৈ আহিবলৈ এৰিলে। কিন্তু বোবা ভনীয়েকৰ কেঁচা মঙহৰ লোভত দুই-এজন তেতিয়াও আহি থকা হ'ল।

তাৰে এজনে বিয়াৰ লোভ দেখুৱাই, ভনীয়েকক সর্বস্বান্ত কৰিলে। তাইৰ গৰ্ভত এটা মাংস পিণ্ডই থিতাপি লোৱা বুলি গম পাই, সকলোৱে মুখ বিকটাবলৈ ল'লে। কিবাকৈ মাংস পিণ্ডটো গৰ্ভতে নোহোৱা কৰিলে। কিন্তু নাৰী সদায় নিঃকিন, তাৰ উপৰি কেও কিছু নথকা, কলা আৰু বোবা নাৰী।

সিহঁতৰ কথা কোনেও নুশুনিলে। গোটেই উচ্চবৰ্ণ জাতিটোৰ পৰা সিহঁতক এঘৰীয়া কৰিলে। এয়াই উচ্চ শিক্ষিত সমাজৰ মানুহৰ বিচাৰ। নিশব্দে সেয়া বায়েক-ভনীয়েকহালে মানি ল'লে।

এই সমাজৰ আগত মাত দিয়া সকল, কেইদিনমানৰ আগত সিহঁত দুজনীৰ মাংসৰ লুভীয়াসকলেই আছিল। তাৰে এজন সেই বোবা ছোৱালীজনীক সর্বস্বান্ত কৰা জনেই, কিন্তু এই কথা সমাজখনে মানি নল'লে।

নিজৰ ককায়েকটোৱে সাধ্য অনুসাৰে ৰুগীয়া ভনীয়েকৰ চিকিৎসা কৰিলে যদিও, মহাজনৰ মাটি-বাৰীত হাত নিদিলে। গাঁৱৰ দুই এঘৰে মিছা কথাৰে, সিহঁতৰ খেতি মাটি কেইবিঘা মান দখলো কৰিলে। সেইবোৰলৈ সিহঁতৰ কাণ দিবলৈ সময় নাই, বাৰিষাৰ বানৰ দৰে আহি থকা ন ন বিপদবোৰে সিহঁতৰ পাছ নেৰা হৈছে।

সাত বছৰীয়া ছোৱালীজনী বোবা মাহীয়েকৰ কোলাত এৰি মহাজনৰ বোৱাৰীয়েক সিপুৰী পালেগৈ। সেইদিনাহে ঘটনাটো ঘটিল, শটো সত্কাৰ কৰিবলৈ উচ্চবৰ্ণৰ মানুহ এজনো নাহে, কাৰণ সিহঁতক সমাজত এঘৰীয়া কৰা হৈছে। চহৰৰ ঘৰখনৰ কাষতে থকা ওচৰ-চুবুৰীয়া সকলে আঁতৰৰ পৰা চাইছে, কিন্তু সত্কাৰৰ কাম ভাগ কৰে কেনেকৈ! তেওঁলোক যে নিম্ন বৰ্ণৰ!

বোবা ছোৱালীজনীয়ে ভাগিনীয়েকক কোলাত লৈ আটাহ পৰিছে, ভগৱানক চিন্তিছে, এই বিপদৰ পৰা ৰক্ষা কৰিবলৈ। তাইৰ সেইদিনা উচ্চ শিক্ষিত মানুহৰ ওপৰত খং উঠিছে। তেওঁলোক বাৰু সঁচাই শিক্ষিত নে, আজিৰ সমাজত মুখা পিন্ধা মানুহবোৰক শিক্ষিত বুলি কয় নেকি? কিন্তু তাইৰ দৰে নিৰীহৰ মনলৈ অহা এই প্ৰশ্নৰ উত্তৰ নাই। কাৰণ তাই নাৰী, তাৰ উপৰি সমাজে নাম দিয়া অক্ষম শ্ৰেণীৰ সদস্য।

শেষত ককায়েক আহি, সমাজে নিম্ন বৰ্গ আখ্যা দিয়া ওচৰ-চুবুৰীয়াসকলৰ ওচৰত হাত পাতি, মহাজনৰ বোৱাৰীয়েকৰ সত্কাৰৰ কাম সম্পন্ন কৰিলে। নিম্ন বৰ্ণৰ মানুহেই সেই ভাগ শ্ৰাদ্ধত সহায় কৰি কালৰ সোঁতে নিঃশেষ কৰি পেলোৱা এসময়ৰ জয়জয় ময়ময় অৱস্থাৰ এঘৰীয়া নিথৰুৱা পৰিয়ালটোক উদ্ধাৰ কৰিলে।

ককায়েকে মহাজনৰ সম্পত্তিত হাত নিদি, বোবা ভনীয়েকৰ সৈতে কণমানি ছোৱালীজনীক নিজৰ ঘৰলৈ লৈ গ'ল। এনেদৰেই উচ্চ আৰু নিম্নবৰ্ণৰ বিভেদ বিচাৰি ফুৰা সমাজখনত নিশ্চিহ্ন হৈ পৰিল এটা পৰিয়াল।

 চুটি গল্প প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ হ'লঃ

১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।

২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।

৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।

৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।

৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।

৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।

৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।

৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।

৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।

১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।

১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।

১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।

১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।

১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।

১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।

১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।