/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/golp-editing-design-final.jpg)
♦ ৰাস্না পালক
ওৰে ৰাতি বৰষুণ। টিনৰ চালিখনত বৰষুণ সৰি পৰাৰ শব্দবোৰে জিলমিলৰ এধানি বুকুখন ৰঙীয়াল কৰি তুলিছে। অতদিনে বৰষুণ নোহোৱা পৃথিৱীখনে জীপাল কৰি তুলিছেহি পৃথিৱী। শুকাই কৰ্কৰীয়া লগা গছ-লতিকাবোৰে কিজানি নাচি উঠিব পুৱালৈ। ধূলিয়ৰী পথছোৱা ভিজি কেঁচা মাটিৰ গোন্ধটো উপঙি থাকিব।
হৈছে, হৈছে আগচোতালত পানীৰ পতাত পানী দোঙা বান্ধিছে। মাকে পুৱাতেই এৰি দিয়া হাঁহৰ পোৱালিকেইটাই পাখি জুবুৰিয়াই নাচি আছে। দৌৰি গ'ল তাই পোৱালিকেইটাৰ কাষলৈ। জকমকাই উঠিছে নকৈ গুটি ধৰা নুনিজোপা। পানীৰ টোপালবোৰ কুমলীয়া নুনিগুটিবোৰৰ শুংবোৰত টোপাল হৈ হৈ ওলমি আছে। আস্ বৰষুণজাকে দি যোৱা স্নিগ্ধতা ইমান মোহনীয়া।
সৰিপৰা শিমলুৰ ফুলবোৰ ঠেলি ঠেলি দেউতাকে পদূলি সাৰিছে। বতাহত সৰি পৰা আমৰলি বাহটোৰ পৰা জাক জাক আমৰলি পৰুৱাৰ কান্দোন। ইটোৱে সিটোক কামূৰি নিজৰ মাজত ৰণ। আৰু টোকোৰা চৰাইৰ বাহকেইটা!!আয়ৈ দেহি লঠঙা হৈ পৰিল তামোলকেইজোপা। তামোল গছত ওলমি থকা বাহকেইটা আগৰাতি বতাহ বৰষুণে তেনেই নষ্ট কৰি পেলালে। অদূৰত ৰৈ নিজৰ ভগ্ন ঘৰখন চাই আছে চৰাইকেইটাই। জিলমিলে টোকোৰা চৰাইৰ বাহটো দাঙি ধৰিলে। বান্দৰৰ টুপীৰ আৰ্হিৰ ভিতৰৰ দুটা কুঠৰী যুক্ত চৰাইকেইটাই সাজি লোৱা ঘৰটো ইমান ধুনীয়া !!
: দেউতা, চোৱানা ইমান ধুনীয়া বাহবোৰ।
: টোকোৰা চৰাই সৌন্দৰ্য্য সচেতন চৰাই।
মাকৰো ল'ৰাল'ৰি হয় পুৱাৰ সময়খিনি। সিহঁতকো স্কুললৈ যাবলৈ খোৱাৰ যোগাৰ কৰি লগতে নিজেও সাজু হয়। জিলমিলৰ মাকো শিক্ষয়িত্ৰী। পিছে যাৱতীয় গোটেইখিনি দেউতাকেই কৰে। গাঁৱৰপৰা কিছু দূৰৈত মাকৰ স্কুল। দেউতাক সেই বিদ্যালয়ৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। দেউতাক মাক গুছি যোৱাৰ পিছত জিলমিল আৰু ভায়েক স্কুল পায়গৈ। গাঁৱৰে স্কুল।
জিৰণি পিৰিয়ডত জিলমিলে ভায়েকক দেউতাকে বান্ধি দিয়া টিফিনৰ পৰা কিবা অলপ খুৱাই নিজেও খায়। খেলিবলৈ মন নোযোৱা বাবে সেইদিনা জিলমিল বহি আছিল বাৰাণ্ডাতে। তাই দেখিলে স্কুলৰ চকীদাৰ হৰি খুৰাই কলৰ পাৰত সকলোৱে খোৱা চাহৰ কাপ-প্লেটবোৰ ধুইছেগৈ। কামটো হৰিখুৰাই আগতেও কৰা দেখিছে কিন্তু তাইৰ মন মগজুত ৰেখাপাত কৰিব পৰাকৈ বিশেষ একোৱে প্ৰভাৱ পৰা নাছিল।
: ঘৰতটো মই তোমাৰ স্কুলৰ চকীদাৰ নহয়। সকলোতে তুমি মোক তলৰ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে ব্যৱহাৰ নকৰিবা।
: ক'লে কিয় বেয়া পোৱা। যোগ্যতাৰ ভেটিত মই তোমাতকৈ উচ্চখাপৰ।
: কিয় প্ৰেম কৰিছিলা মোৰ লগত? মনে মনে মোৰ লগত বিয়া পাতিব পৰাকৈ কেনেকৈ সাহস কৰিছিলা? তেতিয়াও মই তোমাৰ চাহ দিয়া, বহতীয়া কৰ্মচাৰী আছিলো। পাৰ্থক্য এটাই বিয়াৰ পিছত মই তোমাক তোমাৰ নিৰ্দেশত তুমি বুলি মাতিবলৈ ল'লো।
: ভুল মোৰ সেইখিনিতেই। অন্ধ হৈ প্ৰেমত পৰিলো যে।
: এতিয়া চকু মুকলি হোৱা বাবে লাজ পোৱা। মই চাহ দিয়াৰ সময়ত সহকৰ্মীৰ সন্মুখত লাজ পোৱাৰ ভয়ত কৌশলেৰে আঁতৰি ফুৰা। কলৰ পাৰত বাচন ধূলে খং কৰা। চৌহদত ঝাৰু মাৰিলে লাজ পোৱা। মোৰ কামেই সেয়া। মই নিম্নবৰ্গৰ কৰ্মচাৰী। কিয় ফাঁকি দিম মই কামত?
মাক-দেউতাকৰ নিত্য নৈমেত্তিক ৰণ এইখন। হ'লেও জিলমিল আৰু ভায়েকে কোনোদিনে মাক-দেউতাকৰপৰ অৱহেলা পোৱা নাই। মাকে পঢ়াৰ ক্ষেত্ৰত সহায় কৰি দিয়াৰ বিপৰীতে দেউতাকে দু্য়োকে কাগজ, পলিথিনৰ ভিন্ন সামগ্ৰী সাজি দিয়ে সিহঁতক। খুব খঙাল মাকৰ বিপৰীতে হাঁহিমুখীয়া দেউতাকৰ লগত আবেলিটো খুব ধুনীয়াকৈ পাৰ কৰে দুয়ো।
আঠবছৰীয়া জিলমিলৰ মন মগজুৱে বিশেষ ঢুকি পোৱা নাছিল মাক-বাপেকৰ কাজিয়াৰ সূত্ৰপাতবোৰ। আজি যেন হৰিকাইৰ কামৰ মাজত তাই দেউতাক মাকৰ অঁৰিয়া-অঁৰিৰ কাৰণ পাই গ'ল।
আনদিনাতকৈ বেছি উৎকন্ঠাৰে জিলমিল আৰু ভায়েক মাক-দেউতাকৰ বাবে ৰৈ থাকিল। আজি জিলমিলে বাহিৰত ৰ'দাই থোৱা কাপোৰ দেউতাকে সামৰি থোৱাৰ দৰেই সামৰি থৈছে। বাচনবোৰ ধুই পেলাইছে অকণি হাতেৰে। ভায়েককো দেউতাকৰ বিষয়ে কিবাকিবি কৈছে।
সৰু-বৰ কামবোৰে মানুহক দিয়া তৃপ্তিৰ সোৱাদ বুজিব পৰাকৈ মগজুৰে পৰিপক্ক নহয় জিলমিল। কিন্তু জিলমিলে জানে, বুজে সিহঁতৰ দেউতাক সিহঁতৰ বাবে পৃথিৱীৰ সকলোতকৈ নিৰ্ভৰযোগ্য আশ্ৰয়। পুৱা মুখ ধুৱাই দিয়াৰপৰা ৰাতি শুৱাৰ পিছত গা মোহাৰি টোপনি যোৱালৈকে। ভাল নালাগে দেউতাকক কটু কথা শুনাই থকা মাকক তাইৰ।
এদিন দেউতাকে আক্ষেপেৰে কৈছিল, "অন্তত ইহঁত দুটাৰ সন্মুখতো তুমি মোক শ্ৰেণীবিভাজন নকৰিবা"। তেতিয়া একো বুজি পোৱা নাছিল তাই। ক'ব আজি দেউতাকক, "দেউতা তুমি মোৰ সৰ্বশ্ৰেষ্ঠ দেউতা। তুমি সততাৰে কৰা কামৰ বাবে তোমাক লৈ আমি কোনোদিন লাজ নাপাওঁ। মা, আমাক মানুহ কৰিবলৈ তোমালোক কেৱল আমাৰ মা-দেউতা হৈ থাকা।"
টিপচী মগজুৰে ক'ৰপৰানো ইমানবোৰ ভাৱিছিল জিলমিলে….!! মনটো ফৰকাল লাগি আহিছিল তাইৰ। দেউতাকৰ হেঁপাহভৰা মুখখনৰ বিমৰ্ষতা দূৰ কৰিবলৈ যে এই আয়োজন!! নঙলা মুখত দেও দি দি ৰৈ থাকিল ভায়েকৰ সৈতে জিলমিল। পশ্চিমলৈ ধাৱিত শেষকণ কিৰণে ৰঙাই থাকিল তাইৰ মন…।
⇒ চুটি গল্প প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ হ'লঃ
১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।
২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।
৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।
৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।
৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।
৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।
৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।
৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।
৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।
১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।
১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।
১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।
১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।
১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।
১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।
১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।