চোতাল

চোতাল

♦ অত্ৰেয়ী গোস্বামী

: আইতা, আমাৰ এইখন কি চোতাল অ'?-কণমানি নাতিনীয়েকৰ দাঁত ভঙা প্ৰশ্নই বৃদ্ধাক বিমোৰত পেলায়৷

: কি চোতাল মানে? চোতালখনে আকৌ তোক কি জগৰ লগালে মাই?- কেতিয়াবা বেছিকৈ মৰম লাগিলে আইতাকে তাইক মাই বুলি মাতে৷

: নহয় মানে তোমালোকে আগফালৰ ঠাইখিনিক আগচোতাল বুলি কোৱা, পিছফালৰখিনিক পিছচোতাল বুলি কোৱা৷ এইখন দেখোন আগফালো নহয় পিছফালো নহয়৷

কণমানি ছোৱালীজনীৰ কথা শুনি চোতাল সাৰি থকা আইতাকে বাঢ়নীডাল ভঁৰালৰ গাধৈৰ তলতে থৈ তাইৰ কাষলৈ আহিল৷ তাই তেতিয়া দেউতাকে আনি দিয়া পুতলা এজনীক মাকে চিলাই দিয়া কাপোৰ এসাজ পিন্ধাই কইনাৰ দৰে ৰূপ দিয়াৰ চেষ্টাত ব্যস্ত হৈ আছিল৷ আইতাকে তাইৰ কাষতে বহি চোতালখনলৈ চালে৷ পূবলৈ মানুহজনে সজাই থৈ যোৱা ভঁৰাল ঘৰটো৷

পকী খুঁটা দি মানুহজনে কোন কাহানিবাতে ভোলোকা মিস্ত্ৰীৰ বাপেকৰ হতুৱাই সজাইছিল৷ পুতেকহঁতে এতিয়াও হাত নিদিয়াকৈ চাৰিপুৰা মাটিৰ ধান অনায়াসে থ'ব পাৰে৷ ভঁৰালৰ কাষতে কেইহাতমান আঁতৰত বাওঁফালে কঁঠালজোপা৷ সেইজোপাও তেখেতেই ৰোৱা৷

সোঁফালে অলপ আঁতৰত গোঁসাইঘৰ৷ আগতে সেই ঠাইত নাছিল৷ অলপ পিছলৈ মূল ঘৰৰ গাতে লাগি আছিল পুৰণি কেঁচা গোঁসাইঘৰটো৷ এতিয়া যেনিবা বৰপুতেকে আহল-বহলকৈ সজালে, পকীকৈ৷ নামঘৰৰ দৰে৷ আগলৈ খালী ঠাইখন বাৰী৷ গোঁসাইঘৰৰ টিং চুই থকাকৈ কমলা জোপা৷ কাষতে মধুৰী আম জোপা৷ তেওঁ নিজে ৰোৱা আমলখি জোপাও লহপহীয়া হৈছে৷ বছেৰেকত এটা বা দুটাকৈহে লাগে৷ কাষতে আৰু এজোপা কমলা আছে৷ বাৰীৰ ঢাপত নিৰ্দিষ্ট দূৰে দূৰে সুপৰিকল্পিতভাৱে ৰোৱা সাঁচি গছবোৰ৷ মানুহগৰাকীৰ সত্তৰ বছৰীয়া মনটো পুলকিত হৈ পৰিল৷

: অ' আইতা কি ভাবিছা? একো ন'কলা যে?- কণমানিজনীৰ মিঠা মাতে আইতাকৰ মনটো চোতালৰ পৰা তাইৰ কাষ পোৱালেহি৷

: ব'ল মাই হাত-ভৰি ধুই ল'বি৷ সন্ধিয়া লাগিবই এতিয়া৷ চোতালৰ কথা জুহালত বহি পাতিম৷

আইতাকে তাইক পুখুৰীৰ পাৰলৈ লৈ গ'ল৷ পুখুৰীটো গোঁসাইঘৰৰ কাষতে যদিও আগচোতালতহে পৰে৷ পুখুৰীটোৰ সমান্তৰালকৈ প্ৰকাণ্ড ফুলনিখন৷ এটা পাৰত নাৰিকলজোপা৷ ফুলনিৰ ফালৰ পাৰটোতে তেওঁৰ শহুৰেকে ৰোৱা বিয়াগোম বেলগছজোপা৷ মানুহগৰাকী এক লহমা থমকি ৰ'ল৷ লৰালৰিকৈ পানী এবাল্টি তুলি ছোৱালীজনীক ভৰি-হাত ধুৱাই ভিতৰলৈ পঠিয়াই দিলে৷ তাই মাকৰ ওচৰলৈ দৌৰ মাৰিলে৷ খেলা বস্তুৰে সৈতে পাটি খন নিৰ্দিষ্ট ঠাইত থৈ মাকে ধূনাৰ মলাটো হাতত লওতেই তাই পালেগৈ৷ তাইক গামোছাখন দি ঘোষা এফাঁকি গুণগুণাই মাক আগফাল পালেগৈ৷ তায়ো গ'ল হাত মচি মচি৷ তাই আমনি নকৰে৷ মাকৰ পিছে পিছে ঘূৰি ফুৰে৷

ইপিনে আইতাকে দলঙতে বহি পানী দুবাল্টিমান গাটোত ঢালি গোঁসাইঘৰৰ কাথিতে থকা কাপোৰ সাজ পিন্ধি সন্ধিয়াৰ চাকি গচি জ্বলাই কাকুতি ঘোষা গাই প্ৰাৰ্থনা কৰে৷ তাই কাষতে বহি থাকে৷ আইতাকে বাওঁহাতৰ তলুৱাত সোঁহাতৰ ঠাৰিৰে শলিতা বনোৱাৰ বিশেষ কায়দাটো তাই বৰ সোনকালেই আয়ত্ত কৰি লয়৷ সেইদিনা আইতাকে জুহালত সাধু কওতে সেইখন চোতালক অকল চোতাল বুলিয়েই কৈছিল৷ তাইৰ চিলমিলকৈ টোপনি আহিছিল৷ বুকুত চোতালখন বহুৱাই লৈছিল৷

সেইখন চোতালতে তাইৰ শৈশৱ উমলিছিল৷ সেইখন চোতালতে তাই জীৱনৰ আদিপাঠ শিকিছিল৷ জোনাক নিশা আইতাকৰ কোলাত মূৰ থৈ টোপনি গৈছিল, সেইখন চোতালতে৷ তাইৰ দৰা হোৱা তামোল পুলিটো সেইখন চোতালতে ৰোৱা হৈছিল, বাওঁপিনে ঢাপৰ কাষত৷ আৰু এদিন সেইখন চোতালতে তুলসী পুলি এটা ৰুই শুৱাই দিয়া হৈছিল আইতাকক৷ তাইৰ আবেলিবোৰ নোহোৱা হৈছিল৷ নতুনকৈ কৈশোৰত ভৰি থোৱা ছোৱালীজনীয়ে নিজেই নিজক ফুচুলাইছিল৷ নিজেই নিজৰ সংগী হোৱাৰ কৌশল শিকিছিল৷ শূন্য হোৱা চোতালখন বুকুত সামৰি তাই আগচোতাললৈ ওলাই গৈছিল৷

সময় গৈ থাকিল৷ তায়ো ৰৈ নাথাকিল৷ শৈশৱটো চোতালখনৰ সৈতে কঢ়িয়াই ফুৰিলে আৰু মৰমৰ আইতাকজনী? আইতাকৰ তেজ তাইৰ শিৰাই শিৰাই৷ সেয়াও জানো কম সুখ?

ছোৱালীজনীৰ শৈশৱটো সঁচাকৈয়ে সোণোৱালী আছিল৷ সকলোতে আইতাকৰ পৰশ আছিল৷ মাকৰ সন্তুষ্টি আছিল৷ ঘৰখনৰ তায়েই কেন্দ্ৰ বিন্দু আছিল৷

সময়ৰ লগে লগে তাইৰ জীৱনৰ চকৰীও ঘূৰি থাকিল৷ যৌৱনৰ এশ-এবুৰি সপোনে তাইকো নিচুকাই থকা হ'ল৷ মাক-দেউতাকৰো সপোন এটাই পোখা মেলিলে৷ এদিন সেইখন চোতালতে সকলোৰে হেঁপাহত তাইৰ শিৰত সিহঁতৰ দীঘল পদূলিটো ৰঙাকৈ আঁকি দিয়া হ'ল৷ আগচোতালৰ হোমৰ জুইক সাক্ষী কৰি তাই গোত্ৰ চিঙি আনৰ হ'ল৷

এই যে আগফালৰ চোতালখন, এইখন দেখিলেই তাইৰ শোক এটা উজাই আহে৷ সেইখন চোতাল তাইৰ সকলো সময়ৰ সহচৰ৷ বাৰিষা-খৰালি, গ্ৰীষ্ম অথবা শীত, প্ৰতিটো ঋতুতে চোতালখনে তাইক ধৰি ৰাখিলে৷ তাইক পৰি যাবলৈ নিদিলে৷ শুষ্কতাবোৰ শুহি শুহি তাইক নিস্তেজ হ'বলৈ নিদিলে৷ এদিন সেইখন চোতালতে তাইৰ খুড়াকো শুইছিল৷ নিথৰ হৈ৷ আকৌ এসোপা শূন্যতাই ৰেপি দিছিল তাইৰ ডিঙিত৷ খুড়াকৰ শূন্যতাই তাইক অনেক কথা শিকাইছিল৷ মানুহ চিনিব পৰা হৈছিল৷ নিঃসঙ্গতাক অনুভৱ কৰিছিল৷ ধূসৰিত আবেলিবোৰৰ প্ৰায় চাৰিবছৰৰ পাছত অন্ধকাৰ কোঠালিৰ সন্ধিয়াবোৰ তাইৰ বৰ আপোন হৈ পৰিছিল৷

চোতালখনে সামৰি ল'লে তাইৰ খুড়ীয়েক এজনীকো৷ সামৰি থ'লে তাইৰ চকুপানীবোৰ৷ লুকুৱাই থ'লে তাইৰ আৱেগবোৰ৷ ছোৱালীজনী বয়সতকৈ ডাঙৰ হৈ পৰিল৷ সেই কণমানি ছোৱালীজনী এতিয়া একুৰি পোন্ধৰ বছৰীয়া মহিলা হ'ল৷ উচ্চ পদবীধাৰী সমাজৰ আগশাৰীৰ মানুহবোৰ শিল হয়৷ তায়ো হ'ল৷ ডাঙৰ মানুহে নাকান্দে৷ তায়ো নাকান্দে৷ দৈনন্দিন ব্যস্ততাক ওফৰাই চোতালখন তাইৰ বুকুতে বহি থাকে আৰু শেহতীয়াকৈ তাইৰ মাকজনীকো সামৰি লয়৷ তাইৰ বিয়াৰ হোমৰ জুইকুৰা ধৰা ঠাইখিনিতে মাক শুইছিল৷ চোতালখনৰো হুমুনিয়াহ সৰে৷ শূন্যৰ চোতালত মানুহ এজন নিৰুদ্বেগ হৈ বহি থাকিল৷ পিছচোতালত দৈনন্দিন খুটুং-খাটাংবোৰ চলিয়েই থাকিল৷

তাইক পৰিবলৈ নিদিলে চোতালখনে৷ মাকে কৈছিল, 'তুমি প্ৰথম খোজ কাঢ়োতে ঘৰৰ ভিতৰত ধুপুচ ধাপাচ পৰা৷ চোতালত হ'লে মুঠেই নপৰা।' সেই তেতিয়াৰে পৰা এতিয়ালৈকে, ৰঙা আলিৰ পৰা শেঁতা পৰা আলিটোলৈকে, সকলো সামৰি থ'লে চোতালখনে৷ চোতালখনৰ এমুঠন বালিত তাইৰ উদাসীন সময়বোৰ লুকাই থাকিল৷

⇒ চুটি গল্প প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ হ'লঃ

১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।

২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।

৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।

৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।

৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।

৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।

৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।

৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।

৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।

১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।

১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।

১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।

১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।

১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।

১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।

১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in