এটা দিনৰ শেষত

এটা দিনৰ শেষত

♦ বাব্লী

নতুন ভাড়া ঘৰটোৰ ৰূম কেইটা বন্যাই এফালৰ পৰা চাই গ'ল। ঘৰটো পুৰনা যদিও সকলোবোৰ সুবিধা আছে। সপোনে আগতেই আহি সকলোবোৰ ঠিক কৰি গৈছিল । সোমবাৰে আহা কথা আছিল যদিও কালি হঠাৎ আহিবলগীয়া হোৱাত বন্যাৰ সকলোবোৰ কাম খেলি-মেলি হৈ গ'ল।

শোৱনি কোঠাৰ এটা চুকত থকা এফলীয়া খিৰিকীখনৰ ওচৰত বন্যা ৰৈ গ'ল। খিৰিকীৰ খিলিটোত হাত দিয়ে বন্যাই নাকটো কোচাই পেলালে। গোটেই খন মামৰে খায় শেষ।

কি যে মানুহ ! একো এটা ভালকৈ কৰিব নোৱাৰে। সপোনক মনতে গালি দি দি খিলিটো খুলিব ধৰিলে। বহু দিন হয়টো মেলা নাছিল।
এটা যান্ত্ৰণা কাতৰ শব্দ কৰি খিৰিকীৰ পাল্লা কেইটা কঁপি উঠিল। বন্যাই মামৰে খোৱা ৰ'ড কেইডালৰ ফাঁকেৰে যিমান পাৰি বাহিৰলৈ চাব ধৰিলে। মেটেকাৰে ভৰা এটা পুখুৰী। মাজে মাজে ৰাতিৰ আকাশত জিলিকি উঠা তৰাৰ দৰে গোলপীয়া একোপাহি ভেঁট ফুল। প্ৰকৃতিৰ ৰূপৰ সুধা পান কৰি বিভূৰ হৈ থাকোতে চেঁচা বতাহ এজাকে আলফুলে চুলিখিনি চুমি গ'ল।

ৰৌদ্ৰোজ্জল পুৱাটোৰ চেঁচা বতাহজাকে বন্যাৰ দুচকুত তন্দ্ৰাৰ আবেশ সানি দিলে। তাই লাহেকৈ বিচনাখনত দেহটো এৰি দিলে। হঠাৎ কোনোবাই তাইৰ নাম চিঞৰি দুৱাৰত ঢকিওৱাত খকমককৈ দুৱাৰৰ ওচৰ পালেগৈ। দুৱাৰ মেলি দেখে সপোন।

: অহ! তুমি। ইমান সোনকালে আহিলা যে?

:তোমালৈ মনত পৰিল। এটা দুষ্টালী হাঁহি মাৰি বন্যাৰ ওঁঠযুৰিত চুমা এটা আঁকি দিলে।

সমীৰৰ পৰশত দুটি দেহে জীৱন ৰঙৰ ফাঁকু খেলিছিল। এটা সময়ত বন্যাই সপোনৰ বুকুতে মূৰটো থৈ শুই পৰিল। সপোনৰ আঙুলিবোৰে লাহে লাহে তাইৰ চুলিবোৰ চুই আছিল।

কিমান সময় শুলে বন্যাই নাজানে; বাৰে বাৰে ফোনটো ৰিং হৈ তাইক জগাই দিলে।

: হেল্ল'…

: কি হেল্ল'… কিমান ফোন কৰি আছো তোমাক। দিনটোত তুমি এবাৰ সময় নাপালে নে? মই ৰাতিপুৱাই অফিচৰ কামত ডিব্ৰুগড় আহিলো। আজি যাব নোৱাৰিম। তুমি ভয় কৰিবা নি?

বন্যাই ভয়ে ভয়ে বিচনালৈ চালে। উকা বিচনাখনৰ অৱস্থাই বহু সাঁথৰ মনত থৈ গ'ল আৰু সপোনে ফোনত সিফালৰ পৰা চিঞৰি থাকিল হেল্ল', হেল্ল'…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in