ছিডনী আক্ৰমণৰ শ্বুটাৰ মূলত ছাজিদ আক্ৰাম হায়দৰাবাদৰ

১৪ ডিচেম্বৰত ছিডনীৰ বণ্ডী বিচ্ছত ইহুদী সম্প্ৰদায়ৰ লোকসকলে হনুকা উৎসৱ উদযাপনৰ বাবে সমবেত হোৱাৰ সময়তে নবীদৰ সৈতে ছাজিদ আক্ৰমে নিৰীহ লোকৰ ওপৰত গুলীচালনা কৰিছিল ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দেওবাৰে ছিডনীৰ বণ্ডী বিচ্ছত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা। সেই ঘটনাত নিহত সন্দেহজনক বন্দুকধাৰী মূলত তেলেংগানাৰ হায়দৰাবাদৰ বাসিন্দা আছিল ৷ তেলেংগানা আৰক্ষীয়ে মঙলবাৰে নিশ্চিত কৰে এই কথা ৷

GettyImages-2251847018আৰক্ষীয়ে উল্লেখ কৰিছে যে-  ছাজিদ আক্ৰাম আছিল মূলত হায়দৰাবাদৰ বাসিন্দা ৷ হায়দৰাবাদৰ পৰা বি কম ডিগ্ৰী সম্পূৰ্ণ কৰি প্ৰায় ২৭ বছৰ  পূৰ্বে ১৯৯৮ চনৰ নৱেম্বৰ মাহত কৰ্মসংস্থাপনৰ সন্ধানত অষ্ট্ৰেলিয়ালৈ গৈছিল ৷ পিছত তেওঁ ইউৰোপীয় বংশৰ মহিলা ভেনেৰা গ্ৰ’ছ’ৰ সৈতে বিবাহপাশত আৱদ্ধ হয় তাৰ পিছত তেওঁ অষ্ট্ৰেলিয়াত স্থায়ীভাৱে বসতি স্থাপন কৰে ৷ তেওঁ এজন পুত্ৰ নবীদ আক্ৰমণকাৰী দুজনৰ ভিতৰত এজন হয় । ইপিনে আৰু এগৰাকী কন্যাৰ পিতৃ ৷ ছাজিদ আক্ৰামৰ হাতত ভাৰতীয় পাছপ’ৰ্ট এতিয়াও আছে ৷

FotoJet-52-e1765798288906

প্ৰণিধানযোগ্য যে, যি এই ঘটনা সংঘটিত হৈ গ'ল তাত ১৫ জন লোকে মৃত্যুক সাৱটিব লগা হৈছিল।ইপিনে ১৪ ডিচেম্বৰত ছিডনীৰ বণ্ডী বিচ্ছত ইহুদী সম্প্ৰদায়ৰ লোকসকলে হনুকা উৎসৱ উদযাপনৰ বাবে সমবেত হোৱাৰ সময়তে নবীদৰ সৈতে ছাজিদ আক্ৰমে নিৰীহ লোকৰ ওপৰত গুলীচালনা কৰিছিল ৷ আৰক্ষীয়ে প্ৰত্যুত্তৰত কৰা গুলীচালনাত ছাজিদ নিহত হয় ৷  ইপিনে তেলেংগানা আৰক্ষীয়ে প্ৰয়োজন সাপেক্ষে কেন্দ্ৰীয় সংস্থা আৰু অন্যান্য সমকক্ষৰ সৈতে সহযোগিতা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয় বুলি উল্লেখ কৰে।  

ছিডনী