ঢকুৱাখনাৰ অগ্ৰণী সংস্কৃতিপ্ৰেমী শিক্ষাবিদ শোভ দাসৰ বিয়োগ

এপষেক ধৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত যকৃতৰ চিকিৎসা কৰি থকা দাসৰ শুকুৰবাৰে নিশা স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ পাছত প্ৰায় শেষ নিশ্বাস ত্যাগ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনা: এক মৰ্মান্তিক ঘটনাই জোকাৰি গ'ল ঢকুৱাখনা। ঢকুৱাখনাৰ সমাজ জীৱনৰ সতে নিবিড় ভাবে সংপৃক্ত এগৰাকী সংস্কৃতি প্ৰেমী, শিক্ষাবিদ শোভ দাস আৰু নাই। ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক দাসৰ শুকুৰবাৰে নিশা পৰলোক প্ৰাপ্তি ঘটে।

 যোৱা প্ৰায় এপষেক ধৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত যকৃতৰ চিকিৎসা কৰি থকা দাসৰ শুকুৰবাৰে নিশা স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ পাছত প্ৰায় শেষ নিশ্বাস ত্যাগ কৰে। এগৰাকী হাস্যমুখী, সুকণ্ঠৰ গায়ক,গীতিকাৰ , আবৃত্তিকাৰ ,সমাজ প্রিয় শিক্ষাবিদ গৰাকীৰ অকাল বিয়োগত মর্মাহত ঢকুৱাখনা আৰু ঘিলামৰাবাসী।

 ঢকুৱাখনা বালি গাঁও নিবাসী দাসৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৫০ বছৰ। পত্নী শিক্ষাবিদ গায়ত্ৰী ভৰালী দাস, দুই কন্যা আৰু অজস্ৰ ইষ্ট কুটুম্বক শোক সাগৰত পেলাই অনন্ত ধামলৈ গতি কৰা দাসৰ নস্বৰ দেহ শনিবাৰে পুৱা বেলা স্ব গৃহৰ পৰা কৰ্মথলী নৰ্থ বেংক মহাবিদ্যালয়লৈ নিয়া হয় ।

মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ পুলক গগৈ , শিক্ষক গোটৰ সভাপতি ডঃ গীতাঞ্জলি বৰুৱা , সম্পাদক মোহিত সোণোৱাল সমন্বিতে সকলো শিক্ষক আৰু কৰ্মচাৰী, শিক্ষাৰ্থী সমাজে দাসৰ নিথৰ দেহত পুষ্প মাল্য প্ৰদান কৰি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

নিজৰ স্বভাবজাত গম্ভীৰ্যতাৰে সকলোকে সন্মোহিত কৰিবলৈ সক্ষম হোৱা দাসে মহাবিদ্যালয়খনৰ শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়াই যোৱা অতুল্য অৱদানৰ শ্ৰদ্ধাশীল স্মৰণ কৰি অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাই মহাবিদ্যালয় পৰিয়ালে।

মহাবিদ্যালয় চৌহদত অন্তিম শ্ৰদ্ধাঞ্জলি জনাই শোক প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে এখন শোক সভা অনুষ্ঠিত কৰে । বুৰঞ্জী বিষয়ৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগ সুদীর্ঘ কাল ধৰি একক ভাবে পৰিচালিত কৰি অহা দাসৰ অকাল বিয়োগে মহাবিদ্যালয়খনৰ এক অপুৰণীয় ক্ষতি কৰা বুলি বিভিন্নজনে মত ব্যক্ত কৰে।

 শিক্ষাবিদ গৰাকীৰ অকাল বিয়োগত অসম পৰ্যটন নিগমৰ অধ্যক্ষ,প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল, ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জন চাংমাই ,ফাটবিহু সমিতি ,ঢকুৱাখনা অনুসূচীত জাতি পৰিষদৰ সভাপতি ললিত কুমাৰ দাস , ঘিলামৰা ইংগিত নাট্য গোষ্ঠীৰ সভাপতি যোগানন্দ গগৈ , যুৱ নেতা সুভাষ দিহিঙীয়া ,সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জ্ঞানদীপ বৰা আদি বহু সংখ্যক ব্যক্তি সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

ঢকুৱাখনা