/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/waiting-for-cm-meet.jpg)
ডিজিটেল ডেস্কঃ নিজৰে দলৰ সাংসদক সাক্ষাৎ দিবলৈ সময় নাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেৰ। যাৰ বাবে সচিবালয়লৈ আহি ঘণ্টাৰ পিছত ঘণ্টা মুখ্যমন্ত্ৰীক সাক্ষাতৰ আশাত ৰৈ থাকিব লগা হ'ল এজন সাংসদ।
উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে কিছুদিন পূৰ্বে প্ৰভাণী লোকসভা সমষ্টিৰ অন্তৰ্গত পাথৰীতে সাই বাবাৰ জন্ম হোৱা বুলি মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাজ্যখনত। আনহাতে শিৰডীৰ বাসিন্দাসকলেও মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদস্বৰূপে বন্ধ ঘোষণা কৰিছিল শিৰডী সাই বাবা মন্দিৰ।
ইফালে মুখ্যমন্ত্ৰীয়ে সাই বাবাৰ জন্মস্থান সম্পৰ্কে দিয়া মন্তব্য সম্বন্ধত বুধবাৰে প্ৰভাণী লোকসভা সমষ্টিৰ শিৱসেনা সাংসদ সঞ্জয় যাদৱে মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে সচিবালয়ত উপস্থিত হয়। কিন্তু মুখ্যমন্ত্ৰীয়ে থাকৰেয়ে তেওঁক সাক্ষাতৰ বাবে সময় নিদিয়া বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। তেওঁ কয়, 'মই মুখ্যমন্ত্ৰীক চিধাই সাক্ষাৎ কৰিবলৈ আহিছো। কিন্তু মোক সাক্ষাতৰ বাবে সময় দিয়া নাই মুখ্যমন্ত্ৰীয়ে। যাৰ বাবে মই সচিবালয়ত প্ৰতীক্ষা কৰিবলগা হৈছে।'