শিৱ প্ৰসাদ মহান্তিক অসম ভেলী ফাৰ্তিলাইজাৰ কেমিকেল কোম্পানী লিমিটেডৰ এমডি নিযুক্তি

ত্তৰ-পূবত  ৰাসায়নিক সাৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰ, অইল ইণ্ডিয়া, এনএফএল, এইচ আৰ এল, আৰু বিভিএফচিএলৰ যৌথ উদ্যোগত নামৰূপত শীঘ্ৰেই স্থাপন কৰিব এভিএফচিচিএল নামেৰে এক নতুন সাৰ কাৰখানা।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, নামৰূপঃ   নামৰূপত নতুন কৈ স্থাপন হব লগীয়া সাৰ কাৰখানা অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ (এভিএফচিএল) প্ৰথম পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে হিন্দুস্তান উৰ্বৰক এণ্ড ৰসায়ন লিমিটেডৰ পৰিচালন সঞ্চালক ড০ শিব প্ৰসাদ মহান্তিক।

উল্লেখ্য য, উত্তৰ-পূবত  ৰাসায়নিক সাৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰ, অইল ইণ্ডিয়া, এনএফএল, এইচ আৰ এল, আৰু বিভিএফচিএলৰ যৌথ উদ্যোগত নামৰূপত শীঘ্ৰেই স্থাপন কৰিব এভিএফচিচিএল নামেৰে এক নতুন সাৰ কাৰখানা।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টাত প্ৰায় বিশ বছৰৰ মূৰত নামৰূপত নতুন এটা সাৰ উদ্যোগ স্থাপনৰ সপোন সাকাৰ হোৱাৰ পথত আগ বাঢ়িছে। ২০০৬ চনৰ পৰা নামৰূপৰ দল সংগঠনৰ  নামৰূপৰ ৰাইজ, বি ভি এফ চি এল কতৃপক্ষ, শ্ৰমিক সংগঠন সমূহে  নামৰূপত এটা নতুন সাৰ উদ্যোগ স্থাপনৰ  দাবীৰে সকলো  ধৰণৰ প্ৰচেষ্টা চলাইছিল যদিও সফল হবলৈ সক্ষম হোৱা নাছিল।

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  নেতৃত্বৰ চৰকাৰে নামৰূপবাসীৰ সপোন সাকাৰ কৰিবলৈ সক্ষম হ'ল। দহ হেজাৰ কোটি টকা ব্যয় সাপেক্ষে শীঘ্ৰে নিৰ্মাণ কাম আৰম্ভ হব লগীয়া  নতুন  সাৰ উদ্যোগ টোৰ   পৰিচালন সঞ্চালকৰ দায়িত্ব ভাৰ অৰ্পণ কৰা  ড০ শিৱ প্ৰসাদ মহান্তিক।

 ২০২১ বৰ্ষৰ শেষৰ ফালে  বি ভি এফ্ চি এলৰ  অধ্যক্ষ তথা পৰিচলন সঞ্চালক হিচাপে কৰ্মৰত আছিল ড ০ মহান্তি । প্ৰায় দুটা বছৰ বি ভি এফ চি এলৰ চি এম ডি হিচাপে থাকি মৃতপ্ৰায় উদ্যোগটোক পুনৰুজিবিত কৰণৰ  কল্পে বিভিন্ন পৰিকল্পনা আৰু পদক্ষেপ গ্ৰহণ কৰি লোকচানভৰা উদ্যোগটোক বহু পৰিমাণে উদ্ধাৰ কৰিছিল।

তেওঁৰ কৰ্ম দক্ষতাৰে বাবেই সেই সময়ত ভাৰত চৰকাৰে ড০ মহান্তিক কেইটাও পুৰস্কাৰেৰে পুৰস্কৃত কৰিছিল। তেওঁৰ কাৰ্যকালতে বি ভি এফ চি এলে  মুক্তা এন পি কে নামেৰে নতুন জৈৱিক সাৰ উৎপাদন কৰি বজাৰ দখল কৰিবলৈ সক্ষম হয়। 

তেওঁৰ দক্ষতাৰে বাবেই  ফাৰ্তিলাজাৰ এশ্বচিয়েন অব ইণ্ডিয়াই তেওঁক পূৰ্বোত্তৰ ক্ষেত্ৰৰ অধ্যক্ষ পদটো নিযুক্ত কৰে। বি ভি এফ চি এল ত থকাৰ সময়তে ড ০ মহান্তিক  বিপনন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে  বাণিজ্য নেতৃত্ব বঁটা (বিজনেছ লীডাৰ স্বিপ এৱাৰ্ড) প্ৰদান কৰিছিল দেশৰ আগশাৰীৰ ই মেগাজিন  ইনটাৰ্ভিউ টাইমছে।

গতিকে  ড০ মহান্তিক নামৰূপত স্থাপন হ'ব লগীয়া  AVFCCL ৰ পৰিচলন সঞ্চালক হিচাপে দিয়া নিযুক্তি য়ে ভাৰতৰ সাৰ খণ্ডলৈ বিশেষ অৰিহণা আগবঢ়াব বুলি আশা কৰা হৈছে।

নামৰূপ