New Update
- পাণ্ডু পোৰ্টত অত্যাধুনিক প্ৰযুক্তিৰ জাহাজ মুকলি অনুষ্ঠান
- লগতে মুকলি কৰা হ'ব উমানন্দ ফেৰী সেৱাৰ ই-টিকট ব্যৱস্থা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব ৪খনকৈ ষ্টিল কেটামাৰান জাহাজ
- মুকলি কৰা হ'ব ক্ৰমে MV মেঘনা, MV সুদৰ্শন, MV পদ্মা, MV ইন্দ্ৰ
- এখন জাহাজত ১০০গৰাকী যাত্ৰী ৫০খন মটৰ চাইকেল পৰিবহনৰ ক্ষমতা
- জাহাজসমূহত ১৮০ হৰ্চস্পাৱাৰ X 6 চিলিণ্ডাৰ যুক্ত দুটাকৈ ইঞ্জিন সংলগ্ন থাকিব
- জাহাজত উপলব্ধ থাকিব প্ৰতিগৰাকী যাত্ৰীৰ বাবে লাইফ জেকেট
- অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়- ৭৭০ কোটি টকাৰ বিশ্ব বেংকৰ পৰা ঋণ লৈ আভ্যন্তৰীণ জল পৰিবহনৰ কাম কৰি থকা হৈছে।
- তাৰেই ৮০% ভাৰত চৰকাৰে ঘূৰাই দিব, বাকী 20%অসম চৰকাৰে দিব।
- ১০ খন জাহাজ নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে।
- তাৰেই আজি ৪ খন মুকলি কৰা হল।
- ১০খন নতুন জাহাজৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল
- ইয়াৰে ৪খনত আজি মুকলি কৰা হৈছে
- বিশ্ব বেংকৰ পুঁজিৰে নিৰ্মাণ কৰা হৈছে জাহাজসমূহ
- মাজুলী ফেৰী দুৰ্ঘটনাৰ পিছত নতুন জাহাজৰ ব্যৱস্থা কৰা হৈছে
- এপ'ৰ জৰিয়তে টিকট ক্ৰয়ৰ ব্যৱস্থা কৰা হৈছে মাজুলীত
- ইয়াৰ পৰা ২৬লাখ টকা ৰাহজ সংগ্ৰহ হৈছে
- মাজুলীত ৰাস উৎসৱত ৰাইজৰ সমস্যা সমাধানৰ বাবে দুখন নতুন জাহাজৰ ব্যৱস্থা
- মাজুলীত থকা ৫খন নাওত মেৰাইন ইঞ্জিন লগোৱাৰ ব্যৱস্থা
- মুঠ ১০খন জাহাজ আছে মাজুলীত
- মাজুলীৰ পৰিৱহণ ব্যৱস্থা সুচল কৰাৰ ব্যৱস্থা কৰিম
- গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নতুন দুখন জাহাজ সংযোজন
- গুৱাহাটী-উমানন্দলৈ ফেৰী সেৱাৰ অনলাইন টিকট বুকিং কৰিব পাৰিব
- কিছু দিন পাছতে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ যাত্ৰীয়েও অনলাইন যোগে ক্ৰয় কৰিব পাৰিব টিকট
- লাহে লাহে চৰকাৰী কাম কাজবোৰ ২৪ ঘন্টাই চলোৱাৰ পৰিকল্পনা কৰি আছোঁ