ডিজিটেল ডেস্কঃ ঘোষণা হ'ল ২০২৫ বৰ্ষৰ বাবে শিল্পী বঁটা আৰু ২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগে ঘোষণা কৰিলে বঁটা প্ৰাপকৰ নাম । লগতে সাহিত্যাচাৰ্য অতুল চন্দ্র হাজৰিকা বঁটা আৰু ভীমবৰ দেউৰী বঁটাও ঘোষণা কৰে সাংস্কৃতিক পৰিক্রমা বিভাগে ।
২০২৫ বৰ্ষৰ শিল্পী বঁটা কণ্ঠশিল্পী ড০ অনিমা চৌধুৰীলৈ আগবঢ়োৱাৰ লগতে লোকশিল্পী মুকুল ৰাভাক মনোনীত কৰা হৈছে শিল্পী বঁটাৰ বাবে । ৩ গৰাকী বৰেণ্য ব্যক্তিলৈ প্রদান কৰা হ’ব ৩টাকৈ ৰাজ্যিক পৰ্যায়ৰ বঁটা। অসমৰ কলা,সংস্কৃতি,সমাজ আৰু সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হ’ব।
উল্লেখয়োগ্য যে ২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা অভিনেত্রী ৰেবা ফুকনক প্ৰদান কৰা হ’ব লগতে সাহিত্যাচাৰ্য অতুল চন্দ্র হাজৰিকা বঁটা আগবঢ়োৱা হ’ব অভিনেত্রী হীৰা নেওগলৈ ।
সমান্তৰালভাৱে ভীমবৰ দেউৰী বঁটাৰ বাব মনোনীত কৰা হৈছে বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্রহ্মক । প্রতিটো বঁটাত আছে নগদ দুই লাখ টকাৰ নগদ ধন, মানপত্র আৰু অংগবস্ত্র ।