/asomiyapratidin/media/media_files/2026/02/22/3-2026-02-22-14-05-49.jpg)
ডিজিটল ডেস্কঃ চলি আছে টী-২০ বিশ্বকাপ। তাৰ মাজতে আহিলে এটা গুৰুত্বপূৰ্ণ খবৰ। দীৰ্ঘদিনীয়া প্ৰেমিকা ছফী শ্বাইনৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ শিখৰ ধৱন।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/22/whatsapp-image-202-2026-02-22-13-55-12.jpeg)
ক্ৰিকেটাৰগৰাকীৰ বিবাহ অনুষ্ঠানত ৰোহিত শৰ্মাকে ধৰি টীম ইণ্ডিয়াৰ কেইবাগৰাকী তাৰকা ক্ৰিকেটাৰ উপস্থিত হোৱা পৰিলক্ষিত হয়। ভাৰতীয় দলৰ কেইবাগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ আৰু BCCI বিষয়াও উপস্থিত আছিল ধৱনৰ বিবাহ অনুষ্ঠানত।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/22/whatsapp-image-2-2026-02-22-13-54-44.jpeg)
উল্লেখ্য যে- বিগত কেইবাবছৰ ধৰি দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। বিগত বছৰৰ মে' মাহত শিখৰে তেওঁলোকৰ সম্পৰ্ক ৰাজহুৱা কৰিছিল। ১২ জানুৱাৰীত তেওঁলোকে সামাজিক মাধ্যমত এংগেজমেণ্টৰ কথা ঘোষণা কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/22/whatsapp-ima-2026-02-22-13-58-19.jpeg)
৪০ বছৰীয়া টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ শিখৰ ধৱনে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পূৰ্বে তেওঁ পেছাদাৰী বক্সাৰ আয়েশা মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। লগতে তেওঁলোকৰ আছিল একমাত্ৰ সন্তানো। বিবাহৰ থিক আঠ বছৰৰ পাছত ২০২৩ চনৰ অক্টোবৰ মাহত দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us