
এয়াই অৱশাম্ভাৱী আছিল। যেনে কৰ্ম, তেনে ফল। এজন জনপ্ৰতিনিধি হিচাপে কেৱল ৰাজনৈতিক স্বাৰ্থৰ পক্ষত কথা কৈ সাম্প্ৰদায়িক সমন্বয় বিনষ্ট কৰিব খোজা সকলক জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সমালোচনা কৰা আৰু তেওঁলোকক তেনে সুযোগ পৰিৱেশ সৃষ্টি কৰিবলৈ নিদিয়াটো প্ৰতিজন ৰাজ্যবাসীৰে দায়িত্ব।
অসমৰ সমন্বয়ত আঘাত সানিব খোজা সেইসকল ৰাজনৈতিক নেতাই যদি ভাৱিছে এনে পৰিৱেশ সৃষ্টিৰে ধৰ্মীয় মেৰুকৰণেৰে ক্ষমতা হস্তগত কৰি সৰ্বসাধাৰণক ঠগি থাকিব, তেনে সেয়া ভুল ধাৰণা। শ্বহীদক অপমান কৰি গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা শ্বেৰমান আলী আহমেদৰ সন্দৰ্ভত সাধাৰণ মানুহৰ মাজত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, সেই প্ৰতিক্ৰিয়া প্ৰতিজন নেতা-মন্ত্ৰীয়ে অনুধাৱন কৰা উচিত।
শেহতীয়াকৈ সাম্প্ৰদায়িক মন্তব্যৰে চৰ্চাত থকা এইসকল নেতাক কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ পৰিচয়েৰে জনতাৰ কাঠগড়াত উঠাব নালাগে। এয়া তেওঁলোকৰ বেমাৰ। সেই বেমাৰত আক্ৰান্ত প্ৰতিজন নেতাকেই এতিয়া চিকিৎসা কৰাৰ প্ৰয়োজন। এই চিকিৎসা কোনো চিকিৎসকে কৰিব নোৱাৰে। ইয়াৰ চিকিৎসা কৰিব লাগিব আইনে আৰু এই চিকিৎসাৰ দায়িত্ব ল'ব লাগিব জনসাধাৰণে।
শ্বেৰমান আলী আহমেদ এই ধৰণৰ কাৰ্যকলাপৰ বাবেই এক প্ৰকাৰৰ কুখ্যাতি অৰ্জন কৰিছিল। কোনসময়ত কি কথা আৰু কি প্ৰসংগ উত্থাপন কৰিব লাগে, সেই বোধ এজন নেতা বা বিধায়কৰ থকাটো প্ৰয়োজন। অতি সাম্প্ৰদায়িক প্ৰবৃত্তিৰে সাতামপুৰীয়া সমন্বয় বিঘ্নিত কৰি অবাঞ্চিত কথাৰে কাকোৱে সমাজখনক ভাগ কৰিবলৈ এৰি দিব নোৱাৰি।
চৌদিশে এতিয়া তেনে প্ৰৱণতাৰ বিৰুদ্ধে মত সৃষ্টি হৈছে। বিকল্পৰ সন্ধান কৰিবলৈ যাওতে জনসাধাৰণৰ সৰলতাৰ সুযোগ লৈ সেই বিকল্পক আন এক সাম্প্ৰদায়িক বিষবাষ্প ৰূপত বিয়পাই দি যিসকলে ৰাজনীতি কৰিব খোজে তাত কোনো সততা বা নিষ্ঠা থাকিব নোৱাৰে।
ইচ্ছা কৰিলে ৰাজনীতিক মূল্যবোধৰ আধাৰত প্ৰগতিশীল চিন্তাচৰ্চাৰে জনতা আৰু দেশৰ কল্যাণকামী শক্তিৰূপত তুলি ধৰিব পাৰি। নেতাসকলৰ ব্যক্তিত্বই সেই পৰিৱেশ সৃষ্টিত বিশেষ বৰঙণি আগবঢ়ায়। তেওঁলোকৰ একো একোষাৰ কথা দেশ আৰু মানুহৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ চিৰদিন চিৰস্থায়ী হৈ ৰৈ যায়।
আনহে নালাগে অতি শেহতীয়াকৈ উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৰ জ্ঞান গভীৰ ভাষণ, তেওঁৰ অন্তঃদৃষ্টি, থলুৱা জাতি-সংস্কৃতি আৰু মাতৃভাষাৰ প্ৰতি গ্ৰহণ কৰা দৃষ্টিভংগীয়ে বহুলোকক প্ৰেৰিত কৰে। একেদৰেই অটল বিহাৰী বাজপেয়ীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে ৰাজধৰ্ম পালন কৰিবলৈ দিয়া পৰামৰ্শ প্ৰতিজন সাম্প্ৰদায়িক দৃষ্টিভংগীৰে ৰাষ্ট্ৰ বা ৰাজ্য পৰিচালিত কৰিব খোজা সকলৰ বাবে সৰ্তকবাণী হৈ ৰ'ব।
নেতাসকলে মানুহক প্ৰভাৱম্বিত কৰে। তেওঁলোকৰ অনুৰাগী থাকে। দ্বিতীয়বাৰ চিন্তা নকৰাকৈ সাধাৰণ লোকে তেওঁলোকৰ কথাবোৰ সত্য আৰু শিলৰ ৰেখা বুলি মানে। সেই সুযোগ গ্ৰহণ কৰি শ্বেৰমান আলীৰ দৰে নেতাই কুদুৰ বাহত জুই দিয়াৰ দৰে কাৰবাৰ কৰিলে সেয়া এই ধৰণৰ নেতাই উদ্দেশ্য প্ৰণোদিতভাৱে এনে কাম সম্পাদন কৰা বুলিয়ে ভৱা যায়।
অসমত এজনেই শ্বেৰমান আলী নাই, তেওঁৰ দৰে একেই প্ৰজাতিৰ বহুকেইজন নেতা আছে, যিসকলৰ মুখত কেৱল সাম্প্ৰদায়িক কথা-বতৰাই আখৈ ফুটাদি ফুটে। কেৱল সুযোগৰ সন্ধানত থাকি, সুযোগ পালেই তেওঁলোকে কিছু অৰ্ধ সত্য কথাৰে, অযুক্তিগত যুক্তিৰে এইধৰণৰ মন্তব্য কৰি সমাজখন প্ৰদূষিত কৰি আহিছে।
শ্বেৰমান আলী আহমেদক ধৰিছে ভাল হৈছে। আইনে নিজৰ বাট লৈছে। ভুল কৰিলে আইনে ব্যৱস্থা ল'ব। কিন্তু এইবোৰ ব্যাধি কেৱল এনে পদক্ষেপেৰেই নিৰ্মূল কৰিব নোৱাৰি। আমি প্ৰতিজনলোকেই আপেক্ষিক দৃষ্টিত সাম্প্ৰদায়িক। নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰেই আমাৰ জীৱন পৰিচালিত হয়। আমাৰ খোৱা-বোৱা, জীৱনশৈলীত ইয়াৰ প্ৰভাৱ পৰে। ইয়াৰ অৰ্থ এইটো নহয় যে, নিজেই মানি চলা নীতি-নিয়মবোৰৰ বাবে আনক নিজৰ নীতি-নিয়ম মনাত বাধা দিম।
শেহতীয়াকৈ লক্ষ্য কৰা হৈছে যে, কিছু অনীতিগত কামৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিলেই এচাম নেতা বা দল-সংগঠনে সাম্প্ৰদায়িকতাৰ ভূত মেলি দিয়ে। সেই ভূতে এনেদৰে লম্ভে যে মূল বিষয় তল পৰি কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে এয়া ষড়যন্ত্ৰৰূপত তুলি ধৰি তেনে কামৰে জড়িত এচাম লোকৰ পৰা সমৰ্থন আদায়ৰ চেষ্টা কৰে।
এই প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি চলি আহিছে। ৰাজনীতিৰ পাল্লাত তেওঁলোকক উঠাই দগা-পাল্লা ধৰি ধৰি তেনে সাম্প্ৰদায়িক নেতাই পৰৱৰ্তী সময়ত সেইসকল লোকৰ ত্ৰাণকৰ্তাৰূপত ভূমুকি মাৰে। মিঞা কবিতাৰ পৰা দিছপুৰৰ লৈকে দৌৰ দিয়া লোকো আছে। অধিকাৰৰ নামত সচাঁই-মিছাই অভিযোগৰ বজাৰ মেলি সাধাৰণ লোকক আৱেগিক কৰি তেওঁলোকে কোনোদিনেই প্ৰকৃতাৰ্থত উন্নয়নৰ কথা কোৱা নাই।
জন্ম নিয়ন্ত্ৰণ, আইন মানি চলা, অবৈধ বেদখল, এন আৰ চি, ভোটাৰ কাৰ্ড, জেহাদ আদি ষ্ট্ৰাম্প কাৰ্ড হৈ পৰিছে। সমান্তৰালভাৱে এইসকলক দেখি আন কিছু সাম্প্ৰদায়িক ঠিকাদাৰে ভক্তিত গদগদ হৈ ভক্তিবাদ মাৰ্গদৰ্শনেৰে সমাজ বিশুদ্ধ কৰা শ্লোগান দিয়ে। তাতো কিন্তু সাম্প্ৰদায়িকতাৰ বেচা-কিনা হয়।
মেৰু বিভাজনৰ এই পদক্ষেপে সাম্প্ৰদায়িকতাক সম্বল কৰি লৈ ৰাজনীতিক জখলা পাতি তেওঁলোক ওপৰলৈ গৈ থাকে। শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ পাছত নিৰপেক্ষভাৱে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আৰু মানৱতাৰ পক্ষে এক সজাগতা সৃষ্টিৰ সময় আহি পৰিছে। যত প্ৰগতিশীল চিন্তা-চৰ্চাক আকোৱালি লৈ হিন্দু-মুছলমানৰ প্ৰভেদৰ বীজ নিঃশেষ কৰাৰ দায়িত্ব প্ৰতিজন শুভ চিন্তাকাৰী লোকেই ল'ব লাগিব…