New Update
/asomiyapratidin/media/media_files/2025/09/25/shekhar-2025-09-25-13-20-06.jpeg)
- শেখৰ জ্যোতি গোস্বামীৰ ঘৰত এছ আই টিৰ অভিযান।
- জালুকবাৰীৰ লংকেশ্বৰস্থিত বাসগৃহত চলিছে এই অভিযান।
- ছিংগাপুৰলৈ জুবিনৰ সৈতে গৈছিল শেখৰ।
- সাগৰত জুবিনৰ সৈতে সাতুৰিছিল শেখৰে।
- জুবিনৰ মৃত্যুৰ পাছতে শেখৰৰ ভূমিকাক লৈ উঠিছিল প্ৰশ্ন।
- জুবিনৰ নশ্বৰ দেহ গুৱাহাটী আহি পোৱাৰ সময়তে অতি সংগোপনে শেখৰো আহিছিল গুৱাহাটীলৈ।
- তাৰ পাছৰে পৰা নিজা বাসগৃহতে আছে শেখৰ গোস্বামী।
- শেখৰে ঘটনাৰ পাছতে জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদকৰ সৈতে পতা বহু বিস্ফোৰক কথাৰ স্ক্ৰীণ শ্ব'টো হৈছিল ভাইৰেল।
- তাৰ পাছতেই সৃষ্টি হৈছিল বিতৰ্ক, পোহৰলৈ আহিছিল সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ তালিকা আৰু জুবিনক কৰি অহা লুণ্ঠনৰ কাহিনী।
- অভিযুক্ত হৈয়ো শেখৰ চি আই ডিৰ পৰিবৰ্তে সংবাদ মাধ্যমক নিজকে নিৰ্দোষী সজাই দি আহিছিল ভাষ্য।
- শেখৰ ঘৰত এছ আই টিৰ অভিযানৰ সময়তে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে।
- ইফালে শ্যামকানু মহন্তৰ গীতানগৰৰ কাৰ্বি পথৰ বাসগৃহতো চলি আছে এছ আই টিৰ অভিযান।