চি আই ডিৰ কাৰ্যালয়লৈ আজি আকৌ আহিছে শেখৰ আৰু সন্দীপন...

আজি চতুৰ্থবাৰৰ বাবে CIDৰ কাৰ্যালয়ত আহি উপস্থিত হয় শেখৰজ্যোতি গোস্বামী। জুবিনৰ সহযোগী শেখৰজ্যোতি গোস্বামী জুবিনৰ মৃত্যুৰ সময়তো ছিংগাপুৰৰ সাগৰত জুবিনৰ সৈতে আছিল। 

author-image
Asomiya Pratidin
New Update
new ap web 5 (17)

ডিজিটেল ডেস্কঃ জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি ১ অক্টোবৰ বুধবাৰৰ পৰা জেৰা চলাই থকা বিশেষ তদন্তকাৰী গোটে সমান্তৰালকৈ আন কেইবাজনকো সোধপোছ অব্যাহত ৰাখিছে। 

আজি চতুৰ্থবাৰৰ বাবে চি আই ডিৰ কাৰ্যালয়ত আহি উপস্থিত হয় শেখৰজ্যোতি গোস্বামী। জুবিনৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী জুবিনৰ মৃত্যুৰ সময়তো ছিংগাপুৰৰ সাগৰত জুবিনৰ সৈতে আছিল। 

একেদৰে সেই সময়ত জুবিনৰ কাষত থকা ভাতৃ সন্দীপন গাৰ্গো আজি পুনৰ চি আই ডিৰ কাৰ্যালয়ত আহি উপস্থিত হৈছেহি। শেষৰজ্যোতি গোস্বামীয়ে চি আই ডিৰ কাৰ্যালয়লৈ আহি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, চি আই ডিয়ে তেওঁক এঘণ্টাৰ ভিতৰত আহিবলৈ নিৰ্দেশ দিয়াৰ বাবে তেওঁ পুনৰ আজি আহি তেওঁলোকৰ ওচৰত হাজিৰ হৈছে। 

তেওঁক আজি কিয় মাতিছে সেই বিষয়ে তেওঁ একো নাজানে। তেওঁ পূৰ্বে সংবাদ মাধ্যমক জনোৱা অনুসৰি তদন্তকাৰী দলে তেওঁক যি প্ৰশ্ন কৰিছে সকলোৰে উত্তৰ দিছে। 

তেওঁক তদন্তৰ ক্ষেত্ৰত যেতিয়াই তদন্তকাৰী বিষয়াই মাতে, তেতিয়াই আহি উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়াক সম্পূৰ্ণ সহযোগ কৰি যাব বুলিও কথা দিছে। উল্লেখ্য যে, এইগৰাকী শেষৰজ্যোতি গোস্বামীৰেই হোৱাটছএপৰ কথোপকথন ভাইৰেল হৈ পৰিছিল, য’ত তেওঁ জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কিদৰে লুণ্ঠন কৰি আহিছিল সেই কথা উল্লেখ কৰাৰ লগতে জুবিনে সময় মতে ঔষধ পাইছে নাই তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছিল। 

ইফালে জুবিনৰ ভাতৃ সন্দীপন গাৰ্গে চি আই ডিৰ বিশেষ তদন্তকাৰী গোটৰ সন্মুখত হাজিৰ হৈ তেৱোঁ সম্পূৰ্ণৰূপে সহযোগিতা কৰাৰ কথা সাংবাদিকৰ আগত উল্লেখ কৰিছিল। অৱশ্যে আজি তেওঁ সাংবাদিকৰ আগত কোনো বিশেষ মন্তব্য কৰা নাই। 

বৰ্তমানেও চি আই ডি কাৰ্যালয়তে থকা এই দুয়োগৰাকী পৰৱৰ্তী সময়ত চি আই ডিৰ কাৰ্যালয়ৰ পৰা ওলাই আহিলেহে তেওঁলোকক পুনৰ কিয় মাতি পঠিওৱা হৈছিল সেই বিষয়ে জানিব পৰা যাব। অৱশ্য তদন্ত প্ৰক্ৰিয়া চলি থকাৰ বাবেই সবিশেষ যে তেওঁলোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ নকৰিব সেয়াও নিশ্চিত। 

জুবিন গাৰ্গ চি আই ডি