শেখৰ-অমৃতপ্ৰভাৰ পৰৱৰ্তী ঠিকনা?

বাক্সা জেইলত বন্দী হৈ থকা শ্যামকানু-সিদ্ধাৰ্থকে ধৰি ৫অভিযুক্তক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত শেখৰ- অমৃতপ্ৰভাক লৈও ৰায় প্ৰদান কৰে আদালতে। নিৰাপত্তাৰ খাতিৰত ভাৰ্চুৱেলী দুয়োকে আদালতত হাজিৰ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ বাক্সা জেইলত বন্দী হৈ থকা শ্যামকানু-সিদ্ধাৰ্থকে ধৰি ৫অভিযুক্তক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত শেখৰ- অমৃতপ্ৰভাক লৈও ৰায় প্ৰদান কৰে আদালতে। নিৰাপত্তাৰ খাতিৰত ভাৰ্চুৱেলী দুয়োকে আদালতত হাজিৰ কৰোৱা হয় মঙলবাৰে। চি জে এম আদালতে দুয়োকে পুনৰ ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, হাফলং কাৰাগাৰত বন্দী হৈ আছে শেখৰজ্যোতি আৰু অমৃতপ্ৰভা। জুবিন মৃত্যুকাণ্ডৰ অভিযুক্ত দুয়োগৰাকীক পুনৰ তদন্তৰ খাতিৰত ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আনফালে বাক্সা জেইলতো আগন্তুক ১৪দিনৰ আলহী হৈ থাকিব শ্যামকানু-সিদ্ধান্ত- সন্দীপন আৰু জুবিনৰ দুই দেহৰক্ষী। 

এই বিষয়ৰ সন্দৰ্ভত এতিয়ালৈকে ৬০ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। ছিংগাপুৰলৈ গৈও সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ বুজ লৈছিল এছ আই টিয়ে। 

জুবিন গাৰ্গ