নাই পাছপ'ৰ্ট! কেনেকৈ দিল্লীত বিলাসী ঘৰ, নিৰাপত্তাৰক্ষীসহ আৰামত আছে শ্বেইখ হাছিনা...

বাংলাদেশৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে ৰাজপাত এৰি পলায়ন কৰা শ্বেইখ হাছিনাক লৈ আজিও অসন্তুষ্ট বাংলাদেশ। শেহতীয়াকৈ আন্তৰাষ্ট্ৰীয় আদালতে শ্বেইখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছে। বাংলাদেশেও সঘনাই

author-image
Asomiya Pratidin
New Update
hujddd

ডিজিটেল ডেস্কঃ বাংলাদেশৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে ৰাজপাত এৰি পলায়ন কৰা শ্বেইখ হাছিনাক লৈ আজিও অসন্তুষ্ট বাংলাদেশ। শেহতীয়াকৈ আন্তৰাষ্ট্ৰীয় আদালতে শ্বেইখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছে। বাংলাদেশেও সঘনাই ভাৰতৰ ওচৰত দাবী উত্থাপন কৰিছে যে, অনৈতিকভাৱে ভাৰতে আশ্ৰয় দিয়া শ্বেইখ হাছিনাক বাংলাদেশ চৰকাৰক গতাই দিব লাগে।

বাংলাদেশে অভিযোগ উত্থাপন কৰাৰ দৰে শ্বেইখ হাছিনা সচাঁকৈয়ে অনৈতিকভাৱে ভাৰতত আশ্ৰয় লৈ আছে নেকি? এটা কথা শেহতীয়াকৈ স্পষ্ট হৈছে যে, ভাৰতত পাৰ্ছপ'ৰ্ট অবিহনেই বাস কৰি আছে শ্বেইখ হাছিনাই। কিন্তু শ্বেইখ হাছিনাৰ হাতত আছে ৰেচিডেন্স পাৰ্মিট। যাৰ বাবে তেওঁ অন্য এখন দেশত দীৰ্ঘম্যাদী নিৰাপত্তা লৈ থাকিব পাৰে। 

এই ৰেচিডেন্স পাৰ্মিট লৈয়ে নতুন দিল্লীত সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজত বাস কৰি আছে শ্বেইখ হাছিনাই। এই পাৰ্মিটৰ জৰিয়তে ভাৰতত যিমান দিন থাকিব বিচাৰে সিমান দিনেই থাকিব পাৰিব শ্বেইখ হাছিনা। বাংলাদেশে ইতিমধ্যে শ্বেইখ হাছিনাৰ সকলো পাছপ'ট বাতিল কৰিছে যদিও এনে পদক্ষেপে হাছিনাক কোৱো প্ৰভাৱ পেলাব নোৱাৰে।

ইফালে হাছিনাক বাংলাদেশলৈ প্ৰত্যাৰ্পণ সন্দৰ্ভত ভাৰতক হেঁচা দি আছে বাংলাদেশে। অৱশ্যে ভাৰতে বাংলাদেশৰ কোনো পত্ৰক এতিয়ালৈকে সহাঁৰি জনোৱা নাই। শ্বেইখ হাছিনা ভাৰতত থকালৈকে মৃত্যুদণ্ডৰ দৰে আদেশে কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি কূটনৈতিকবিদ সকলে মন্তব্য প্ৰকাশ কৰিছে। 

বাংলাদেশ