বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাক মৃত্যুদণ্ড

মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

author-image
Asomiya Pratidin
New Update
new ap web 4 (21)

ডিজিটেল ডেস্কঃ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক যোৱা বৰ্ষৰ  ছাত্ৰ নেতৃত্বাধীন আন্দোলনৰ সময়ত  সংঘটিত হোৱা "মানৱতাৰ বিৰুদ্ধে অপৰাধ"ৰ বাবে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল তাৰ পাছতে আৱামি লীগ চৰকাৰৰো পতন ঘটিছিল। 

উল্লেখ্য যে, ঢাকাত হাছিনাৰ ১৫ বছৰীয়া শাসনৰ অন্ত পৰাৰ পিছৰে পৰা বাংলাদেশে ৰাজনৈতিক অস্থিৰতাত ভুগিছে ।তাৰ সমান্তৰালকৈ বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ বহু প্ৰত্যাশিত ৰায়দানৰ পূৰ্বে বিক্ষিপ্ত হিংসা আৰু খাৰুৱা বোমা আক্ৰমণৰ মাজতে সমগ্ৰ ঢাকা আৰু অন্যান্য অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰিছিল মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্বর্তীকালীন চৰকাৰে।  

তাৰোপৰি মানৱতাৰ বিৰোধী অপৰাধত দোষী সাব্যস্ত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা প্ৰতিবাদীক মাৰণাস্ত্ৰৰে আক্ৰমণৰ বাবে দোষী সাব্যস্ত কৰা হয় হাছিনাক । হাছিনাৰ বিৰুদ্ধে ৬ জনকৈ প্ৰতিবাদীক হত্যাৰ নিৰ্দেশ দিয়াৰ অপৰাধ।  আনফালে বিগত বৰ্ষৰ ৫ আগষ্টত সংঘটিত হৈছিল এই ঘটনাটো । নিৰস্ত্ৰ প্ৰতিবাদীক মাৰণাস্ত্ৰৰে আক্ৰমণৰ নিৰ্দেশ দিয়াৰ অপৰাধত দোষী সাব্যস্ত  হৈছিল হাছিনা। হাছিনাৰ নিৰ্দেশতেই প্ৰতিবাদীক মাৰণাস্ত্ৰৰে আক্ৰমণ কৰা বুলি প্ৰমাণিত।

আনফালে শ্বেখ হাছিনাৰ গোচৰত ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলৰ ফালৰ পৰা সিদ্ধান্ত দিয়া হৈছে। তেওঁক ক’ৰ্টৰ ফালৰ পৰা মৃত্যুদণ্ডৰ শাস্তি বিহাৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু হত্যাৰ দৰে মুঠ ৫টা গোচৰো  চলিছিল।  আনপিনে পৃথক পৃথক গোচৰত আইটিচিয়ে দোষী সাব্যস্ত কৰে আৰু মৃত্যুদণ্ডৰ শাস্তি বিহে। ট্ৰিবিউনেলৰ নেতৃত্বত আছিল জাষ্টিচ মহম্মদ গুলাম মুৰ্তাজা মজুমদাৰ। আইচিটিৰ ন্যায়াধীশৰ মতে, এই গোচৰ অতি গভীৰ আছিল, ফলত সিদ্ধান্তও ৬ ভাগত দিয়া হোৱা পৰিলক্ষিত হয়।

শ্বেখ হাছিনা