/asomiyapratidin/media/media_files/2025/11/13/216-2025-11-13-14-05-09.jpg)
ডিজিটেল ডেস্ক : গৃহভূমি বাংলাদেশলৈ পুনৰ ঘূৰি অহাৰ চিন্তা- চৰ্চা কৰিছে দেশখনৰ পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। কিন্তু তেওঁ ঘূৰি অহাৰ পূৰ্বেই বৰ্তমানৰ বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰক বান্ধি দিছে কেইবাটাও চৰ্ত।
হাছিনাই বান্ধি দিয়া চৰ্ত পূৰণ কৰিলেহে তেওঁ উভতি আহিব দেশখনলৈ। এক অজ্ঞাত স্থানৰ পৰা ই-মেইলযোগে তেওঁ কয় যে, বাংলাদেশৰ জনসাধাৰণে বিচৰাৰ দৰে মই পুনৰ দেশখনলৈ উভতি যাব বিচাৰিছো। মোৰ দেশৰ জনসাধাৰণে বিচাৰে যে, বাংলাদেশত মুক্ত, নিকা আৰু স্বচ্চ নিৰ্বাচন অনুষ্ঠিত কৰা। ময়ো এই কথাত তেওঁলোকৰ সৈতে এক মত।
গতিকে চৰকাৰে যদি এই কাম কৰে, তেন্তে মই সসন্মানে বাংলাদেশলৈ উভতি যাম। একদেৰে তেওঁ আন এক চৰ্তৰ কথা উল্লেখ কৰি কয় যে, আৱামি লীগৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই ল’ব লাগিব চৰকাৰে।
উল্লেখযোগ্য যে, এক গোপন স্থানত বসবাস কৰা শ্বেখ হাচিনাই সংবাদ সংস্থা পি টি আইৰ সৈতে ই-মেইলযোগে এই সাক্ষাৎকাৰ প্ৰদান কৰে। লগতে তেওঁ বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰ আৰু ইয়াৰ মুৰব্বী মহম্মদ ইউনুছক কেতবোৰ কথাত দোষাৰোপ কৰে।
তেওঁ মহম্মদ ইউনিছৰ বিৰুদ্ধে ভাৰতৰ সৈতে সম্পৰ্ক নষ্ট কৰাৰ লগতে উগ্ৰপন্থী শক্তিক শক্তিশালী কৰাৰ অভিযোগ উত্থাপন কৰে। আনহাতে শ্বেখ হাছিনাই ভাৰত তথা ভাৰতবাসীৰ আতিথ্যৰ শলাগ লয়।
তেওঁ কয়- মই ভাৰত চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো। ভাৰত চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ আতিথ্যৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ।
প্ৰণিধানযোগ্য যে, বাংলাদেশৰ দীৰ্ঘকালৰ প্ৰধানমন্ত্ৰী হাছিনাই ২০২৪ চনৰ ৫ আগষ্টত দেশ এৰি পলায়ন কৰিছিল। কেইবা সপ্তাহ ধৰি চলি থকা হিংসাত্মক প্ৰতিবাদে তেওঁৰ চৰকাৰক ক্ষমতাচ্যুত কৰিছিল। জনসাধাৰণৰ তীব্ৰ হেঁচাত পৰি তেওঁ প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰি ভাৰতৰ শৰণাপন্ন হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us