মুকলি হ'ল ভাৰতৰ প্ৰথম থলুৱা মাইক্ৰ’চিপ...

বিশ্বৰ অৰ্ধপৰিবাহী উদ্যোগত নিজৰ স্থান সুদৃঢ় কৰাৰ দিশত আন এক পদক্ষেপ  গ্ৰহণ কৰিছে ভাৰতে। শেহতীয়াকৈ ‘ছেমিকন ইণ্ডিয়া ২০২৫’ অনুষ্ঠানত কেন্দ্ৰীয় তথ্য মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত ৩২

author-image
Asomiya Pratidin
New Update
ijjj

ডিজিটেল ডেস্কঃ  বিশ্বৰ অৰ্ধপৰিবাহী উদ্যোগত নিজৰ স্থান সুদৃঢ় কৰাৰ দিশত আন এক পদক্ষেপ  গ্ৰহণ কৰিছে ভাৰতে। শেহতীয়াকৈ ‘ছেমিকন ইণ্ডিয়া ২০২৫’ অনুষ্ঠানত কেন্দ্ৰীয় তথ্য মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত ৩২ বিট মাইক্ৰ’প্ৰচেছৰ ‘বিক্ৰম’কে ধৰি চাৰিটা অনুমোদিত প্ৰকল্পৰ পৰীক্ষণৰ বাবে প্ৰস্তুত কৰা চিপছ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদৰ্শন কৰে।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ছেমিকণ্ডাক্টৰ লেবৰেটৰীয়ে প্ৰস্তুত কৰা ‘বিক্ৰম’ চিপ ভাৰতৰ প্ৰথমটো সম্পূৰ্ণ ‘মেক-ইন-ইণ্ডিয়া’ ৩২-বিট মাইক্ৰ’ প্ৰচেছৰ। লঞ্চ বাহনৰ চৰম পৰিস্থিতিতো ইয়াক নিৰ্ভৰযোগ্যভাৱে কাম কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ভাৰতক অৰ্ধপৰিবাহী উদ্ভাৱন আৰু উৎপাদনৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ ছেপ্টেম্বৰত নতুন দিল্লীত উদ্বোধন কৰে ছেমিকন ইণ্ডিয়া ২০২৫।

উল্লেখ্য যে ২০২১ চনত ‘ভাৰত অৰ্ধপৰিবাহী অভিযান’ (আইএছএম)’ আৰম্ভ হোৱাৰ পিছত ভাৰতে নিজৰ অৰ্ধপৰিবাহী যাত্ৰাক বাস্তৱত পৰিণত কৰিছে। এই লক্ষ্যক সমৰ্থন কৰিবলৈ চৰকাৰে ৭৬,০০০ কোটি টকাৰ ‘উৎপাদন সংযুক্ত প্ৰৰোচনা (পিএলআই) আঁচনি’ ঘোষণা কৰিছে আৰু ইয়াৰে প্ৰায় ৬৫,০০০ কোটি টকা ইতিমধ্যে আবণ্টন দিয়া হৈছে।

নৰেন্দ্ৰ মোডী