/asomiyapratidin/media/media_files/2025/12/01/new-ap-web-10-2025-12-01-19-06-01.jpg)
ডিজিটেল ডেস্কঃ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ অভিনয়ৰ কথা সকলোৰে মুখে মুখে প্ৰচাৰিত।ইমান বয়সৰ পাছতে দুৰ্দান্ত অভিনয়ে সকলোকে মোহিত কৰিছে। সম্প্ৰতি সামাজিক মাধ্যমত কিং খানৰ কলেজীয়া জীৱনৰ মাৰ্কশ্বীটক লৈ চৰ্চা চলি আছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/image-39-2025-12-01-19-03-31.png)
ছবি জগতত কম বয়সৰ পৰাই অভিনয়ৰ যাত্ৰা আৰম্ভ কৰিছিল শ্বাহৰুখ খানে। অভিনয়ৰ সমান্তৰালকৈ শ্বাহৰুখ খান পঢ়া-শুনাতো অত্যন্ত পাৰ্গত আছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/image-40-2025-12-01-19-03-53.png)
উল্লেখ্য যে, সামাজিক মাধ্যমত চৰ্চিত হৈ থকা শ্বাহৰুখ খানৰ মাৰ্কশ্বীটত স্পষ্টভাৱে লিখা আছে যে তেওঁ হংসৰাজ কলেজত পঢ়িছিল। য’ত শ্বাহৰুখ খানে ১৯৮৫ৰ পৰা ১৯৮৮ চনৰ ভিতৰত অৰ্থনীতিত স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল। মাৰ্কশ্বীট অনুসৰি, অভিনেতাগৰাকীয়ে ইলেক্টিভত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল। ইংৰাজীত তেওঁ ৫১ নম্বৰৰ লগতে গণিত আৰু পদাৰ্থ বিজ্ঞানত ৭৮ নম্বৰ লাভ কৰিছিল। ইপিনে তেওঁ জামিয়া মিলিয়া ইছলামিয়াত স্নাতকোত্তৰ প্ৰগ্ৰামত নামভৰ্তি কৰিছিল। তেওঁ উল্লেখ কৰিছিল যে ছুপাৰষ্টাৰ নোহোৱা হ'লে প্ৰফেচাৰ হোৱাৰ মন আছিল কিং খানৰ। পঢ়াৰ সমান্তৰালকৈ তেওঁ নিজৰ চলচ্চিত্ৰ জগতৰ কেৰিয়াৰো সুন্দৰ কৈ চলাই নি এজন সুদক্ষ অভিনেতা হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/image-39-2025-12-01-19-04-15.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us