/asomiyapratidin/media/media_files/2025/08/27/189-2025-08-27-18-19-52.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : মঙলবাৰে নতুন দিল্লীত ছোনীয়া গান্ধী আৰু গৌৰৱ গগৈৰ প্ৰয়াত পিতৃ তৰুণ গগৈ ডাঙৰীয়াৰ বান্ধৱী ছৈয়দা হামিদে অসমীয়া মানুহক দানব বুলি কৰা মন্তব্যক তীব্র গৰিহণা দিছে অসম প্রদেশ, ভাৰতীয় জনতা পার্টিয়ে।
কংগ্ৰেছ চৰকাৰৰ দিনত বাংলাদেশী মিঞা অসমলৈ অনায়সে আহিব পাৰিছিল আৰু সত্ৰ, বনাঞ্চল, চৰকাৰী ভূমি সহজে দখল কৰিছিল। তেতিয়া অসমীয়া মানুহ কংগ্রেছী সমর্থক ছৈয়দা হামিদৰ মতে দেৱতা আছিল। কিন্তু ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ভৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে বাংলাদেশী মিঞা অসমলৈ নতুনকৈ অহাৰ পথ বন্ধ কৰাৰ লগতে বনাঞ্চল, চৰকাৰী ভূমিৰ, সত্ৰৰ পৰা অবৈধ বেদখলকাৰী মিঞাক উচ্ছেদ কৰিবলৈ দৃঢ় পদক্ষেপ লৈছে আৰু মুখ্যমন্ত্ৰীৰ পদক্ষেপক খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান আৰু ভাৰতীয় মূলৰ জনসাধাৰণে সমর্থন আগবঢ়াইছে সেই সময়ত অসমীয়া মানুহক হামিদৰ দৰে কংগ্ৰেছীয়ে দানৱৰূপে চিহ্নিত কৰিছে বুলি এক সংবাদমেলত ৰাজ্যিক মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে মত প্রকাশ কৰে।
উল্লেখ্য যে যোৱা কিছুদিনৰ পৰা অসমৰ পূৰ্ববংগীয় মুছলমানৰ বসতি প্রধান অঞ্চলসমূহত, বিশেষত ধুবুৰী, বৰপেটা গোৱালপাৰা, মঙ্গলদৈ আদি জিলাসমূহৰ বিশেষ অঞ্চলসমূহত ছৈয়দা হামিদ, জওহৰ চিৰকাৰ, বাহাজাট হাবিবুল্লাহ, হর্ষ মন্দেৰ, ফাৱাজ শাহিন আদি কিছু ব্যক্তিয়ে সন্দেহজনকভাৱে পৰিভ্ৰমণ কৰিছে আৰু এই লোকসকলক একাংশ যুৱ কংগ্ৰেছীয়ে সংগ দিছে।
সংবাদমেলখনত মুখপাত্রগৰাকীয়ে বাংলাদেশত অন্তৱর্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা জামাত এ ইছলাম নামৰ ইছলামিক উগ্রপন্থী সংগঠনটো শক্তিশালী হৈছে বুলি উল্লেখ কৰে। আনহাতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত তৎপৰ হৈ থকা জামাত এ ইছলামৰ অন্যতম উগ্রপন্থী ভাতৃ সংগঠন আনছাৰ বাংলা গোটৰ তৎপৰতা বৃদ্ধি পাইছে।
ইতিমধ্যে অসম আৰক্ষীয়ে ৬০ জন আনছাৰ বাংলা গোটৰ উগ্রপন্থীক গ্ৰেপ্তাৰ কৰিব সক্ষম হৈছে। মুখপাত্রগৰাকীয়ে সন্দেহ কৰে যে, উক্ত ছৈয়দা হামিদ, জওহৰ চিৰকাৰ, বাহাজাট হাবিবুল্লাহ, হর্ষ মন্দেৰ, ফাৱাজ শাহিন আদি ব্যক্তিয়ে জামাত এ ইছলামৰ পটভূমি অসমত তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে।
এই সকল লোকক অসমত সহযোগিতা কৰা অজিত ভূঞা, পৰেশ মালাকাৰ, ড০ হীৰেণ গোহাঁই আদি ব্যক্তিসকল তথা অজিত ভূঞাৰ ৰাজনৈতিক বন্ধু কংগ্রেছ, অজাপ, ৰাইজৰ দল আদিয়ে প্রকাৰন্তে মিঞা মুছলমানৰ পক্ষত অৱস্থান কৰি চৈয়দা হামিদ এণ্ড কোম্পানিক সহযোগিতা কৰিছে বুলি উল্লেখ কৰি এই সকল বদনৰূপী অসমীয়াক চিহ্নিত কৰিবলৈ অসমৰ জনসাধাৰণক আহ্বান জনায়।