অসম বিধানসভা নিৰ্বাচন ২০২৬ : নগাঁৱৰ কেইবাখনো বিদ্যালয় পৰিদৰ্শন মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ

পৰিদৰ্শনকালত, শীৰ্ষ বিষয়া দুগৰাকীয়ে জিলাখনৰ সাতটা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচনী সামগ্ৰী বিতৰণ কেন্দ্ৰ, ষ্ট্ৰং ৰুম, ভোট গণনা কক্ষ, যান-বাহন পাৰ্কিং আদিৰ এলেকাৰ বাবে প্ৰস্তাৱিত স্থানসমূহৰ উপযুক্ততা পৰীক্ষা কৰে।

author-image
Asomiya Pratidin
New Update
195

ডিজিটেল সংবাদ, নগাঁও : সমাগত অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ পৰিপ্ৰেক্ষিতত এক গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক কাৰ্যসূচীৰ অংশ হিচাপে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল আৰু নগাঁও জিলাৰ নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত, শীৰ্ষ বিষয়া দুগৰাকীয়ে জিলাখনৰ সাতটা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচনী সামগ্ৰী বিতৰণ কেন্দ্ৰ, ষ্ট্ৰং ৰুম, ভোট গণনা কক্ষ, যান-বাহন পাৰ্কিং আদিৰ এলেকাৰ বাবে প্ৰস্তাৱিত স্থানসমূহৰ উপযুক্ততা পৰীক্ষা কৰে।

লগতে এই স্থানসমূহ আন্তঃগাঁথনিসমূহৰ নিৰাপত্তা আৰু ব্যৱস্থাপনাৰ বুজ লৈ আগন্তুক নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ আৰু সুচাৰুৰূপে পৰিচালনা কৰাটো নিশ্চিত কৰে। এই পৰিদৰ্শনৰ কালচোৱাত, নিৰ্বাচনী বিষয়া, শেখৰণ ফুকন, জেষ্ঠ্য আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত জিলা আয়ুক্ত জিলা আয়ুক্ত দেবাহুতি বৰা, সহকাৰী জিলা আয়ুক্ত তেজস অগ্নিহোত্রীকে প্ৰমুখ্য কৰি সংশ্লিষ্ট বিভাগৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

বিধানসভা নিৰ্বাচন