/asomiyapratidin/media/media_files/2025/10/27/fgvdfdffdf-2025-10-27-09-02-54.jpg)
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সন্ত্ৰাসবাসীৰ লক্ষ্য হৈ পৰিছে হিন্দুৰ উপাসনাস্থলী। ভাৰতৰ মঠ-মন্দিৰত আক্ৰমণ কৰাৰ বাবে ব্লুপ্ৰিণ্ট ৰচনা কৰিছে একাংশ ইছলামিক সংগঠনে। দেওবাৰে পোহৰলৈ আহিছে তেনে এক ভয়ংকৰ তথ্য।
প্ৰাপ্ত তথ্য অনুসৰি, দিল্লী আৰক্ষী বিশেষ কোষে গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত আইছিছ সন্ত্ৰাসবাদী আদনানে ৰাম মন্দিৰকে ধৰি কেইবাটাও হিন্দু ধৰ্মীয় স্থানক লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰিছিল। উল্লেখযোগ্য যে, বিগত বৰ্ষত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক ভাবুকি দিয়াৰ অভিযোগত এ টি এছে আদনানক গ্ৰেপ্তাৰ কৰিছিল যদিও প্ৰায় পাঁচ মাহৰ পিছত জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল। ভূপালৰ বাসিন্দা আদনানে যোৱা বছৰৰ জুন মাহত বাৰাণসীৰ জ্ঞানবাপি কমপ্লেক্সৰ জৰীপ চলাই থকা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবি কুমাৰ দিৱাকাৰক ভাবুকি দিছিল।
২১ নৱেম্বৰত ৰাম মন্দিৰৰ পতাকা উত্তোলন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অযোধ্যালৈ আহি আছে। তেনেসময়ছোৱাত এনেধৰনৰ খবৰে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। এ টি এছৰ বিষয়াসকলে ধৃত আদনানক অহৰহ জেৰা চলাই আছে। আদনানৰ পৰা আৰু অনেক তথ্য উদঘাটন কৰা যাব বুলি অনুমান কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us