/asomiyapratidin/media/media_files/2025/08/25/gaza-25-2025-08-25-18-27-11.jpg)
ডিজিটেল ডেস্কঃ দক্ষিণ গাজাৰ এখন চিকিৎসালয়ত ইজৰাইলে বোমা নিক্ষেপ কৰাৰ ফলত বাতৰি লিখা পৰ্যন্ত ১৫ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। খবৰ অনুসৰি সোমবাৰে বিয়লি গাজাৰ দক্ষিণ খান ইউনিছৰ নাছেৰ হাস্পতালত ইজৰাইলী সেনাই আক্ৰমণ চলায়।
এই আক্ৰমণত নিহত হোৱা ১৫ জনকৈ লোকৰ মাজত আছে চাৰিজন সাংবাদিকো। একাধিক বিদেশী সংবাদ মাধম্যৰ খবৰ অনুসৰি সোমবাৰে ভাৰতীয় সময় অনুসৰি দিনৰ ১ বজাত ইজৰাইলে নাছেৰ হাস্পতালত বোমা বিস্ফোৰণ কৰে। এই ঘটনাত চাৰিজন সাংবাদিকসহ ১৫ জন লোকৰ মৃত্যু হয়।
আল জাজিৰাৰ খবৰ মতে নিহত চাৰিজন সাংবাদিকৰ নাম হ’ল হোছাম আল-মাছৰী (ৰয়টাৰৰ ফটো সাংবাদিক), মহম্মদ চালামা (আল জাজিৰাৰ ফটো সাংবাদিক), মৰিয়াম আবু ডাকা (এছ’চিয়েটেড প্ৰেছকে ধৰি বিভিন্ন সংবাদ সংস্থা আৰু সংবাদ মাধ্যমৰ ফ্ৰীলান্স সাংবাদিক) আৰু মোৱাজ আবু তাহা (এনবিচি নেটৱৰ্কৰ সাংবাদিক)। এই চাৰিওজন সাংবাদিকৰ মৃত্যুৰ সৈতে দুটা বছৰতে গাজাত মুঠ ২৪৪ জন সাংবাদিকৰ মৃত্যু হৈছে।
খবৰ অনুসৰি সোমবাৰে বিয়লি ইজৰাইলে প্ৰথমে নাছেৰ হাস্পতালৰ ওপৰত বোমা নিক্ষেপ কৰিছিল। সেই সময়ত হাস্পতালখনৰ ছাদত এজন সাংবাদিক আছিল। তেওঁৰ সহকৰ্মীসকলে তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছিল যদিও ইজৰাইলী সেনাই উদ্ধাৰকাৰীৰূপী সতীৰ্থ সাংবাদিক কেইজনৰ ওপৰতো বোমা নিক্ষেপ কৰে।
ফলত চাৰিজন সাংবাদিককে ধৰি ১৫ জন লোকৰ মৃত্যু হয়। স্মৰ্তব্য যে, যোৱা মে’ মাহৰ পৰা ইজৰাইল সেনাই গাজাৰ সাহায্য শিবিৰ আৰু চিকিৎসালয়সমূহত অবিৰতভাৱে আক্ৰমণ চলাই আহিছে।
অভিযোগ অনুসৰি এতিয়ালৈকে ১৩০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। চলিত মাহৰ আৰম্ভণিৰে পৰা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজা দখল কৰিবলৈ অধিক দৃঢ়প্ৰতিজ্ঞ হৈ পৰিছে।
গাজাক হামাছৰ পৰা মুক্ত কৰাৰ বাবে ঘোষণা কৰা হৈছে পাঁচ দফীয়া নীতি। ইয়াৰ ভিতৰত গাজাৰ সীমান্ত পুনৰ নিৰ্ধাৰণ কৰা, হামাছ আৰু পেলেষ্টাইন কৰ্তৃপক্ষৰ বাবে বিকল্প প্ৰশাসন স্থাপন ইত্যাদি।
নেতানিয়াহুৰ এই সিদ্ধান্তক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক সমালোচনা কৰা হৈছে। কাৰণ, ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা গাজাত ইজৰাইল সেনাৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছৰে পৰা গাজাত ৬১ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে।
মাত্ৰ কিছুদিন পূৰ্বে ইজৰাইলৰ আক্ৰমণত পেলেষ্টাইনী সাংবাদিক আনাছ আল শ্বৰীফ আৰু তেওঁৰ চাৰিজন সহযোগী নিহত হৈছিল।