১ জানুৱাৰীৰ পৰা সলনি হ’ব বহু নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জীৱনতো...

নতুন বছৰৰ লগে লগে সলনি হ’ব বহু নিয়ম। এই সলনি হোৱা নিয়মৰ প্ৰভাৱ পৰিব প্ৰতিজন নাগৰিকৰ জীৱনত। জানো আহক ১ জানুৱাৰীৰ পৰা কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব-

author-image
ৰিম্পী গগৈ
New Update
WhatsApp Image 2025-12-27 at 5.51.58 PM

ডিজিটেল ডেস্কঃ নতুন বছৰলৈ মাজত মাত্ৰ ৪টা দিন। নতুন বছৰৰ লগে লগে সলনি হ’ব বহু নিয়ম। এই সলনি হোৱা নিয়মৰ প্ৰভাৱ পৰিব প্ৰতিজন নাগৰিকৰ জীৱনত। জানো আহক ১ জানুৱাৰীৰ পৰা কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব-

  • নতুন বছৰত ইউপিআই, চিম, আৰু বাৰ্তা প্ৰেৰণৰ নিয়মৰ পৰিৱৰ্তন দেখা যাব। এই সন্দৰ্ভত ইউপিআই আৰু ডিজিটেল পেমেণ্টৰ সৈতে জড়িত নিয়মাৱলী কটকটীয়া কৰা হ’ব।
  •  জালিয়াতি ৰোধ কৰিবলৈ চিম ভেৰিফিকেচনৰ নিয়ম আৰু অধিক কটকটীয়া কৰা হ’ব। 
  • পেন আৰু আধাৰ লিংক কৰাৰ সময়সীমা এই ডিচেম্বৰ মাহত শেষ হ’ব। যদি আনলিংক হৈ থাকে তেন্তে ১ জানুৱাৰীৰ পৰা নিষ্ক্ৰিয় হৈ পৰিব। 
  • নিষ্ক্ৰিয় হোৱাৰ ফলত আপুনি আইটিআৰ ৰিফাণ্ড, ৰচিদ, আৰু বেংকিং সুবিধা লাভ কৰিব নোৱাৰিব। 
  • নিষ্ক্ৰিয় হলে চৰকাৰী আঁচনিৰ সুবিধাৰ পৰাও বঞ্চিত হ’ব। 
  • বেংকিং ব্যৱস্থাত আন এক পৰিৱৰ্তন কৰা হ’ব। এছ বি আই, পঞ্জাব নেচনেল বেংক, আৰু এইচ ডি এফ চি বেংকে ঋণৰ হাৰ হ্ৰাস কৰিব। ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত।
  • জানুৱাৰী মাহৰ পৰা নতুন ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ কাৰ্যকৰী কৰা হ’ব।
  • এল পি জি চিলিণ্ডাৰৰ দামতো পৰিৱৰ্তন দেখা যাব। ১ জানুৱাৰীৰ পৰা এল পি জিৰ হাৰ বৃদ্ধি বা হ্ৰাস হ’ব পাৰে, যাৰ ফলত আপোনাৰ বাজেটত প্ৰভাৱ পৰিব। 
  • নতুন পি এম কিষাণ আঁচনিৰ দ্বাৰা উপকৃত হ’ব পৰাকৈ কৃষকসকলক নতুন একক আইডি দিয়া হ’ব। 
  • এই আঁচনিৰ অধীনত শস্য বীমা আঁচনিৰ অধীনত দাখিল কৰা অভিযোগ, যেনে বন্যপ্ৰাণীৰ দ্বাৰা শস্যৰ ক্ষতিসাধন কৰা অভিযোগ চৰকাৰে সামৰি ল’ব।
  •  ২০২৬ চনত বৃদ্ধি পাব বাহনৰ দাম। 
  • প্ৰৱঞ্চনা হ্ৰাস কৰিবলৈ কিছুমান মেছেজিং এপ যেনে হোৱাটছএপ আৰু টেলিগ্ৰামত বাধা আৰোপ কৰাৰ পৰিকল্পনা কৰা হৈছে। 
ইউপিআইৰ