জল্পনাৰ অন্ত ! শংকৰজ্যোতিকে ধৰি কেইবাগৰাকী প্ৰাক্তন আছু নেতাই যোগদান কৰিব বিজেপিত

এক সূত্ৰৰ পৰা ইতিমধ্যে আমাৰ হাতত পৰিছে এখন বিশেষ তালিকা। এই তালিকাত শংকৰজ্যোতিৰ উপৰি আছে ভালেকেইগৰাকী ছাত্ৰনেতাৰ নাম। আন ৰাজনৈতিক দলৰ নেতাসহ ১০গৰাকী ছাত্ৰনেতাই যোগ দিব বিজেপিত।

author-image
Asomiya Pratidin
New Update
new ap web 1.jpg (1)

ডিজিটেল ডেস্ক : এতিয়া মাত্ৰ আনুষ্ঠানিকতাহে বাকী ! জল্পনাৰ অন্ত পেলাই সক্ৰিয় ৰাজনীতিত যোগদান কৰাৰ কথা স্পষ্ট হৈ পৰিছে আছুৰ প্ৰাক্তন সম্পাদক শংকৰজ্যোতি বৰুৱাৰ। 

ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱাই যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টীত। এক সূত্ৰৰ পৰা ইতিমধ্যে আমাৰ হাতত পৰিছে এখন বিশেষ তালিকা। এই তালিকাত শংকৰজ্যোতিৰ উপৰি আছে ভালেকেইগৰাকী ছাত্ৰনেতাৰ নাম। আন ৰাজনৈতিক দলৰ নেতাসহ ১০গৰাকী ছাত্ৰনেতাই যোগ দিব বিজেপিত।

এই বিশেষ তালিকাখনত থকা নামসমূহ হৈছে- শংকৰজ্যোতি বৰুৱা, প্ৰাক্তন সম্পাদক, আছু। একেদৰে আছুৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যবাহী সদস্য কনক গগৈ, ডিব্ৰুগড় টেঙাখাটৰ প্ৰাক্তন আছু নেতা অৰ্জুন চেট্টী, ধেমাজি জিলাৰ জোনাইৰ প্ৰাক্তন আছু নেতা ৰাজীৱ গগৈ, যোৰহাটৰ প্ৰাক্তন আছু নেতা ৰক্তিম বৰা, তিনিচুকীয়া ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সত্য বৰগোহাঁই, মাজুলী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰাণজিত হাজৰিকা, ডিব্ৰুগড় আটাছাৰ প্ৰাক্তন নেতা শিৱ কৰ্মকাৰ, দুলীয়াজান পঞ্চায়তৰ আপৰ নেতা বাবলু ভূমিজ, প্ৰদেশ কংগ্ৰেছৰ নেতা সমীৰঞ্জন বৰশইকীয়া। 

এই আটাইকেইগৰাকী নেতা- কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলি এই তালিকাত প্ৰকাশ পাইছে।

WhatsApp Image 2026-01-24 at 9.45.10 AM

শংকৰজ্যোতি বৰুৱা বিজেপি