বটদ্ৰৱা থানত দৌলযাত্ৰা মহোৎসৱ উপলক্ষে একাধিক প্ৰতিযোগিতাৰ আয়োজন

আই খেৰসূতী সাংস্কৃতিক মঞ্চত সদৌ অসম ভিত্তিত ফাকুৱাৰ গীতৰ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হব।

author-image
Asomiya Pratidin
New Update
gsuydgsdhgs

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত শ্ৰীশ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ উপলক্ষে অহা ৫ মাৰ্চ, বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাৰ পৰা বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত সদৌ অসম ভিত্তিত ফাকুৱাৰ গীতৰ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হব।

মহাপুৰুষ বিৰচিত ৰাগ তাল যুক্ত "ফাকুৱাৰ" আপুৰুগীয়া গীত সমূহ নৱপ্ৰজন্ম তথা জনসাধাৰণৰ মাজত চৰ্চা আৰু জনপ্ৰিয়তা কৰাৰ মহান প্ৰচেষ্টাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতাৰ শাখা এটা আৰু সকলো বয়সৰ পুৰুষ আৰু মহিলাৰ বাবে মুকলি থাকিব। এটা দলত নূন্যতম ৫ গৰাকী সদস্য হব লগিব।

প্ৰতিযোগী সকলৰ লগত সংগত কৰা সহশিল্পী আৰু বাদ্য নিজে লগত লৈ আহিব লাগিব। পৰম্পৰাগত সকলো বাদ্য বজাব পাৰিব। প্ৰতিটো দলৰ পৰিবেশনৰ বাবে সৰ্বাধিক  ৯ মিনিট ধাৰ্য্য কৰা হৈছে। প্ৰতিযোগিতা কেৱল বৰদোৱা শৈলীত পৰিৱেশন কৰা ফাকুৱাৰ বন্ধা গীত কেইটাৰ পৰিৱেশ্য কলাৰ ৰূপত গালেই হ'ব। সত্ৰীয়া পৰম্পৰাক অগ্ৰাধিকাৰ ভিত্তিত মান নিৰূপক হিচাপে গণ্য কৰা হ'ব।

প্ৰতিযোগিতাৰ নিৰ্ধাৰিত বৰগীত কেইটা হৈছে - 
১)বাইৰ হুয়া আছে(ৰাগ: মল্লাৰ), 
২) আলো সই দেখো সই বিহাৰে চলিয়া (ৰাগ: মল্লাৰ) 
৩) ফাকু খেলায় কৰুণাময় এ নন্দ কুমাৰ, (ৰাগ: ভাটীয়ালী) 
৪) দোলায় গোবিন্দ পৰম আনন্দে, (ৰাগ: তুৰ বসন্ত) 
৫) ভাই দেখ কমলাপতি দৌলৰ ওপৰে, (ৰাগ: সিন্ধুৰা)

প্ৰতিযোগিতাৰ প্রথম স্থান লাভ কৰা দলক প্ৰদান কৰা হব নগদ চাৰি হাজাৰ টকা, মানপত্ৰ। দ্বিতীয় স্থান লাভ কৰা দলক নগদ তিনি হাজাৰ টকা, মানপত্ৰ আৰু তৃতীয় স্থান: নগদ এক হাজাৰ টকা, মানপত্ৰ প্ৰদান কৰা হব।

পাছত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হবলগিয়া চিত্ৰাংকন প্রতিযোগিতাৰ নিয়মাৱলী অনুসৰি প্রথম মানৰ পৰা পঞ্চম মানলৈ "ক' শাখা ষষ্ঠ মানৰ পৰা দশম মানলৈ 'খ' শাখা হিচাপে অনুষ্ঠিত হব। চিত্রাংকনৰ বাবে প্রয়োজনীয় ড্রয়িং পেপাৰৰ বাহিৰে সকলো ধৰণৰ সা-সামগ্রী (পেঞ্চিল, ৰং, কাগজ আদি) নিজে আনিব লাগিব। প্রতিযোগীক যাতায়তৰ খৰচ দিয়া নহ'ব আৰু প্রতিযোগীৰ বাবে কোনো ভর্তি মাচুল নালাগে। প্রতিযোগীসকল নিদ্দিষ্ট সময়ত, নিৰ্দ্দিষ্ট স্থানত উপস্থিত হ'ব লাগিব।

প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দলক কিতাপৰ টোপোলা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হব। বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হবলগিয়া কুইজ প্ৰতিযোগীতা খনি চতুৰ্থ শ্ৰেণীৰ উৰ্ধৰ সকলোৰে বাবে মুকলি থাকিব। একোটা দলত দুজন প্ৰতিযোগী হব লাগিব। প্ৰতিযোগীৰ কোনো ভৰ্তি মাচুল নাই। মূল প্ৰতিযোগিতা আৰম্ভণিৰ পূৰ্বে প্ৰয়োজন সাপেক্ষে কুইজৰ এটি প্ৰাৰম্ভিক ৰাউণ্ড অনুষ্ঠিত হব। কুইজ প্ৰতিযোগিতাৰ বিষয়: দৌল উৎসৱ বা ফাল্গু উৎসৱ, বটদ্ৰৱাৰ ঐতিহ্য আৰু সংস্কৃতি।

কুইজ প্ৰতিযোগিতাৰ প্রথম স্থান লাভ কৰা দলক নগদ তিনি হাজাৰ টকা, মানপত্ৰ, দ্বিতীয় স্থান লাভ কৰা দলক নগদ দুই হাজাৰ টকা, মানপত্ৰ, তৃতীয় স্থান লাভ কৰা দলক নগদ এক হাজাৰ টকা, মানপত্ৰ প্ৰদান কৰাৰ লগতে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান লাভ কৰা দলক কিতাপৰ টোপোলা আৰু মানপত্ৰ প্ৰদান কৰা হব বুলি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি অম্লান জ্যোতি দেৱ গোস্বামী আৰু সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে জানিবলৈ দিছে। লগতে প্ৰতিযোগিতা সমূহৰ বিষয়ে সবিশেষ জানিবলৈ ৮৬৩৮৫৮৯০০৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

বটদ্ৰৱা থান বটদ্ৰৱা