সেৱা তীৰ্থ-কৰ্তব্য ভৱন 'বিকশিত ভাৰত'ৰ অগ্ৰগামী যাত্ৰাত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিঃ প্ৰধানমন্ত্ৰী মোডী

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মো়ডীয়ে নতুন দিল্লীত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ আনুষ্ঠানিকভাৱে মুকলি কৰে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মো়ডীয়ে নতুন দিল্লীত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ আজিৰে পৰা সেৱা তীৰ্থ হ’ল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন ঠিকনা ৷

WhatsApp Image 2026-02-13 at 10.52.25 PM (1)

উল্লেখ্য যে,  সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ আনুষ্ঠানিকভাৱে মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে-এই দিনটোত ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক নতুন আৰম্ভণি। শাস্ত্ৰত বিজয়া একাদশীৰ অতি গুৰুত্ব আছে। সেয়ে এই দিনটোত যি সংকল্প লৈ আগবাঢ়ি যোৱা হয়, তাতেই জয় লাভ কৰে। আজি আমি সকলোৱে এখন উন্নত ভাৰত লাভৰ সংকল্প লৈ সেৱাৰ তীৰ্থযাত্ৰা, হাউছ অৱ ডিউটিত প্ৰৱেশ কৰোঁ। জনসাধাৰণৰ আশাক আগুৱাই নিয়াৰ ভিত্তি হ’ব এই সেৱা তীৰ্থ’।

WhatsApp Image 2026-02-13 at 10.52.25 PM

এই নতুন কাৰ্যালয় কমপ্লেক্সসমূহে ‘বিকশিত ভাৰত’ লক্ষ্য প্ৰাপ্তিৰ বাবে চৰকাৰৰ দৃঢ় সংকল্পক প্ৰতিফলিত কৰিছে । ‘সেৱা তীৰ্থ’ আৰু ‘কৰ্তব্য ভৱন’ৰ উদ্বোধনী অনুষ্ঠানত বিষয়াসকলক ৰাষ্ট্ৰসেৱাৰ এক নতুন মন্ত্ৰ দিছে। এই ভৱনত কটোৱা প্ৰতিটো মুহূৰ্ত আৰু ইয়াৰ প্ৰতিটো ফাইল ১৪০ কোটি দেশবাসীৰ জীৱন উন্নত কৰাৰ উদ্দেশ্যেৰে হ’ব লাগে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী