/asomiyapratidin/media/media_files/2025/09/19/uuujjd-2025-09-19-12-50-09.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে চুৰি-ডকাইটিৰ ঘটনা। এইবাৰ চোৰৰ চকু পৰিল অম্বিকাগিৰি নগৰস্থিত সেউজ সংঘত। যোৱা বৃহস্পতিবাৰে নিশা সেউজ সংঘৰ কাৰ্যালয়ৰ তলা ভাঙি চোৰে লুটি লৈ গ’ল বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে মূল্যৱান সা-সামগ্ৰী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/19/095745f1-e4c0-4c23-bb9f-5cba12b47503-2025-09-19-12-45-51.jpg)
সংঘৰ কাৰ্যকতাই অৱগত কৰা অনুসৰি, কাৰ্যালয়ৰ ভিতৰত থকা চাউণ্ড চিষ্টেমৰ লগতে অন্যান্য বহু মূল্যৱান সামগ্ৰী চোৰে লুটি নিছে কাৰ্যালয়টোৰ পৰা। এই ঘটনাৰ কথা অৱগত কৰা পাছতে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীত গীতানগৰ থানাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/19/72d7199a-170d-45e5-9d01-d309f9241dba-2025-09-19-12-46-02.jpg)
উল্লেখ্য যে, বিগত কিছু দিন ধৰি উক্ত অঞ্চলটোৰ বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। স্থানীয় ৰাইজে উক্ত অঞ্চলটোত আৰক্ষীৰ তীক্ষ্ন দৃষ্টি ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে সেউজ সংঘত লুট-পাত চলোৱা চোৰ কৰায়ত্ত কৰিবলৈ দাবী জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/19/55aaf4ca-f9bc-441f-a455-c39d2b450362-2025-09-19-12-46-12.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us