/asomiyapratidin/media/media_files/2025/09/15/017ea0c6-e154-4483-b4c1-6fcb75a38535-2025-09-15-12-39-52.jpg)
ডিজিটেল ডেস্কঃ দ্য কনক্লেভ-২০২৫ৰ দ্বিতীয় দিনটোৰ দ্বিতীয়খন আলোচনা সত্ৰত আলোচনা কৰা হয় অসমীয়া চলচ্ছিত্ৰ উদ্যোগৰ স্বৰ্ণিল যাত্ৰাৰ বিষয়ে। এই আলোচনা সত্ৰখনিৰ পৰিচালনা কৰে স্মিতাক্ষী বি গোস্বামীয়ে। চলচ্ছিত্ৰ জগতখনক লৈ আলোচনা হোৱা এই বিশেষ সত্ৰখনিত অংশ লয় বলিউদৰ বিশিষ্ট অভিনেতা যশপাল শৰ্মা, প্ৰবীণ অভিনেতা বাহাৰুল ইছলাম আৰু আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে।
অনুষ্ঠানৰ আৰম্ভণিতে পৰিচালক ৰীমা দাসে কয় যে, অসম তথা অসমীয়াক লৈ চিনেমা নিৰ্মাণ কৰিব পৰা বহুখিনি থল আছে। আমি এই সকলোখিনিৰ সদব্যৱহাৰ কৰিব পাৰো। ইয়াৰ বাবে সকলো দিশৰ পৰা সহায় লাগিব। চৰকাৰী দিশৰ পৰাই হওঁক বা ছবি নিৰ্মাতা গৰাকীৰ পৰিয়ালৰ পৰাই হওঁক, সকলো দিশৰ পৰাই সহায় লাগিবই।
ৰীমা দাস কেনেকৈ ছবি পৰিচালক তথা ছবি নিৰ্মাতা হ'ল তাক লৈ স্মিতাক্ষী বি গোস্বামীয়ে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়- মই চিনেমা নিৰ্মাতা হোৱাৰ কথা কেতিয়াও ভবা নাছিলো। মুম্বাইলৈ আহিছিলো এগৰাকী অভিনেত্ৰী হ'বলৈ।অভিনেত্ৰী হিচাপে মই মোৰ কেৰিয়াৰত কোনো বিশেষ কাম কৰিব নোৱাৰিলো।
তেওঁ লগতে কয়- চিনেমা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলো মই তেতিয়া সেইবোৰক এখন পেইণ্টিং হিচাপে চাবলৈ বিচাৰিলো। মোৰ লগ’ত একো ৰিছ’ৰ্ছ নাছিল। যেতিয়া মই চিনেমা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলো তেতিয়া মোৰ পৰিয়ালো আচৰিত হৈ পৰিল। মই যি কৰি আছো সেয়া কেৱল মোৰ ভালপোৱা। চিনেমাৰ জৰিয়তে কাহিনী কোৱা মোৰ বাবে এক প্ৰাৰ্থনা।
ভিলেইজ ৰকষ্টাৰ নিৰ্মাণক লৈ ৰীমা দাসে কয়- ভিলেইজ ৰকষ্টাৰ যেতিয়া মই নিৰ্মাণ কৰিলো, তেতিয়া মই নিজেই নিজক প্ৰশ্ন কৰিলো সঁচাকৈয়ে ময়েই কৰিলো নে? তাৰ পাছতেই মই চিনেমা নিৰ্মাণ কৰাৰ ওপৰত অধিক গুৰুত্ব দিলো। আৰু এতিয়ালৈকে সেই কাম অব্যাহত ৰাখিছো আৰু আগলৈও কৰি যাম।
আলোচনা সত্ৰখনিত বাহাৰুল ইছলামে কয়, শৈশৱৰ পৰাই মোৰ সপোন আছিল মিঠুন চক্ৰৱৰ্তীৰ দৰে হোৱা। মই ভাবিছিলো, মই ক’লা মিঠুন চক্ৰৱৰ্তীও ক’লা । সেয়ে ময়ো মিঠুনৰ দৰেই হ’ব বিচাৰিছিলো। সেই সময়ত অসমীয়া ছবি জগতত কোনো ক’লা অভিনেতা নাছিল। পুলক গগৈ ডাঙৰীয়াই মোক সুযোগ দিছিল। মই আজি গৌৰৱ কৰো যে ময়েই কিজানি অসমীয়া ছবি জগতৰ প্ৰথমগৰাকী ক'লা অভিনেতা।
এন এছ ডিৰ যাত্ৰাৰ সন্দৰ্ভতো কয় বাহাৰুল ইছলামে। তেওঁ কয়- মোৰ সপোন আছিল এন এছ ডিলৈ যোৱা। মোৰ পৰিয়ালত অভিনয় জগতৰ সৈতে জড়িত তেনে কোনো নাছিল। এন এছ ডিত প্ৰথম প্ৰচেষ্টাতেই মই আসন লাভ কৰিছিলো। অভিনয়ৰ প্ৰতি মানুহৰ মনত যি ভালপোৱা থাকে তাক লৈয়ে সদায় কাম কৰে। এতিয়াও নৱ প্ৰজন্মই বিশ্বাস কৰে যে, পইছাৰে একো নহয়, দক্ষতাও বহু গুৰুত্বপূৰ্ণ।
বাহাৰুল ইছলামৰ জীৱনত এন এছ ডিৰ ভূমিকাৰ সন্দৰ্ভত কয়- এন এছ ডিয়ে মোক শিকালে তুমি যোগো কৰিব লাগিব, ভাৰতীয় সাহিত্যও পঢ়িব লাগিব, পশ্চিমীয়া সাহিত্যও পঢ়িব লাগিব। তাত শ্বেক্সপীয়েৰ, কালিদাস সকলো আছিল। সেয়ে লাহে লাহে মনত যি মিঠুন চক্ৰৱৰ্তী আছিল সেয়া নোহোৱা হ’ল। মই ভাবিলো- ল’ৰা তই অসমীয়া, অসমলৈ ঘূৰি যা। সেই মতেই মই ঘৰলৈ ঘূৰি আহিলো আৰু থিয়েটাৰ কৰিবলৈ আৰম্ভ কৰিলো। নিজৰ মনত যিয়েই চিন্তা আহিল তাক থিয়েটাৰত প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিলো।
তেওঁ লগতে কয়- মোৰ গুৰু বিবি কৰণজীয়ে কৈছিল, সদায়েই নতুন মানুহৰ সৈতে কাম কৰিবা, মক্কা যাোৱাৰ প্ৰয়োজন নাই, ওপৰৰ পৰা দোৱা পাই থাকিবা। এতিয়ালৈকে মই তেনেকৈয়ে কাম কৰি আছো। আমাৰ এটা নাট্যগোষ্ঠীৰ লগতে এখন বিদ্যালয়ো আছে। তাৰ পৰাই আমি নাট্যজগতৰ বহু যোদ্ধা তৈয়াৰ কৰিছো।
অভিনেতা ইছলামে কয়- অসমীয়া ছবিজগতত বহুদিশত এতিয়াও পেছাগত ভাৱে কাম কৰা নহয়। মুম্বাই থাকি মই দেখিলো যে তেওঁলোকে এখন চিনেমাৰ প্ৰতিটো দিশতে পৃথক পৃথককৈ আলোচনা কৰে। যাৰ বাবে তেওঁলোকে কৰিব বিচৰা প্ৰকল্পটো ধুনীয়াকৈ পৰিস্ফূৰ্ট হয়। অসমীয়া ছবি উদ্যোগেও এই ক্ষেত্ৰত কাম কৰিব লগা আছে বুলি মোৰ মনে কয়।
সত্ৰখনি অধিক মনোগ্ৰাহী কৰি তোলে বলিউদ অভিনেতা যশপাল শৰ্মাই। কেনেকৈ তেওঁ ছবিজগতলৈ আহিল আৰু কি কি পৰিস্থিতিৰ সন্মুখীন হৈছিল সেই সকলো কথা অতি সাৱলীলভাৱে দাঙি ধৰে অভিনেতাগৰাকীয়ে। বৰ্তমান হিন্দী ছবিজগতত কাহিনী আৰু অভিনয়তকৈ অন্যান্য কিছু দিশতহে অধিক গুৰুত্ব দিয়াৰ বাবে ছবিৰ মান হ্ৰাস পাইছে বুলি আক্ষেপ প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে।
তেওঁ কয়- মই চিনেমাৰ জৰিয়তে অসমীয়া চিনেমাৰ প্ৰতি আকৰ্ষিত হোৱা নাছিলো। মই প্ৰথমে অসমীয়া পৰিচালক আৰু কাহিনীৰ জৰিয়তেহে অসমীয়া চিনেমাৰ প্ৰতি আকৰ্ষিত হৈছিলো। বিশ্বজিত বৰা মোৰ প্ৰথম পৰিচালক। তেওঁৰ সৈতে দুখন চিনেমা কৰিছিলো। তাৰে এখন বাহাৰুল ইছলামো আছিল। সেই চিনেমাত অসমীয়া ভাষা, সংস্কৃতি, পৰম্পৰা, নিয়ম, নীতিসকলো আছিল। বহু সময় অসমত পাৰ কৰিছিলো।
অসমীয়া ছবি জগতক লৈ অভিনেতাগৰাকীয়ে কয়- মই বাহাৰুল দাক কৈছো মই অসমীয়া চিনেমাৰ বিষয়ে বেছি নাজানো। কিন্তু তেওঁ ক’লে আপোনাৰ আঞ্চলিক চিনেমাৰ বিষয়ে বহু কথাই জানে। বহু আঞ্চলিক চিনেমাত কাম কৰিছে। তাৰ আধাৰতে কিছু কথা ক’ব পাৰে। মই জাহ্নু বৰুৱা ডাঙৰীয়াৰ সৈতে প্ৰথম কাম কৰিছিলো। ছিকিমত আমি সেই ছবিৰ শ্বুটিং কৰিছিলো। কিন্তু প্ৰডিউচাৰগৰাকীৰ মৃত্যু হোৱাত ছবিখনে মুক্তি লাভ নকৰিলে। তেওঁৰ লগত কাম কৰাৰ সময়তহে জানিবলৈ পাৰিলো তেওঁ কিমান চিনেমা কৰিছে, কিমান ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছে। তাৰ পাছত বিশ্বজিত বৰাক লগ পালো।
প্ৰায় এঘন্টীয়া এই আলোচনা সত্ৰখনিত অসমীয়া চিনেমাৰ ভৱিষ্যত, অসমীয়া চিনেমাৰ বাবে কৰিবলগীয়া কিছু কামৰ লগতে কি কি ক্ষেত্ৰত অসমীয়া ছবি উদ্যোগৰ অপাৰ সম্ভাৱনা আছে সেই সকলো দিশক সামৰি লোৱা হয়। ধন উপাৰ্জনৰ লগতে অভিনয় জগতখনে সমাজক গুণগত কিছু কাম উপহাৰ দিয়াৰো পোষকতা কৰে আটাইকেইগৰাকী অতিথিয়ে।