কমনৱেলথ পাৰ্লিয়ামেণ্টেৰী এছ’চিয়েচনৰ অধিবেশনৰ সফল সামৰণি

সোমবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিধায়িনী দলসমূহক সৰ্বাংগীন বৃদ্ধি, স্বচ্ছতা আৰু জনসাধাৰণৰ অংশগ্ৰহণেৰে  জনকেন্দ্ৰিক শাসনৰ আহ্বান জনায়।

author-image
Asomiya Pratidin
New Update
new ap web bekajan

ডিজিটেল সংবাদ,বেকাজান:  সোমবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিধায়িনী দলসমূহক সৰ্বাংগীন বৃদ্ধি, স্বচ্ছতা আৰু জনসাধাৰণৰ অংশগ্ৰহণেৰে জনকেন্দ্ৰিক শাসনৰ আহ্বান জনায়।

ওম বিৰলাই কমনৱেলথ পাৰ্লিয়ামেণ্টেৰী এছ’চিয়েচন (চিপিএ) ভাৰত অঞ্চলৰ ২২ সংখ্যক সন্মিলন, জ’ন তৃতীয় উদ্বোধন কৰি নাগালেণ্ড বিধানসভা সচিবালয়ত নীতি, প্ৰগতি আৰু জনসাধাৰণ- পৰিৱৰ্তনৰ অনুঘটক হিচাপে বিধানসভা শীৰ্ষক ভাষণ প্ৰদান কৰে । 

লোকসভাৰ অধ্যক্ষগৰাকীয়ে অধিৱেশনত ভাষণ দি নাগালেণ্ডক শৌৰ্য্যৰ দেশ, সজীৱ উৎসৱ, বৈচিত্ৰময় কলা আৰু সংস্কৃতিৰ দেশ, চহকী বুলি অভিহিত কৰে। লগতে এই অঞ্চলটো দীৰ্ঘদিন ধৰি সাংস্কৃতিক সমৃদ্ধি, বৈচিত্ৰ্য আৰু গণতান্ত্ৰিক নীতি-নিয়মৰ বাবে পৰিচিত বুলিও কয়।

১৯৯৭ চনত নাগালেণ্ডে প্ৰথমবাৰৰ বাবে তৃতীয় খণ্ড সন্মিলন আয়োজন কৰা বুলি স্মৰণ কৰি তেওঁ উল্লেখ কৰে যে এই বছৰটো ২২ সংখ্যক সন্মিলন আৰু ৰাজ্যখনে আয়োজন কৰা তৃতীয়খন সন্মিলন। তেওঁ তৃতীয় খণ্ডক আটাইতকৈ সক্ৰিয়, নিয়মিতভাৱে সামৰ্থ্য গঢ়ি তোলা, উত্তম পদ্ধতিসমূহৰ ভাগ-বতৰা আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰাৰ বাবে সন্মিলন আহ্বান কৰা অন্যতম বুলি প্ৰশংসা কৰে।

বিৰলাই কয় যে বিধায়িনী দলসমূহে জনমতক নীতিলৈ ৰূপান্তৰিত কৰিব লাগিব, তেওঁলোকৰ দায়িত্ব আইন প্ৰণয়নৰ বাহিৰেও জনসাধাৰণৰ আকাংক্ষাক কাৰ্য্যকৰী শাসনলৈ ৰূপান্তৰ কৰাটো নিশ্চিত কৰালৈকে বিস্তৃত বুলি জোৰ দি কয়।

কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্ক সন্দৰ্ভত বিৰলাই কয় যে, ফলপ্ৰসূ শাসন আৰু সঁহাৰিজনক নীতি নিৰ্ধাৰণৰ বাবে গঠনমূলক আলোচনা অতি প্ৰয়োজনীয়। জলবায়ুৰ স্থিতিস্থাপকতা, সেউজ আন্তঃগাঁথনি আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণক একত্ৰিত কৰি উত্তৰ-পূবৰ বাবে এক ব্যাপক উন্নয়ন পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।

তেওঁ পৰ্যবেক্ষণ কৰে যে উত্তৰ-পূবক ৰাষ্ট্ৰীয় মূলসুঁতিৰ সৈতে একত্ৰিত কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি পথ, ৰে’ল আৰু বিমান সংযোগৰ ক্ষেত্ৰত অঞ্চলটোত দ্ৰুত অগ্ৰগতি দেখা গৈছে। তেওঁ কয় যে স্থানীয় সামগ্ৰী, কলা, সংস্কৃতি আৰু শিল্পকলাৰ প্ৰচাৰে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য আগুৱাই নিব। উল্লেখযোগ্য দুদিনীয়া চিপিএ সন্মিলন আজি সফল সামৰণি পৰে।

বেকাজান