মহানগৰ জিলা সাহিত্য সভাৰ অধিৱেশন স্থগিত

বুধবাৰে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ এখনি জৰুৰী বৰ্ধিত কাৰ্যনিৰ্বাহ সভা অসম সাহিত্য সভাৰ প্ৰশাসনিক কাৰ্যালয়ত জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
10

ডিজিটেল সংবাদ, গুৱাহাটী : বুধবাৰে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ এখনি জৰুৰি বৰ্ধিত কাৰ্যনিৰ্বাহ সভা অসম সাহিত্য সভাৰ প্ৰশাসনিক কাৰ্যালয়ত জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত উপ-সভাপতি জ্যোতিৰ্ময়ী ডেকা, সম্পাদক অৰুণ কুমাৰ মহন্ত, কৰ্ণধাৰ সমিতিৰ সদস্য ক্ৰমে ভূপেন্দ্ৰ চন্দ্ৰ শৰ্মা, হৰেশ্বৰ ডেকা, বিষ্ণু ডেকা,  প্ৰদীপ কুমাৰ বৰা, সহকাৰী সম্পাদক মুকুট দাস, প্ৰচাৰ আহ্বায়ক দীপক শৰ্মা, সাংগঠনিক সম্পাদক অখিল দাস, ধনজিৎ তালুকদাৰ, দিলীপ বড়ো, কাৰ্তিক চন্দ্ৰ নাথ, বিতুমণি গোস্বামী, কৃষ্ণকান্ত তালুকদাৰ, ভোলা গোঁহাই, হেমেন্দ্ৰ পাঠক,  পিংকুমণি কলিতা, শুভাংসু মড়ল, অন্নপ্ৰভা কাকতি, ৰামকৃষ্ণ চক্ৰৱৰ্তী, জনাৰ্দন শৰ্মা, অঞ্জনা দাস, দীপ্তি বৰা, ৰূপেন কুমাৰ চৌধুৰী, নৰেন ৰয়, নৱকান্ত মালাকাৰ প্ৰভৃতিয়ে অংশগ্ৰহণ কৰে।

উপস্থিত আটায়ে সভাৰ প্ৰতিষ্ঠা দিৱস আৰু বিশেষ বাৰ্ষিক অধিবেশনখনি ২৯ আৰু ৩০ জানুৱাৰীত পাঞ্জাবাৰী পঞ্চৰত্ন শতদল শাখা সাহিত্য সভাৰ আমন্ত্ৰণ ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজনৰ প্ৰস্তুতি চলাইছিল যদিও সাময়িকভাৱে প্ৰতিষ্ঠা দিৱসৰ দিনযোৰা কাৰ্যসূচী আৰু অধিৱেশনখনি বাতিল কৰি মাথোঁ ১৫সংখ্যক‌ প্ৰতিষ্ঠা দিৱস ২৯জানুৱাৰীত অনুষ্টুপিয়া কাৰ্যসূচীৰে দীঘলিপুখুৰীপাৰস্থিত অসম সাহিত্য সভাৰ প্ৰশাসনিক কাৰ্যালয়ত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ।‌

আনহাতে, ১৪-১৫ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে মহানগৰ জিলা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিবেশখন পূৰ্বৰ কাৰ্যসূচীৰে অনুষ্ঠিত  কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। এই সভাতেই মুখপত্ৰ "কামৰূপজ্যোতি"ৰ লগতে অন্যান্য কেইবাখনো গ্ৰন্থ উন্মোচনৰ ব্যৱস্থা কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

অসম সাহিত্য সভা