/asomiyapratidin/media/media_files/2025/09/15/ap-web-session-10-2025-09-15-18-35-42.jpg)
ডিজিটেল ডেস্কঃ '৬জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আৰু ইয়াৰ বাস্তৱিকতা' শীৰ্ষক বিষয়ক লৈ সাদিন-প্ৰতিদিন গোষ্ঠীৰ দ্য কনক্লেভ-২০২৫ত এখন অতি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই আলোচনা সত্ৰখনিৰ পৰিচালনা কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই।
এই আলোচনা সত্ৰখনিত ভাগ লয় আটছাৰ সভাপতি ধীৰাজ গোৱালা, চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোঁহাই, , আক্ৰাছুৰ সাধাৰণ সম্পাদক বলোৰাম বৰ্মন আৰু সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈৰ লগতে মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট চিকিৎসক বিকাশ দহোতীয়া।
অনুষ্ঠানটোত ভাগ লৈ আটাইকেইগৰাকী সংগঠনৰ নেতাই পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ লগতে বৰ্তমান বিজেপি চৰকাৰে
জনজাতিকৰণৰ বিষয়টোক কৰা ৰাজনীতিকস কঠোৰ ভাষাৰে গৰিহণা প্ৰদান কৰে। আটছাৰ সভাপকি ধীৰাজ গোৱালাই আক্ষেপেৰে কয় যে, জনজাতিকৰণৰ দাবী তিনিটা দশকৰ দাবী। জনজাতিকৰণৰ বাবে ২০১৬ ত ৰাজ্যসভাত এখন বিল উত্থাপন হৈ গৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছে যিদৰে ছয় জনগোষ্ঠীত ঠগি আহিল সেইদৰেই বিজেপিয়েও আমাক ঠগি আছে।
তেওঁ লগতে কয়,- আমাৰ হাতত এতিয়া আন্দোলনৰ বাহিৰে বিকল্প নাই। নিৰ্বাচনৰ প্ৰাকক্ষণত সেয়ে এতিয়া আন্দোলন আৰম্ভ হৈছে। ছটা জনগোষ্ঠীৰ জনজাতিকৰণে অসমক অনুপ্ৰৱেশকাৰী, বিদেশীৰ সমস্যাৰ পৰা সমগ্ৰিকভাৱে নিয়ন্ত্ৰণত ৰাখিব। চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ পাছত উচ্ছেদিত অসমতে আছে ক'লৈকো যোৱা নাই। এয়া স্থায়ী সমাধান নহয়।জনজাতিকৰণেহে সমস্যাৰ সমাধান কৰিব। অসমৰ ৰাজনৈতিক পৰিবেশ অশান্ত হ’ব বুলিয়েই অসমৰ কোনো এটা ৰাজনৈতিক দলে এই সমস্যা সমাধান কৰা নাই। কিয়নো জনজাতিকৰণ কৰিবলৈ গলে তেওঁলোকে আসন হেৰুৱাৰ সম্ভাৱনা আছে।
আটছাৰ নেতাগৰাকীয়ে কয়- ছটা জনগোষ্ঠীৰ এটা জনগোষ্ঠী টাই আহোম। টাই আহোমৰ প্ৰতিনিধি তৰুণ গগৈ ১৫ বছৰ অসমৰ মুখ্যমন্ত্ৰী আছিল। এতিয়া চৰকাৰে যিবোৰ প্ৰতিবেদনৰ কথা কৈ আছে সেয়া সকলো একো একোখন নাটক। নাটকৰ বাহিৰে এইবোৰ একো নহয়।ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ ৰাজনৈতিক দলৰ সাহসৰ অভাৱ।
ট্ৰাইবেলৰ বিৰোধিতাৰ বাবেই জনজাতিকৰণ নোহোৱাটো সত্য কথা নহয় বুলিও কয় গোৱালাই। তেওঁ কয়- জনজাতিকৰণ সন্দৰ্ভত বিটিআৰৰ নিৰ্বাচন পাৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ ভাষ্য আকৌ সলনি হ'ব। এই প্ৰতিবেদনৰ অধ্যক্ষ ৰণোজ পেগু। ৰণোজ পেগুৱে ট্ৰাইবেলৰ ক্ষতি হোৱাকৈ প্ৰতিবেদন দিবনে? তেনেকৈ প্ৰতিবেদন দিলে তেওঁৰ চকী থাকিবনে? এয়া সকলো নাটক।
আনহাতে আটাছুৰ সভাপতি বসন্ত গগৈয়ে জনজাতিকৰণৰ বিষয়টোত ৰাজনীতি, অৰ্থনীতিৰ লগতে দিল্লীৰ এক শক্তিশালী লবীৰ ইছাৰাত অসম চৰকাৰে কাম কৰি আছে বুলি আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয়- অসমৰ ছটা জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা পাব লাগে সেয়া কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো এজেঞ্চিয়ে পৰীক্ষা কৰাৰ পাছত ৰাজ্যসভাত বিল উত্থাপন হৈছিল। তাৰ পাছতো এয়া আইনত পৰিণত নহ'ল। সম্পূৰ্ণ ৰাজানৈতিক কাৰণত জনজাতিকৰণ হোৱা নাই।
বিজেপিৰ লগতে কংগ্ৰেছতকো কটাক্ষ কৰি বসন্ত গগৈয়ে কয়, বিজেপিয়েও কংগ্ৰেছৰ দৰেই খেল খেলিছে। তেওঁলোকে ২০২৬ ৰ নিৰ্বাচন পাৰ কৰিবলৈ পুনৰ আভুৱা ভাৰিবলৈ আৰম্ভ কৰিছে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বাস্তৱিক, ভৌগলিক, সাংবিধানিক অধিকাৰ। তাৰ পাছতো তেওঁলোকে ৰাজনীতি কৰি আহিছে।
গগৈয়ে কয়- অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰি পেলাইছে। অগপ, কংগ্ৰেছ, বিজেপি সকলোৱেই এই খেল খেলি আছে। বিজেপিয়ে এতিয়া হিন্দুত্বৰ কথা কয়। যদি হিন্দুত্বকে বচাব লাগে তেনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰি হিন্দুত্ব, ভাষা, সংস্কৃতি সুৰক্ষা কৰা নাই? আমাৰ সম্পদ লুণ্ঠনৰ বাবে এইবোৰ হৈ আছে।
তেওঁ লগতে কয়- নাগালেণ্ডে যি পাইছে সেয়া অসমে কিয় পোৱা নাই? চৰকাৰসমূহে কেৱল খিলঞ্জীয়া, থলুৱাৰ বিৰুদ্ধে কাম কৰি আছে। অসমৰ সকলো ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পক্ষত থাকিব লাগে। মুখ্যমন্ত্ৰীয়ে জনজাতিকৰণে অসম ৰক্তাক্ত হ'ব বুলি কৈছে। হয়, তেনেকুৱা পৰিস্থিতি কোনোবাই কৰিব পাৰে। ৰাইজে হিমন্ত মুখ্যমন্ত্ৰীক ৰজা পাতিছে। তুমি সেয়া ৰোধ কৰা। সেয়া তোমাৰ দায়িত্ব।
বসন্ত গগৈয়ে অতি দুখেৰে কয়- জনজাতিকৰণ অসমৰ ছটা জনজাতিক কিয় লাগে? অসম আন্দোলনত ৮৫৫ জনে প্ৰাণ হেৰুৱালে। সশস্ত্ৰ আন্দোলনত ১৫ হাজাৰ অসমীয়াই প্ৰাণ হেৰুৱালে। অসম তেতিয়াহে সুৰক্ষিত হ’ব যেতিয়া ছয় জনগোষ্ঠীৰ জনজাতিৰকৰণ হ’ব। অসমৰ অধিকাৰ যাতে অসমৰ থলিগিৰি খিলঞ্জীয়াৰ হাতত নাথাকে তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। অসমৰ ৰাইজৰ হাতত ৰাজনৈতিক অধিকাৰ থাকিলে অশোক সিংহালৰ দৰে নেতা মন্ত্ৰী হ'ব নোৱাৰে। বদৰুদ্দিন আজমল নেতা হ'ব নোৱাৰে। আদানি, আম্বানিক হাজাৰ হাজাৰ মাটি দিছে। মই ঘৰৰ পিছফালে নাঙল লৈ হাল বাই থকা মাটিখিনি কেতিয়া মোৰ হাতৰ পৰা যাব তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে। এই গোটেই ব্যৱস্থা দিল্লীৰ পৰা নিয়ন্ত্ৰিত হৈ আছে আৰু দিল্লীয়ে তাত সহযোগ কৰিছে।
আলোচনা সত্ৰত ভাগ লৈ আক্ৰাছুৰ সাধাৰণ সম্পাদক বলোৰাম বৰ্মনে কয়- বি টি আৰক আমি সমৰ্থন কৰা নাছিলো। তাৰ পিছতো বি টি আৰ কৰিছিল। আমি তাত সংখ্যাগৰিষ্ঠ আছিলো। তাৰ পাছতো বি টি আৰ কৰিলে। আমাৰ মানুহৰ ওপৰত অত্যাচাৰ চলিল। আমি ৰাজনৈতিক ইছ্যু হিচাপে বন্দী হৈ থাকিব বিচৰা নাই। কোচ ৰাজবংশীৰ অৱস্থা অতি বেয়া। কোচ ৰাজবংশীৰ গাওঁবোৰলৈ গলে দেখিব আমাৰ কি অৱস্থা। জাতি এটাক ধ্বংস কৰি পেলাইছে।
তেওঁ লগতে কয়- সৌ সিদিনা গণতান্ত্ৰিক আন্দোলনত আমাক ৰক্তাক্ত কৰি দিলে। নিজৰ কথা কোৱাৰ বাবে আমাক অপৰাধীৰ দৰে আচৰণ কৰিলে। আমি গুলীবিদ্ধ হ’বলৈয়ো কুণ্ঠাবোধ নকৰো। আমাৰ ঘৰখন কোনোবাই ধ্বংস কৰিলে আমিও আনৰ ঘৰ ধ্বংস কৰি হলেও আমাৰ অধিকাৰ কাঢ়ি আনিবলৈ শেষলৈকে চেষ্টা কৰিম।
বিশ্বজিত ৰায়ৰ বিজেপি গমনক লৈ তেওঁ কয়- বিশ্বজিত ৰায় বিজেপিলৈ গৈছে। আমাৰ কথা হৈছে বিশ্বজিত ৰায় আমাৰ প্ৰধামন্ত্ৰী হলেও আমাৰ আপত্তি নাই। কিন্তু অশোক সিংহল আমাৰ নেতা হ’ব নালাগে। হাঁহ, মাংস খোৱাই আমাৰ মানুহক শেষ কৰিব নালাগে। ছয় জনজাতিকৰণৰ আন্দোলনৰ ক্ষতি কৰিবলৈ আমাৰ নেতাক ৰাজনীতিলৈ লৈ যোৱা হৈছে। বিশ্বজিত ৰায়ৰ বিজেপিত যোগদানে আমাৰ কোনো ক্ষতি কৰিব নোৱাৰে। তেওঁ ইয়াৰ বিৰোধিতা কৰিবলৈ গলে আমাৰ গাঁৱত সোমাবলৈ দিয়া নহব।
বলোৰাম বৰ্মনে লগতে কয়- ভাৰতবৰ্ষৰ ভিতৰত এটাই জনগোষ্ঠী আছে যাক সৰ্বাধিক প্ৰতাৰণা কৰা হৈছে। আমাৰ জনজাতিকৰণৰ আন্দোলন ১০০ বছৰ হৈছে। তিনিখন দেশৰ সৈতে থকা মানুহখিনি কোচ ৰাজবংশী। বাংলাদেশ, ভূটান আৰু নেপালত আমাক ভাগ কৰা হ'ল।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহলে অসম সুৰক্ষিত নহয়। আমি ভাতখালে পাছফালে চাই খাব লাগে। আমাৰ এনেকুৱা এক অৱস্থাৰ সৃষ্টি হৈছে। কোনে, কেতিয়া, কি লৈ যায় তাৰ কোনো নিশ্চয়তা নাই। কংগ্ৰেছ চৰকাৰে বহু সময় পোৱাৰ পাছতো জনজাতিকৰণ নকৰিলে। বিজেপিয়ে তেতিয়া আমাৰ সমৰ্থনত ৰাজপথলৈ আহিছিল। এতিয়া তেওঁলোক ক্ষমতাত আছে তেওঁলোকে জনজাতিকৰণ কৰা নাই। কংগ্ৰেছে আকৌ কৈছে জনজাতিকৰণ হ’ব লাগে। এইদৰেই ৰাজনীতি হৈছে।
মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট চিকিতসক বিকাশ দহোতীয়াই কয় যে, উজনিত যি আন্দোলন হৈ আছে আমাৰ নেতাই ঘৰলৈ গৈ গৈ মাতি অনা নাই। তেওঁলোক নিজেই আহিছে। ৬০/৭০ ৰ অধিক বয়সৰ মানুহ আহি মৰাণ, মটকৰ নিজা ভাষাত এই দাবী কৰিছে। চৰকাৰে ইচ্ছা কৰিলে আমাক জনজাতিকৰণ দিব পাৰে। এই আন্দোলন অসমক বচোৱাৰ আন্দোলন। আমাৰ আন্দোলনত কংগ্ৰেছ, বিজেপি, অজাপ সকলো মানুহ আছে। কিন্তু এই আন্দোলন জাতিৰ কাৰণে কৰা হৈছে।
তেওঁ কয়- ভাৰত চৰকাৰে জনজাতিকৰণৰ বাবে যি বৈশিষ্ট্য নিৰ্ধাৰণ কৰি দিছে সেই সকলোবোৰ আমাৰ হাতত আছিল, আছে। এতিয়াও মৰাণ গাঁৱত মৰাণসকলৰ মাজত সেই সকলো বৈশিষ্ট দেখিব। ২০০৬ চনত আমি যিবোৰ বৈশিষ্ট্য দিছিলো তেতিয়াই আমাক কৈছিল আপোনালোকৰ জনজাতিকৰণ পোৱাৰ যোগ্য। এয়া ৰাজনৈতিক বিষয়।
মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোহাঁয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতা হোৱা ৰাজ্য চৰকাৰে প্ৰতিবেদনৰ নামত ১০ বছৰ অতিক্ৰম কৰিলে। ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰিলে। এজিপি, কংগ্ৰেছ, বিজেপি কাকো আমি বিশ্বাসত ল’ব পৰা নাই। জনজাতিকৰণৰ নামত আমি কিমান ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। ৰাজ্য, কেন্দ্ৰীয় চৰকাৰৰ সৈতে বহু আলোচনা হ’ল। আমাক তেওঁলোকে আমাক লালিপপ দিয়ে। ২০২৬ ৰ নিৰ্বাচনতো আমাক লালিপপ দিবলৈ চেষ্টা কৰিছে।
তেওঁ কয়- অসমীয়া বিৰোধীৰ এই চৰকাৰে অসমীয়াৰ আৱেগ, অনুভূতিক বুজি নাপায়। খিলঞ্জীয়া মানুহৰ ভূমি কাঢ়ি ব্যৱসায়ীক দিছে। ছয় জনগোষ্ঠীক জনজাতিকৰণ দিব লাগিবঅসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে। নতুবা অসমীয়া মানুহ এই অঞ্চলটোৰ পৰা এসময়ত নোহোৱা হ’ব। ইতিমধ্যে আমাৰ ভাষা, সংস্কৃতিত ইয়াৰ প্ৰভাৱ পৰিছেই। মটক আৰু মৰাণ ইতিহাস থকা জনজাতি।
গোহাঁয়ে কয়- আমি জনজাতিকৰণৰ বাবে অগপ, কংগ্ৰেছ আৰু বিজেপি চৰকাৰক গালি দিব লগীয়া হৈছে। আমি অঁকৰা মটক, অঁকৰা মৰাণ। আমাক জনজাতিকৰণ লাগে। কেনেকৈ ক'ৰপৰা আনি দিয়ে সেয়া মুখ্যমন্ত্ৰীয়ে, চৰকাৰে জানে। মঙলগ্ৰহৰ পৰা আনি হলেও আমাক জনজাতিকৰণ দিব লাগিব। আমাক মুঠতে জনজাতিকৰণ লাগিবই। নহ'লে উজনি অসম অশান্ত হ'বই।
ছুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাই চৰকাৰক তীব্ৰ ক্ষোভ উজাৰি কয়- জনগোষ্ঠীয় যিসকল প্ৰতিনিধি বৰ্তমানৰ অসম বিধানসভাত আছে তেওঁলোকৰ আমাৰ প্ৰতি সদিচ্ছা আছে বুলি নাভাবো। কোনো মন্ত্ৰী, বিধায়কে মুখ্যমন্ত্ৰীক জনজাতিকৰণ কৰিব লাগে বুলি ক'ব নোৱাৰে। তেওঁলোকে মুখ্যমন্ত্ৰীলৈ ভয় কৰে। সেয়ে এই প্ৰতিনিধিসকলৰ বিষয়েও আমি জনতাৰ কাষলৈ লৈ যাম।
তেওঁ কয়- ৰাজ্য চৰকাৰে যি প্ৰতিবেদন প্ৰস্তুত কৰিছিল সেই প্ৰতিবেদন এতিয়ালৈকে কেন্দ্ৰলৈ প্ৰেৰণ কৰাই নাই। যেতিয়াই আন্দোলনৰ এক পৰিবেশৰ সৃষ্টি হয় তেতিয়াই মুখ্যমন্ত্ৰীয়ে বিভিন্ন কথা কৈ আন্দোলন সাম কটাবলৈ চেষ্টা কৰে। এইবাৰ নৱেম্বৰত প্ৰেৰণ কৰিম বুলি কৈছে। কিন্তু তেওঁ যে সেই প্ৰতিবেদন প্ৰেৰণ নকৰে সেয়া আমি ভালকৈয়ে জানো। তেওঁলোকে কেৱল নাটক কৰে। এনেকৈ থাকিলে নেপাল, বাংলাদেশত যি পৰিস্থিতি হৈছে সেই পৰিবেশ অসমতো হবলৈ বেছি দিন নাথাকিব।
বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰি তেওঁ কয়- মুখ্যমন্ত্ৰীয়ে আন্দোলন কৰিলে জনজাতিকৰণ নহয় বুলি কৈ আমাক ব্লেক মেইল নকৰিব। উজনিৰ মানুহে আপোনাক মুখ্যমন্ত্ৰী পাতিবলৈ ভোট দিয়া নাছিল। উজনি অসমৰ ৰাইজে বিচাৰিলে আপোনাৰ গাদী যাবলৈ বেছি সময় নালাগিব। জনজাতিকৰণৰ নামত সকলোৱে ৰাজনীতি কৰি আছে। শাসকীয় চৰকাৰে আমাক টুপি নহয়, জাপি পিন্ধাইছে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে অসম এছ টিৰ ৰাজ্য হ’ব। সেয়ে তেওঁলোকে এই কাম কৰিব নিবিচাৰে। তেনে হলেই বহুতে গাদী হেৰুৱাব। বিশ্বৰ বিভিন্ন পৰিবেশ আন্দোলনৰ পৰা অসমৰ চৰকাৰেও শিক্ষা লোৱা ভাল।