জুবিন গাৰ্গ অবিহনে এইবাৰ ৰঙালী বিহুৰ কাৰ্যসূচী বাতিল চেপন বিহু সন্মিলনৰ

প্ৰতি বছৰে ৰঙালী বিহু উদযাপনৰ বাবে অধিৰ আগ্ৰহৰে বাট চায় ৰয় সকলোৱে। কিন্তু এইবৰ্ষৰ ৰঙালী বিহু উদযাপনৰ ক্ষেত্ৰত চেপন বিহু সন্মিলনে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ প্ৰতি বছৰে ৰঙালী বিহু উদযাপনৰ বাবে অধিৰ আগ্ৰহৰে বাট চায় ৰয় সকলোৱে। কিন্তু এইবৰ্ষৰ ৰঙালী বিহু উদযাপনৰ ক্ষেত্ৰত চেপন বিহু সন্মিলনে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এইবৰ্ষৰ ৰঙালী বিহুৰ কাৰ্যসূচী বাতিল কৰিছে। লগতে এইবেলি চেপন ৰঙালী বিহু সন্মিলনে অনুষ্ঠিত নকৰে সাংস্কৃতিক অনুষ্ঠান।

উল্লেখ্য যে, কেৱল পতাকা উত্তোলনেৰেই ধাৰাবাহিকতা পালন কৰা হ’ব চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলৰন। বিহু সন্মিলনখনৰ সৈতে আৰম্ভণিৰ পৰাই জড়িত আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চেপন ৰঙালী বিহু সন্মিলনে।  

দেওবাৰৰে এক বিজ্ঞপ্তিযোগে এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে। উদযাপনৰ সমিতিৰ মুখ্য সম্পাদক পংকজ ফুকন স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তিটোত চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিয়ে উল্লেখ কৰি কয় যে- ঐতিহ্যৰ ছাঁ-পোহৰত জিলিকা নগৰী চেপনৰ কোলাত ১৯৯৩ চনতেই প্রাণ প্রতিষ্ঠা লাভ কৰা চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে এটি গৰিমাময় পথেৰে আগুৱাই ২০২৬বৰ্ষত ত্রয়স্ত্রিংশত্তম বৰ্ষত ভৰি থৈছেহি। এই অনুষ্ঠানটোৰ উত্তৰণৰ প্ৰতিটো খোজৰ অন্যতম কাণ্ডাৰী অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী, অসমীয়া জাতিৰ হৃদস্পন্দন, সকলোৰে আপোন স্বপ্নদ্রষ্টা, অসমীয়া সমাজ আৰু সংস্কৃতিৰ কালজয়ী আৱাজ জুবিন গাৰ্গক অকালতে হেৰুৱাই সমগ্ৰ অসমবাসীৰ লগতে আমি চেপনবাসী তথা চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সকলো বিষয়ববীয়া বজ্রাহত। সন্মিলনখনৰ প্রতি তেখেতে আগবঢ়োৱা অবদানক সম্মান জনাই চলিত বর্ষব চেপন কেন্দ্রীয় ৰঙালী বিহু সন্মিলনখনি কেৱল পতাকা উত্তোলন কার্যসূচীৰে আনুষ্ঠানিক ধাবাবাহিকতা ৰক্ষা কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়।

WhatsApp Image 2026-03-09 at 2.54.31 PM

চেপন