শেনছোৱা মটকগাঁৱত ভাগৱত পাঠ-বাৰ্ষিক নাম কীৰ্ত্তন উৎসৱ

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী শেনছোৱা মটকগাঁও বৰনামঘৰত দেওবাৰৰ পৰা আৰম্ভ হোৱা ভাগৱত পাঠ আৰু বাৰ্ষিক নাম কীৰ্ত্তন উৎসৱৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ দ্বিতীয় বৈকুণ্ঠ ধামলৈ ৰূপান্তৰ হৈ সোমবাৰে সন্ধিয়া সামৰণি পৰে।

author-image
Asomiya Pratidin
New Update
LKASDJFKLSDJFKSJDKFJSDKFJWDSF

ডিজিটেল সংবাদ, বেবেজীয়াঃ  নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী শেনছোৱা মটকগাঁও বৰনামঘৰত দেওবাৰৰ পৰা আৰম্ভ হোৱা ভাগৱত পাঠ আৰু বাৰ্ষিক নাম কীৰ্ত্তন উৎসৱৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ দ্বিতীয় বৈকুণ্ঠ ধামলৈ ৰূপান্তৰ হৈ সোমবাৰে সন্ধিয়া সামৰণি পৰে। উল্লেখ্য যে, ফাগুনৰ দ্বিতীয়টো দেওবাৰে গাঁওখনৰ ৰাইজে পৰম্পৰাগত ভাবে প্ৰতিবছৰে বাৰ্ষিক নাম-কীৰ্ত্তন উৎসৱ উদযাপন কৰি আহিছে। 

পৰম্পৰা ৰক্ষা কৰি এইবাৰো ফাগুনৰ দ্বিতীয় দেওবাৰ অৰ্থাত্ কালিৰে পৰা দুদিনীয়াকৈ উদযাপন কৰে ভাগৱত পাঠ আৰু বাৰ্ষিক নাম কীৰ্ত্তন উৎসৱ। দেওবাৰে পুৱাৰ ভাগত পৰিবেশ নিকাকৰণ, নিত্য-নৈমিত্তিক কাৰ্য সম্পাদন কৰাৰ পিছত সন্ধিয়া নামঘৰ চৌহদত বন্তি প্ৰজ্বলন কৰাৰ পাছত ভকত আদৰণি অনুষ্ঠান অনুষ্ঠিত হয়। 

ইয়াৰ পাছত নিশাটো ভাগৱত পাঠ অনুষ্ঠান অনুস্থিত হয়। আজি পুৱাৰ পৰা বিয়লিলৈকে নাম কীৰ্ত্তন অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত গাঁওখনৰ সকলো ভকত-বৈষ্ণৱ, আইমাতৃ, যুৱক-যুৱতীৰ লগতে স্থানীয় কেবাখনো গাঁৱৰ ভকত - বৈষ্ণৱে অংশগ্ৰহণ কৰে। ভকত-বৈষ্ণৱ, আইমাতৃ আদিৰ উপস্থিতিত গাঁওখনত এক উৎসৱমুখৰ হোৱাৰ লগতে আধ্যাত্মিক পৰিবেশত বিধৌত হৈ পৰে। 

ভকত-বৈষ্ণৱৰ লগতে নতুন প্ৰজন্মক নামক কীৰ্ত্তনৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে পৰম্পৰা ৰক্ষা কৰি  গাঁৱৰ ৰাইজে নাম কীৰ্ত্তন অনুষ্ঠান উদযাপন কৰি আহিছে বুলি নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ৰেবত চন্দ্ৰ দাস আৰু সম্পাদক শশীকান্ত দাসে জানিবলৈ দিয়ে। 

উল্লেখ্য যে, আজিৰ অনুষ্ঠানত শেনছোৱা মটকগাঁও বৰ নামঘৰৰ বিষয়ববীয়াসকল,  মায়াময় সমাজৰ ৰেবত চন্দ্ৰ দাস,  শশীকান্ত দাস, হৰেণ দাস, ভূমিধৰ দাস, হেমকান্ত দাস, ৰবিৰাম দাস, বাবুল দাস, পুনেশ্বৰ দাস, শংকৰ দাস, গোলোক দাস, শ্ৰীমন্ত দাস, মিলন দাস, নিতাই দাস, মৃদুল দাস, শিশুৰাম দাস, ভবেন দাস, পিংকী দাস, বৈজয়নতী দাস, বেনু দাস, মামনী দাস, ফুনু দাস, নিজুমনি দাস, মীনা দাস, দিপ্তী দাস, চয়নিকা দাস, চম্পা দাস, পম্পী দাস, চেনেহী দাস, জোনমণি দাস, ফাগুনি দাস, মইনামতী দাস, বীনা দাসকে ধৰি পাঁচ শতাধিক ভকত-বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে।

নগাঁও